নিয়মীয়া বার্তা, ১২ এপ্ৰিল : গাঁৱৰ অনুভূতিৰে এখন বিশেষ মহাবিদ্যালয়। ব্যতিক্ৰমী পদক্ষেপ আৰু ব্যতিক্ৰমী চিন্তাৰ বাবে সদায় চৰ্চাত থাকে এই মহাবিদ্যালয়খন। ছাত্ৰ-ছাত্ৰীক শিপাৰ সৈতে চিনাকী কৰি দিয়াৰ বাবে সদা প্ৰস্তুত এইখন মহাবিদ্যালয়।
গ্রাম্যনুভূতিৰ এখন চিনাকি ছবি যেন প্ৰতিমুহূৰ্ততে বিদ্যমান মহাবিদ্যালয়খনত।ব্যতিক্ৰমী পদক্ষেপ আৰু ব্যতিক্ৰমী চিন্তাৰে সাম্প্ৰতিক সময়ত চৰ্চাত থকা মহাবিদ্যালয়খন হৈছে ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)।আজিও মহাবিদ্যালয়খনত দেখা গ’ল অনুৰূপ পৰিৱেশ।শ্রেণীকোঠাৰ ব্যস্ততা সামৰি শিক্ষাৰ্থীসকলে মহাবিদ্যালয়খনৰ চৌহদত বহুৱালে এখন ব্যতিক্ৰমী বজাৰ।বজাৰখনত ওলাল পিঠা-পনা,জা-জলপান,ঘৰতে উৎপাদিত হোৱা শাক-পাচলিকে ধৰি পৰম্পৰাগত বস্ত্ৰ সম্ভাৰ ।
পঢ়ক দেওবৰীয়া সুকন্যাৰ বিশেষ লেখা দেওবৰীয়া সুকন্যা বিশেষ
উল্লেখ্য যে অসমৰ জাতীয় ঐতিহ্য আৰু থলুৱা সাংস্কৃতিক বৈচিত্ৰ ৰক্ষা, প্ৰচাৰ আৰু প্ৰসাৰৰ মানসেৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ উদ্যোগত আৰু ছাত্ৰ একতা সভাৰ সহযোগত আয়োজন কৰা হয় পৰম্পৰাৰ এটা দিন শীর্ষক অনুষ্ঠান।এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিক্ষাৰ্থীৰ দ্বাৰা পৰিচালিত বাণিজ্য মেলাখন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° যোগানন্দ সূতে।পাঠদানৰ সমন্তৰালভাৱে শিক্ষার্থীসকলক অসমীয়াৰ প্ৰাচীন ঐতিহ্য-পৰম্পৰাৰ সৈতে চিনাকি কৰাই দিয়া আৰু নিজৰ দক্ষতা বিকাশৰ যোগেদি কেনেকৈ স্ব-নিৰ্ভৰশীল হ’ব পাৰি, তাক গুৰুত্ব প্ৰদান কৰি মহাবিদ্যালয় কৰ্তৃপক্ষই অনুষ্ঠিত কৰা বাণিজ্য মেলাখনত শিক্ষার্থীসকলে ঘৰতে উৎপাদিত হোৱা লাও,কচু, বেঙেনা,মাটিমাহ, ৰঙলাও আদি বিভিন্ন শাক-পাচলিৰ লগতে হাতে বোৱা গামোচা, ৰিহা, চাদৰ-মেখেলা, এৰী, চেলেং আদি পৰম্পৰাগত বস্ত্ৰৰ বিক্ৰীৰ ব্যৱস্থা কৰাৰ লগতে বাণিজ্য মেলাৰস্থলীতে পিঠা, লাড়ু তৈয়াৰ কৰি মুকলি বিপণন কৰে।
তদুপৰি একাংশ শিক্ষাৰ্থীয়ে নিজে ৰান্ধি পৰিৱেশন কৰিলে বিভিন্ন প্ৰকাৰৰ জনজাতীয় ব্যঞ্জন।বজাৰখনত অন্য বজাৰতকৈ তুলনামূলকভাৱে কম মূল্যত যোগান ধৰা হয় সামগ্রীসমূহ। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচকে প্ৰমুখ্য কৰি সকলো অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীৰ অংশগ্রহণেৰে অনুষ্ঠিত বজাৰখনত সকলো বিভাগৰে মুঠ ১৫খনকৈ বিপণনৰ দ্বাৰা বিক্ৰীৰ ব্যৱস্থা কৰা বজাৰখনত গ্রাহকে প্রয়োজনীয় সামগ্রী ক্রয় কৰে।মহাদ্যালয়খনৰ এনে প্ৰশংসনীয় কাৰ্যক শলাগ লৈছে অভিভাৱকসকলৰ লগতে সচেতন মহলে।এনেবোৰ অভিজ্ঞতাই ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলক নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাত সহায়ক হ’ব বুলিও উল্লেখ কৰে সচেতন লোকে ।
প্ৰেৰক পুলকজ্যোতি বৰা