নগৰবেৰাত নাবালিকা ছাত্ৰী পলুৱাই নি ৰঙাঘৰৰ আলহী যুৱক
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ শেহতীয়াকৈ এগৰাকী হিন্দু সম্প্ৰদায়ৰ নাবালিকাক এগৰাকী ইছলামধৰ্মী যুৱকে বলপূৰ্বক ৰাস্তাৰ পৰা পলুৱাই নিয়া কাণ্ড পোহৰলৈ আহিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে নগৰবেৰা আৰক্ষীত দাখিল কৰা এজাহাৰৰ ভিত্তিত। জানিব পৰা স্থানীয় ব্যক্তিগত শিক্ষানুষ্ঠান এখনৰ ছাত্ৰীগৰাকীক বিগত ২৭ অক্টোবৰৰ আবেলি পৰত ৰাস্তাত ফুৰিবলৈ যাওঁতেই ৰাস্তাৰ পৰাই পলুৱাই লৈ যায় চাকিল খান নামৰ যুৱকজনে। পৰৱৰ্তী সময়ত নাবালিকাগৰাকীৰ মাতৃয়ে নগৰবেৰা আৰক্ষীত ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱা বুলি দাখিল কৰা এজাহাৰৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে অনুসন্ধান চলায় আৰু ছাত্ৰী গৰাকী উদ্ধাৰৰ লগতে ঘটনাৰ নায়ক যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ উপৰি যুৱকজনক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। প্ৰেমজনিত কাৰণতেই এই কাণ্ড সংঘটিত হ’ব পাৰে বুলি আৰক্ষীৰ অনুমান।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস