🔹 অগ্নিকাণ্ডত জাহ গ’ল ৭খন ব্যৱসায়িক প্ৰতিষ্ঠান
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : জোনাইত সংঘটিত হ’ল এক বিধ্বংসী অগ্নিকাণ্ড। জানিব পৰা মতে, জোনাই সদৰৰ মাজমজিয়াৰ জোনাই দৈনিক বজাৰত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত সূত্ৰপাত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ৷ এই ভয়ংকৰ অগ্নিকাণ্ডত দুখন গেলামাল, এখন মোবাইল দোকানকে ধৰি প্ৰায় ৭খন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জাহ যায় ৷ ইফালে, জোনাইৰ ৩খন আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ৰুকচিন, পাচিঘাটৰ পৰা ২খন অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নিৰ্বাপণ কৰে যদিও ৭খন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জাহ যায় জুইত ৷ অৱশ্যে কাষতে থকা আন কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰা বুলি জানিব পৰা গৈছে৷ অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও এই অগ্নিকাণ্ডত প্ৰায় কোটি টকাৰো অধিক মূল্যৱান সা-সামগ্ৰী জাহ যায়। এখন ইলেকট্ৰনিক দোকানৰ পৰা শ্বৰ্ট চাৰ্কিটৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত জোনাই আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ দলে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলায় ৷ ইফালে, অৰুণাচলৰ ৰুকচিন অগ্নিনিৰ্বাপক বাহিনী, পাচিঘাট, চিলাপথাৰ আৰু ধেমাজি অগ্নিনিৰ্বাপক বাহিনীৰ মুঠ ছখন অগ্নিনিৰ্বাপক বাহিনী গাড়ীয়ে একেলগে উপস্থিত হৈ দুঘন্টাৰ অন্তত কোনোমতে জুই নুমুৱাবলৈ সক্ষম হয়।
প্ৰেৰক কৰবী দলে