ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল : প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো ব’হাগ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব’হাগ বিহু উপলক্ষে শিল্পীসকলে বেদনাভৰা মন লৈ সংগীতানুষ্ঠানসমূহ কৰি আছে। মঞ্চত শিল্পীসকলে অনুষ্ঠানৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি আৱেগিক হৈ পৰাও দেখিবলৈ পোৱা গৈছে।
তাৰ মাজতে পশ্চিমবংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক লৈ এক অভিযোগ উত্থাপন হৈছে। মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীতসমূহ সঠিকভাৱে পৰিৱেশন নকৰি বিকৃতভাৱে উপস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে পশ্চিমবংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ এক বিশেষ অনুৰোধ কৰিছে। মৰ্মিতা মিত্ৰক জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে মঞ্চত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছে।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সামাজিক মাধ্যমত লিখিছে- সকলো শিল্পী-কলাকুশলী যিসকলে জুবিনদাৰ গীতসমূহ এইবাৰ ব’হাগৰ মঞ্চত অতি শ্ৰদ্ধা আৰু মৰমেৰে perform কৰিছে, তেওঁৰ সৃষ্টিৰাজিক সন্মান জনাইছে, সেই সকলোলৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ 🙏, যদিও ধন্যবাদ এটি সৰু শব্দ মাথোঁ।
মৰ্মিতা মিত্ৰলৈ বিশেষ অনুৰোধ জনাইছোঁ যাতে জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে মঞ্চত পৰিৱেশন কৰে, কাৰণ জুবিন গাৰ্গৰ সৃষ্টিৰাজি শুদ্ধভাৱে জনতাৰ মাজত, নতুন প্ৰজন্মৰ মাজত প্ৰচলিত হ’ব লাগিব।
Experimentation on musical compositions and improvisation on existing compositions must be very scientifically done and shall maintain the original flavour of the compositions.My best wishes are with her.