নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত শিক্ষকৰ প্ৰহাৰত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ অভিযোগ

🔹 শিক্ষক উত্তম বক্সি মহন্তক আটক : পৰিয়ালৰ এজাহাৰ দাখিল

বিশেষ বাৰ্তা, ২৪ জানুৱাৰী : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ চিৰাজুলিত শিক্ষকৰ প্ৰহাৰত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ অভিযোগ উত্থাপন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত। শিক্ষক উত্তম বক্সি মহন্তৰ প্ৰহাৰত সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ অমন মাহাতোৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে। ঢেকীয়াজুলিৰ চিৰাজুলিৰ নিউ হৰাইজন স্কুলত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি, ১৮ জানুৱাৰীত ঢেকীয়াজুলিৰ চিৰাজুলিৰ নিউ হৰাইজন বিদ্যালয়ৰ শিক্ষক উত্তম বক্সি মহন্তই শ্ৰেণীকোঠাত কাজিয়া কৰি থকা অমনৰ লগতে আন এজন ছাত্ৰক প্ৰহাৰ কৰিছিল । ঘটনা সংঘটিত হোৱাৰ এসপ্তাহ পিছত কালি পুৱা ছাত্ৰজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় পৰিয়ালৰ লোকে । কালি মাজনিশা ছাত্ৰজনে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি লয় ৷ বিদ্যালয়ত পাঠদানৰ সময়ত শিক্ষক উত্তম বক্সি মহন্তই অমন মাহাতো নামৰ ছাত্ৰজনক প্ৰহাৰ কৰাৰ ফলতেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জনায় যে ১৮ জানুৱাৰীত শিক্ষক উত্তম বক্সি মহন্তই ছাত্ৰ অমন মাহাতোক শ্ৰেণীকোঠাত আন এজন ছাত্ৰৰ লগত মাৰপিট কৰি থকাৰ বাবে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল। ঘটনাটো প্ৰথম পিৰিয়ডত হৈছিল যদিও সেইদিনা ছাত্ৰজনে ছুটীলৈকে থাকি সম্পূৰ্ণ ক্লাছ কৰি গৈছিল। ছাত্ৰগৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাত পৰিয়ালৰ লোকে কালি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল অমন মাহাতোক। তাৰ পাছতে কালি ছাত্ৰগৰাকীৰ চিকিৎসাধীন অৱস্থাত চিকিৎসালয়তে মৃত্যু হয় । উক্ত ঘটনাক কেন্দ্ৰকৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষক উত্তম বক্সি মহন্তৰ বিৰুদ্ধে ছাত্ৰজনৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে আটক কৰিছে শিক্ষকগৰাকীক। মন কৰিবলগীয়া যে অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল অমন মাহাতো। আজি ঢেকীয়াজুলিৰ চিৰাজুলিত বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্তৰ দাবী তুলি ঘটনাস্থলীত উপস্থিত হোৱা ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ হাতত এখন স্মাৰক-পত্ৰ অৰ্পণ কৰে। শিক্ষক উত্তম বক্সি মহন্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। পষ্ট মৰ্টেম তথা আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like