নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : ৰূপহীহাটৰ শিঙিমাৰীত আজি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নগাঁও-নলতলী ৰাজ্যিক ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। নগাঁৱৰ পৰা আমবাগান অভিমুখে গৈ থকা অৱস্থাত এখন তীব্ৰবেগী কিয়া চাৰিচকীয়া বাহনে মহটিয়াই লৈ যায় দুই চাইকেল আৰোহীক। উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় শিঙিমাৰীৰ দুই চাইকেল আৰোহী। দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ এএছ-০২ এজি-৭২৩৪ ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা চাইকেল আৰোহী দুজনক স্থানীয় ৰাইজৰ তৎপৰতাত শিঙিমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ইফালে, দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে চাৰিচকীয়া বাহনখনৰ চালকজন। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম 

You might also like