নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোপতিৰ ভাতনাপাইতী চৰত ভয়ানক অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল : বৰপেটা জিলাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং ভাতনাপাইতী চৰত নচিব আলী নামৰ এজন লোকৰ ঘৰত বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড | শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি জানিব পৰা গৈছে | অগ্নিকাণ্ডত তিনিটাকৈ টিনপাতৰ ঘৰ ভস্মীভূত হয়। পৰিয়ালটোৰ ছাগলী-ভেড়া, হাঁহ-কুকুৰা, ধান-চাউলৰ লগতে কাপোৰ-কানি আৰু বিভিন্ন বয়বস্তু জুইত ছাৰখাৰ হয় | একেদৰে পৰিয়ালৰ বহু দৰকাৰী নথি-পত্ৰৰ লগতে সোণ-ৰূপৰ অলংকাৰ আৰু নগদ ত্ৰিশ হাজাৰ টকা জুয়ে পোৰা বুলিও জানিব পৰা গৈছে | স্থানীয় ৰাইজৰ সহযোগত কোনোমতে নিৰ্বাপণ কৰা হয় দাউদাউকৈ জ্বলি উঠা জুইকুৰা | এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ প্ৰায় সাত-আঠ লাখ টকাৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like