ধুবুৰী পৌৰসভাৰ উপাধ্যক্ষাৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ গৃহীত
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ ধুবুৰী পৌৰসভাৰ উপাধ্যক্ষা আইভি লতা ৰায় মণ্ডল (Vice Chairman)ৰ বিৰূদ্ধে পৌৰসভাটোৰ একাংশ ৱাৰ্ড আয়ুক্তই অনা অনাস্থা প্ৰস্তাব আজি গৃহীত হোৱা বুলি প্ৰকাশ। জানিব পৰা মতে, ধুবুৰীৰ আৱৰ্ত ভৱন প্ৰেক্ষাগৃহত আজি জিলা আয়ুক্ত দিবাকৰ নাথৰ পৌৰহিত্যত পৌৰসভাৰ উপাধ্যক্ষগৰাকীৰ বিৰূদ্ধে অনা অনাস্থা প্ৰস্তাবটোক লৈএক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকখনতেই উপাধ্যক্ষা আইভি লতা ৰায় মণ্ডলৰ অনাস্থা প্ৰস্তাবটো গৃহিত হয়। বৈঠকখনত ধুবুৰী পৌৰসভাৰ মুঠ ১৬ গৰাকীৰ ৱাৰ্ড আয়ুক্তৰ ১১গৰাকীয়েই অনাস্থা প্ৰস্তাবটোৰ সপক্ষে ভোট দিয়াত ৰায় মণ্ডল ধুবুৰী পৌৰসভাৰ উপাধ্যক্ষ পদৰ পৰা অপসাৰিত হোৱাটো নিশ্চিত হৈ পৰে। উল্লেখ্য যে, বিগত ৯ ডিচেম্বৰৰ দিনা ধুবুৰী পৌৰসভাৰ উপাধ্যক্ষা আইভি লতা ৰায় মণ্ডল (Vice Chairman)ৰ বিৰূদ্ধে অনাস্থা প্ৰস্তাব আনি বাবে পৌৰসভাটোৰ ১০গৰাকী ৱাৰ্ড আয়ুক্তই ধুবুৰী জিলা আয়ুক্তক আনুষ্ঠানিক ভাবে এখন পত্ৰ প্ৰদান কৰিছিল। পৌৰসভাখনৰ উপাধ্যক্ষ গৰাকীৰ অপসাৰণ বিচাৰি কৰা সেই আবেদনৰ ভিত্তিত আজিৰ সেই বৈঠকখন অনুষ্ঠিত হৈছিল। উল্লেখ্য যে, বিগত পৌৰসভা নিৰ্বাচনত ধুবুৰী চহৰৰ ১৬টা ৱাৰ্ডৰ ১১টাতে বিজয়ী হৈ নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল বিজেপিয়ে। পিছলৈ গৈ নিৰ্দলীয় ৰূপে বিজয়ী হোৱা দুগৰাকাকৈ ৱাৰ্ড আয়ুক্তই আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰাৰ পিছত ধুবুৰী পৌৰসভাত বিজেপিৰ পৌৰ আয়ুক্তৰ সংখ্যা ১৩টালৈ বৃদ্ধি পাইছিল। বাকী ৩টা ৱাৰ্ডৰ ২টাত অগপই বিজয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছ দলে ১টাত বিজয়ী হৈছিল। বিগত ২০২২ বৰ্ষৰ ৭ এপ্ৰিলৰ দিনা ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ পৰা বিজয়ী হোৱা তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সান্ন্যালক অধ্যক্ষ আৰু চহৰখনৰ ১৫ নং ৱাৰ্ডৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপে বিজয়ী হোৱা আইভি লতা ৰায় মণ্ডলক উপাধ্যক্ষাৰূপে লৈ ধুবুৰী পৌৰসভা গঠিত হৈছিল। বিপৰীতে কংগ্ৰেছ দলে ১টাত বিজয়ী হৈছিল। বিগত ২০২২ বৰ্ষৰ ৭ এপ্ৰিলৰ দিনা ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ পৰা বিজয়ী হোৱা তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সান্ন্যালক অধ্যক্ষ আৰু চহৰখনৰ ১৫ নং ৱাৰ্ডৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপে বিজয়ী হোৱা আইভি লতা ৰায় মণ্ডলক উপাধ্যক্ষাৰূপে লৈ ধুবুৰী পৌৰসভা গঠিত হৈছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী