নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিঙিমাৰীৰ কলহী নৈত উদ্ধাৰ যুৱ সাংবাদিকৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত ছয়গাঁও সমষ্টিৰ জামবাৰীৰ কলহী নৈত উদ্ধাৰ হয় শনিবাৰৰ পৰা সন্ধানহীন হৈ থকা সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ মৃতদেহ। নিৰুদ্দিষ্ট সাংবাদিকজনক হত্যা কৰি নৈত পেলাই দিয়াৰ সন্দেহ ৷ উল্লেখ্য যে শনিবাৰে সন্ধিয়া জামবাৰীৰ পৰা সন্ধানহীন হৈ আছিল সাংবাদিকগৰাকী। ৰহস্যজনকভাৱে কলহী নৈত উদ্ধাৰ হোৱা আব্দুল ৰৌফ আলমগীৰৰ ঘৰ গৰৈমাৰী হাটীপাৰাত বুলি জানিব পৰা গৈছে ৷ আব্দুল ৰৌফে জামবাৰী চকত PNBৰ গ্ৰাহক সেৱা কেন্দ্ৰ চলোৱাৰ লগতে সাংবাদিকতাও কৰিছিল এটা  পৰ্টেলত নিউজত ৷ ইফালে, শনিবাৰে নিশাৰ পৰাই বকো আৰক্ষী আৰু জামবাৰী আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়ো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল। জানিব পৰা মতে; বকোৰ জামবাৰীত প্ৰায় দুই বছৰ ধৰি পঞ্জাব নেচনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ এটা চলাই আছিল ৷ ইফালে, স্থানীয় লোকে জনোৱা মতে, শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত এখন অচিনাকি মাৰুতি বাহনত দুজন লোকে আহি আব্দুল ৰৌফক গাড়ীত উঠাই লৈ যোৱাৰ সন্দেহ কৰিছিল ৷ আনহাতে, পৰিয়ালৰ লোকে দাবী কৰে যে আততায়ীয়ে অপহৰণ কৰি হত্যা কৰি নৈত পেলায় দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like