নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ নামেৰে নতুন প্ৰজাতিৰ গছ নামকৰণ বজালীৰ বৰ্ণালী দাসৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষিকা ছাত্ৰী তথা বজালী সন্তান বৰ্ণালী দাসে অসমত এটা নতুন উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰি কিংবদন্তি গায়ক জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা খবৰে বজালীলৈ আনন্দ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

ৰহস্যজনকভাৱে অকাল বিয়োগ ঘটা প্ৰাণৰ শিল্পীগৰাকীৰ সংস্কৃতি আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে বাকসা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ হোৱা মেলাষ্টোমেটাচিয়া পৰিয়ালৰ নতুন প্ৰজাতিৰ ফুলৰ উদ্ভিদজোপাক Osbeckia zubeengargiana নামেৰে নামকৰণ কৰা হয়৷

২.৫–৩.৫ মিটাৰ উচ্চতাৰ বহুবৰ্ষজীৱী গোলাপী ৰঙৰ চতুৰ্ভুজ ফুলৰ গছ জোপাক প্ৰাণৰ শিল্পীগৰাকীৰ নামেৰে নামকৰণ কৰাৰ পিছতে গৱেষক দলটোৰ শলাগ লৈছে বিভিন্নজনে৷

উল্লেখ্য যে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অসমৰ মেলাষ্টোমেটাছিয়া পৰিয়ালৰ ওপৰত ডক্তৰেট গৱেষণা প্ৰকল্পৰ অংশ হিচাপে কৰা ফ্লোৰিষ্টিক অভিযানৰ সময়ত গৱেষক বৰ্ণালী দাসে অধ্যাপিকা নমিতা নাথ আৰু কেৰালাৰ এন এছ এছ কলেজৰ ডাঃ প্ৰশোব পুলপ্ৰাৰ সহযোগত আৱিষ্কাৰ কৰি আন্তঃৰাষ্ট্ৰীয় আলোচনী ফাইট’টেক্সাত এই প্ৰজাতি উদ্ভিদৰ বিষয়ে বৰ্ণনা কৰিছে৷

গৱেষক দলটোৰ মতে, নতুন প্ৰজাতিটো ওছবেকিয়া ৰোষ্ট্ৰাটাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত কিন্তু ইয়াৰ পাতৰ গঠন, ফুলৰ ব্যৱস্থা, হাইপেন্থিয়াম আকৃতি আৰু বীজৰ আকাৰকে ধৰি কেইবাটাও আকৃতিগত বৈশিষ্ট্যত পৃথক। এই উদ্ভিদ ৩.৫ মিটাৰ ওখলৈকে বৃদ্ধি পোৱা এবিধ বহুবৰ্ষী উদ্ভিদ আৰু গোলাপী টেট্ৰামেৰাছ ফুল ধাৰণ কৰে।

বাক্সা জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এই প্ৰজাতিটো সংগ্ৰহ কৰা হৈছিল, য’ত ঘাঁহনি বনাঞ্চলত এটা বৃহৎ জনসংখ্যা গজি থকা দেখা গৈছিল। গবেষকসকলে কয় যে এই উদ্ভিদটোৱে মধ্য-ছেপ্টেম্বৰৰ পৰা জানুৱাৰীলৈকে ফুল আৰু ফল দিয়ে আৰু ই ক্ৰাইছ’পোগন জিজানিয়োইডস, মাইছা ইণ্ডিকা, বোম্বাক্স ছেইবা আৰু ডিলেনিয়া পেণ্টাগিনা আদি প্ৰজাতিৰ সৈতে জড়িত হৈ পোৱা যায়।

এজন গায়ক, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু কবি হিচাপে অসমীয়া সংস্কৃতিলৈ অসামান্য অৱদান আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে তেওঁৰ পোষকতাৰ বাবে জুবিন গাৰ্গক সন্মান জনাই এই প্ৰজাতিটোক ওছবেকিয়া জুবিনগৰ্গিয়ানা নাম দিয়া হৈছে। গবেষকসকলে কয় যে এই আৱিষ্কাৰে অসমৰ উদ্ভিদ বৈচিত্ৰ্যত যোগ দিছে আৰু ওছবেকিয়া গণৰ বৈজ্ঞানিক বুজাবুজিত অৱদান ৰাখিছে, যিটো দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত আৰু ভাৰতৰ পূব হিমালয় আৰু পশ্চিম ঘাটত কেইবাটাও এণ্ডেমিক প্ৰজাতি আছে।

প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ নামত এজোপা উদ্ভিদ নামকৰণৰ কৰাৰ পিছতে বজালী জিলা সদৰ পাঠশালা নিৱাসী তথা কাৰ্বি আংলঙত অসম জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত প্ৰাণজিৎ কুমাৰ দাস আৰু প্ৰতিভা দাসৰ কন্যা বৰ্ণালীয়ে এই বিষয়ে সামাজিক মাধ্যমত উল্লেখ কৰি কয়, “হিয়াৰ আমঠু জুবিনদাক হেৰুওৱাৰ বেদনা আমি কোনেও পাহৰিব নোৱাৰোঁ৷ মোৰ শৈশৱ – যৌৱনৰ প্ৰতিটো দিন তেওঁৰ গানেৰে অতিবাহিত হৈছিল আৰু বৰ্তমানো তেওঁৰ অনুপস্থিতিত তেওঁক তেওঁৰ গানৰেইে সুঁৱৰি আছোঁ৷ এগৰাকী অনুৰাগী হিচাপে মই মোৰ ফালৰ পৰা তেওঁক দিব পৰা আটাইতকৈ ডাঙৰ সন্মানটোৱেই হয়তো এয়া৷

Osbeckia zubeengargiana, এই নতুন উদ্ভিদ প্ৰজাতিবিধ ফুটুকলা গোত্ৰৰ (Melastomataceae) অন্তৰ্গত৷ বিশ্বৰ বিভিন্ন ঠাইত বিস্তৃত এই গোত্ৰৰ উদ্ভিদসমূহৰ ফুলসমূহ দেখিবলৈ খুব ধুনীয়া৷ গছ ভালপোৱা মানুহজনৰ নামত এজোপা নতুনকৈ আৱিষ্কাৰ কৰা উদ্ভিদৰ নাম দিব পৰাটো মোৰ বাবে বৰ বিশেষ৷ জুবিনদাৰ গানবোৰ যিদৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বাজি থাকিব, আশা কৰোঁ এই গছজোপাও জিলিকি ৰ’ব এই নতুন পৰিচয়ৰ সৈতে৷”

স্মৰ্তব্য যে অতি মেধা সম্পন্ন বৰ্ণালীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত বজালী মহাবিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল৷ ইয়াৰোপৰি উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাতো পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ পৰা বিজ্ঞান শাখাত সফলতাৰে উত্তীৰ্ণ হৈছিল৷

নিয়মীয়া বাৰ্তা, পাঠশালা, ১৪ মাৰ্চ

You might also like