নালাগে লগৰী মোক, জীৱন নিৰুপায় মোৰ, যাযাবৰী হৈ ঘুৰিছো আজি। উৱলি যোৱা অস্থায়ী তম্বুৰ তলত আৰু কিমান দিনলৈ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিলৈ। পাঁচ মাহৰ পিছতো নিৰ্মাণ কাৰ্য হৈ নুঠিল জুবিন ক্ষেত্ৰৰ। বাৰিষাৰ প্ৰথমজাক বৰষুণতে অনুৰাগীয়ে আগবঢ়োৱা সামগ্ৰী তিতি নষ্ট। প্ৰানৰ শিল্পীগৰাকী মৃত্যু হোৱা আজি পাঁচ মাহ অতিক্ৰম কৰাৰ পিছতো কিয় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল।
সমাধিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ দুৰৰে কথা চৌহদৰ দেৱালো হৈ নুঠিল। অস্থায়ী তিৰ্পালৰ তলতে থাকিবলগীয়া হৈছে প্ৰানৰ শিল্পীগৰাকী। যাৰ বাবে যোৱানিশা অহা এজাক বৰষুনতে উৱলি যোৱা তিৰ্পালৰ ফাঁকেৰে বৰষুণ পৰি আনুৰাগীয়ে আগবঢ়োৱা সকলো সামগ্ৰী তিতি নষ্ট হয়।
সকলো জুবিন অনুৰাগীয়ে পূৰ্বেই কৈছিল যে জুবিন ক্ষেত্ৰৰ ওচৰতে যিহেতু পাহাৰখন আছে গতিকে বাৰিষাৰ পূৰ্বে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাটো উচিত। কিন্তু সম্পূৰ্ন হোৱাটো দুৰৰে কথা জুবিন ক্ষেত্ৰ চৌহদৰ এটা ফালেও গাৰ্ডদেৱালৰ কাম সম্পূৰ্ণ হৈ নুঠিল। উৱলি যোৱা অস্থায়ী তিৰ্পালৰ তলতে থাকিবলগীয়া হৈছে প্ৰানৰ শিল্পী জুবিন গাৰ্গে।
বাৰিষাৰ পূৰ্বে উৱলি যোৱা তিৰ্পালসমূহ সলনি নকৰিলে। প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত কিয় হেমাহি চৰকাৰৰ।
ইপিনে ৰাইজৰ প্ৰশ্ন দৈনিক অনুৰাগীয়ে শিল্পীগৰাকীলৈ আগবঢ়োৱা ধনসমূহ কত গ’ল। কিয় পৰিচালনা সমিতিয়ে বাৰিষাৰ পূৰ্বে সেই সমূহ তিৰ্পাল সলনি নকৰিলে। কি চৰকাৰ কি জুবিন ক্ষেত্ৰ পৰিচালনা সমিতি সকলোৱে অৱহেলা কৰিছে হিয়াৰ আমঠু জুবিন গাৰ্গক।
কালি বৰষুণ অহাৰ পিছতে গৰিমা শইকীয়া গাৰ্গে জুবিনৰ বাবে সামাজিক মাধ্যমত এটা আবেগিক পোষ্ট দিছিল। আৰু আজি গৰিমাৰ সেই আবেগিক পোষ্ট যেন সঁচাত প্ৰমাণিত হ’ল। এজাক বৰষুণতে জুবিন ক্ষেত্ৰ তথৈবচ হৈ পৰে। দৈনিক হাজাৰ হাজাৰ অনুৰাগীয়ে শিল্পীগৰাকীক শ্ৰদ্ধা জনাই জ্বলোৱা চাকি বন্তি বৰষুণতে সকলো নুমাই যায়।
আৱেগৰ তীৰ্থভূমিলৈ পৰিনত হোৱা সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ এই অৱস্থা দেখি সকলো অনুৰাগীয়ে দুখ প্ৰকাশ কৰিছে। সোণাপুৰ জুবিন ক্ষেত্ৰত কেৱল ৰাজ্যখনৰে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ আহে জুবিন ক্ষেত্ৰলৈ।
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত মৃত্যু হোৱা প্ৰাণৰ শিল্পীগৰাকীয়ে জাতিটোৰ কাৰণে বহুত কৰিলে। কিন্তু আজি আমি শিল্পীগৰাকীক কিয় এনেদৰে অৱহেলা কৰিছোঁ। জুবিন ক্ষেত্ৰৰ অৱস্থা দেখি অনুৰাগীৰ বুকু কপি উঠিছে। অনুৰাগীয়ে বহু টকা আগবঢ়াই দি যোৱাৰ পিছটো কিয় তিৰ্পাল আজিলৈকে সলনি কৰিব পৰা নাই বুলিও প্ৰশ্ন কৰিছে বহু অনুৰাগীয়ে।
তম্বুৰ তলৰ ফাঁকেৰে সৰকি অহা পানীয়ে তিতাই পেলাইছে সকলো সামগ্ৰী। প্ৰাণৰ শিল্পীগৰাকীৰ এনে অৱস্থা কোনেও সহ্য কৰিব পৰা নাই। ৰাইজ ক্ষোভিত হৈছে। তেওঁ জাতি আৰু ৰাজ্যবাসীৰ বাবে বহু কৰি থৈ গ’ল। কিন্তু সেই শিল্পীগৰাকীক আমি সন্মান কৰিব নোৱাৰিলো।
এফালে ন্যায় দাবী আনফালে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ দাবী। সকলো ফালেই যেন বিফল হৈছে। ৰাইজৰ অভিযোগ চৰকাৰে উৰণ সেতু নিৰ্মাণৰ বাবে সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰে সেয়া ভাল কথা। কিন্তু জুবিন ক্ষেত্ৰত কিয় এটা সময়ৰ ভিতৰত কাম আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলে। জাতিৰ গৌৰৱক যেন চৰকাৰে সন্মান কৰিব নোৱাৰিলে।
নিয়মীয়া বাৰ্তা, সোণাপুৰ, ১৪ মাৰ্চ