নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰত মুঠ ১১টা আদৰ্শ ভোটকেন্দ্ৰত ভোটগ্ৰহণ

বিশেষ বাৰ্তা, ১৯ এপ্ৰিল : শোণিতপুৰ জিলাত ৰাজ্যখনৰ ভিতৰতে সৰহসংখ্যক অৰ্থাৎ ১৫০টা মহিলা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে বুলি জনায় শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণে । ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে ৷ ঢেকীয়াজুলিৰ তিনিটা ভোটকেন্দ্ৰ ক্ৰমে ২৪৬, ২৪৭, ২৪৮ নং ভোটকেন্দ্ৰ আদৰ্শ ভোটকেন্দ্ৰ হিচাপে নিৰ্মাণ কৰা হৈছে । ২২৮নং ন চহৰ মধ্য ইং বিদ্যালয়ত বিশেষকৈ দিব্যাংগসকলৰ বাবে আদৰ্শ ভোটকেন্দ্ৰ হিচাপে নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । উক্ত ভোটকেন্দ্ৰটোত শিশু, গৰ্ভৱতী, প্ৰসূতিসকলৰ শাৰীৰিক-বৌদ্ধিক-মানসিক বিকাশৰ বাবে সেউজীয়া শাক-পাচলিৰ লগতে মিলেটযুক্ত, ভিটামিনযুক্ত খাদ্য কিদৰে সেৱন কৰি পৰিপুষ্টি বৃদ্ধি কৰিব পাৰি, সেইসমূহ প্ৰদৰ্শন কৰা হয় ৷ শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণে আদৰ্শ ভোটকেন্দ্ৰত উপস্থিত হৈ শোণিতপুৰ জিলাত মুঠ ১১টা আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে বুলি জনায় ৷ ঢেকীয়াজুলিৰ নেতাজী বিদ্যা মন্দিৰ বিদ্যালয়খনো আদৰ্শ ভোটকেন্দ্ৰ হিচাপে নিৰ্মাণ কৰি তোলা হৈছে । ঢেকীয়াজুলিৰ তিনিটা আদৰ্শ ভোটকেন্দ্ৰৰ আটাইকেইগৰাকী পোলিং, প্ৰিজাইদিং বিষয়া মহিলা । দুটা মূল বিষয় লৈ আদৰ্শ ভোটকেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে ৷ প্ৰথম বিষয়টো হ’ল পুনঃ নৱীকৰণ শক্তি আৰু দ্বিতীয় বিষয়টো হ’ল বৰষুণৰ পানী সংৰক্ষণ ৷ উক্ত ভোটকেন্দ্ৰত ৰাষ্ট্ৰীয় পৰ্যায়লৈ যোৱা কেইবাটাও প্ৰকল্প ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰে । তদুপৰি টেলিস্কোপ কৰ্ণাৰ, পানীৰ বাজেট অৰ্থাৎ ঢেকীয়াজুলিত বসবাস কৰা লোকসকলে এদিনত কিমান পানী ব্যৱহাৰ কৰে ইয়াৰ বছৰি সংখ্যা কিমান হ’ব, উক্ত বিষয়ক প্ৰদৰ্শন কৰা হয় বুলি জনায় নেতাজী বিদ্যা মন্দিৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহুৱা দাস, জিলাখনৰ দুগৰাকী জ্যেষ্ঠ বিজ্ঞান বিষয়ক সমল ব্যক্তি গণেশ শৰ্মা আৰু ৰাজা সৰকাৰে ।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like