নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপানীত গা ধুবলৈ গৈ প্ৰাণ গ’ল অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত এএছ আইৰ

🔹 জাতিংগা নৈত উদ্ধাৰ অভিযান এছ ডি আৰ এফ বাহিনীৰ

নিয়মীয়া বাৰ্তা, ৩ জুন : বানপানীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে অসম আৰক্ষীৰ এগৰাকী অৱসৰপ্ৰাপ্ত এএছআইৰ। কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ কালীনগৰত সংঘটিত হৈছে এই ঘটনা। মৃত প্ৰাক্তন এ এছ আইগৰাকীৰ নাম তাৰিণীমোহন দাস (৬৪ )। জানিব পৰা মতে, দেওবাৰে পুৱা প্ৰায় ৯.৩০ বজাত তেওঁ নাওত উঠি বানপানীত গা ধুবলৈ যায়। জাতিংগা নৈত গা ধুই থকা অৱস্থাত হঠাৎ পানীত ডুব যায় তেওঁ। কিছু সময়ৰ পাছত তেওঁৰ জীয়েকে নাওখন আৰু দেউতাকক লক্ষ্য কৰি তেওঁক দেখা নাপাই ককায়েকক খবৰ দিয়ে। ককায়েকে ৰাইজৰ লগত বহু সময় বিচাৰি ফুৰে যদিও তাৰিণীমোহন দাসক উদ্ধাৰ কৰিব নোৱাৰিলে। পৰিয়ালৰ সদস্য আৰু স্থানীয় ৰাইজে বহু সময় ধৰি তেওঁক বিচাৰি নোপোৱাত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে। এছ ডি আৰ এফ বাহিনীয়ে বহু সময় ধৰি তেওঁক উদ্ধাৰৰ চেষ্টা চলায় যদিও মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই। জানিব পৰা মতে, তেওঁৰ পত্নীৰ সৈতে দুগৰাকী কন্যা আৰু দুজন পুত্ৰ আছে । পানীত ডুব গৈ তেওঁৰ মৃত্যু ঘটা ঘটনাত ঘৰখনত কান্দোনৰ ৰোল উঠাৰ লগতে এক শোকৰ পৰিৱেশ সৃষ্টি হয়।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like