দীপাংক কুমাৰ নাথৰ ঘোষণা: আছুৰ নেতৃত্বত ৰাজ্যত গঠন হ’ব নতুন ৰাজনৈতিক দল
নিয়মীয়া বাৰ্তা, ৯ জুলাই আছুৰ নেতৃত্বত অচিৰেই গঠন হ’ব এক ৰাজনৈতিক দল৷ আজি এই ৰাজনৈতিক দল গঠনৰ কথা পুনৰ উল্লেখ কৰিলে আছুৰ সভাপতি দীপাংক নাথে৷ উল্লেখ্য যে ‘কা’ আন্দোলনৰ মাজতে নতুন ৰাজনৈতিক দল গঠনৰ ক্ষেত্রত বিশেষভাৱে তৎপৰ হৈ পৰা আছুৰ সভাপতিগৰাকীয়ে এইক্ষেত্রত অসমৰ ৰাইজৰ মতামত গ্রহণ কৰি আগবাঢ়ি যোৱাৰ কথা ঘোষণা কৰিছিল৷ বিধানসভা নির্বাচনলৈ কেৱল ৯ মাহ বাকী থকা অৱস্থাত পুনৰ ৰাজনৈতিক দল গঠনৰ বিষয়টো উত্থাপন কৰি আছুৰ নেতাজনে ক’ৰোনা ভাইৰাছে সৃষ্টি কৰি থকা পৰিৱেশৰ মাজতে ৰাজনৈতিক উত্তাপ বৃদ্ধি কৰিলে৷
গোৱালপাৰা চহৰৰ গাতে লাগি থকা ২নং বদলমাৰীত খহনীয়া অঞ্চল পৰিদর্শন কৰি সাংবাদিকৰ আগত নতুন ৰাজনৈতিক দল গঠনৰ কথা উল্লেখ কৰাৰ লগতে সভাপতি দীপাংক নাথে কয়– আছুৰ নেতৃত্বতে এই নতুন ৰাজনৈতিক দল গঠন হ’ব৷ ইতিমধ্যে প্রাৰম্ভিক কাম–কাজ আৰম্ভ হৈছে৷ নতুনকৈ গঠন হ’ব লগা আঞ্চলিক ৰাজনৈতিক দলটোৰ লক্ষ্য, উদ্দেশ্য তথা ইয়াৰ সৈতে কোন জড়িত হ’ব, সেই দিশবোৰ সন্দর্ভত বিভিন্নজনৰ সৈতে আলোচনা চলাই থকা হৈছে৷ তেওঁ লগতে কয় যে বিজেপিয়ে অসমত অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ চেষ্টা কৰিছে৷ আমি এই ইছ্যুবোৰ লৈ আগবাঢ়িম৷
খহনীয়াৰ প্রসংগ উত্থাপন কৰি আছুৰ সভাপতিজনে কয় যে গোৱালপাৰাক সদায়ে চৰকাৰে মাহীআইৰ দৃষ্টিৰে চাই আহিছে৷ যাৰ বাবে খহনীয়া প্রতিৰোধৰ আজিলৈকে কোনো স্থায়ী সমাধান নহ’ল৷ চৰকাৰে যদি অতি শীঘ্রে খহনীয়া প্রতিৰোধৰ ব্যৱস্থা নকৰে, তেন্তে অনাগত দিনত বহু গাঁও ব্রহ্মপুত্রত বিলীন হ’ব৷ মন কৰিবলগীয়া যে আছুৰ সভাপতিগৰাকীয়ে আজি ক’ভিড–১৯ক লৈও তির্যক মন্তব্য কৰি এয়া নাটক বুলি উল্লেখ কৰে৷