সৰ্থেবাৰীত মুকলি পথাৰত বিধৱাৰ সন্তান প্ৰসৱ
🎯প্ৰখৰ ৰ’দত নৱজাতকৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : সৰ্থেবাৰীত সংঘটিত এক ৰহস্যজনক তথা মানৱতাবিহীন ঘটনাই জোকাৰি গল সমগ্ৰ অঞ্চল। মুকলি পথাৰৰ মাজতে অকলশৰে সন্তান জন্ম দিলে এগৰাকী মহিলাই। মুকলি আকাশৰ তলত প্ৰখৰ ৰদতে সন্তান প্ৰসৱ কৰি অচেতন হৈ পৰি থাকিল প্ৰসূতিগৰাকী। সৰ্থেবাৰীৰ বতিয়া আৰু খৰিয়া গাঁৱৰ মাজত থকা পথাৰত সংঘটিত হল এই ঘটনা। এগৰাকী বিধৱা মহিলাই ৰহস্যজনকভাৱে পথাৰৰ মাজত জন্ম দিলে এটি সন্তান। প্ৰসৱ বেদনাত চটফটাই অকলে পথাৰৰ মাজত সন্তান জন্ম দি প্ৰখৰ ৰ’দতে ভৰ দুপৰীয়ালৈ পৰি থাকিল মহিলাগৰাকী। পথাৰলৈ গৰু বিচাৰি যোৱা এগৰাকী লোকে অচেতন হৈ পৰি থকা প্ৰসূতিগৰাকীক প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰে। প্ৰখৰ ৰদত ইতিমধ্যেই মৃত্যু হয় নৱজাতকৰ। এই শোকাবহ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্থেবাৰীত। জানিব পৰা মতে মহিলাগৰাকীৰ ঘৰ কাৱৈমাৰীৰ ৭নং ব্লকত৷ প্ৰসূতিগৰাকীৰ স্বামী তিনি বছৰ পূৰ্বেই ঢুকাইছে। বিধৱা মহিলাগৰাকীয়ে পথাৰৰ মাজত অকলে সন্তান প্ৰসৱ কৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। প্ৰখৰ ৰদত নৱজাতকৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ। এক অবৈধ সম্পৰ্কৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হৱলৈ পালে বুলিও স্থানীয় লোকে সন্দেল ব্যক্ত কৰে। মহিলাগৰাকী নিজেই আহি পথাৰৰ মাজ পালে নে কোনোবাই অভিসন্ধি কৰি মহিলাগৰাকীক পথাৰলৈ আনি এইদৰে সন্তান প্ৰসৱ কৰোৱালে সেয়া এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে। স্থানীয় লোকৰ খবৰৰ ভিত্তিত গাঁওপ্ৰধানে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে ঘটনাস্থলীত সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোৱঁৰে উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি সৰ্থেবাৰী ৩০খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰে। মহিলাগৰাকীৰ কাষত পৰি আছিল এটি মোবাইল ফোন। আৰক্ষীয়ে ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে। এই সমগ্ৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ঘটনা সম্পৰ্কত উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।
প্ৰেৰক নকুল তালুকদাৰ