নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চুক্তি ৰূপায়ণক লৈ আছু চৰকাৰৰ প্রতিনিধিৰে গঠন হ’ব ৮জনীয়া সমিতি

কইনাধৰাত মুখ্যমন্ত্রী পর্যায়ৰ বৈঠকত গুৰুত্বপূর্ণ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ সুদীর্ঘ ১৬ বছৰৰ বিৰতিত অসম চুক্তি ৰূপায়ণক লৈ মঙলবাৰে অনুষ্ঠিত হ’ল মুখ্যমন্ত্রী পর্যায়ৰ বৈঠক৷ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত সদৌ অসম ছাত্র সন্থা (আছু)ৰ প্রতিনিধিৰ সৈতে কেইবাগৰাকীও মন্ত্রীৰ উপস্থিতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে হোৱা প্রায় চাৰি ঘণ্টাজোৰা বৈঠকত চুক্তি ৰূপায়ণক লৈ কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সেই অনুসৰি অসম চুক্তি ৰূপায়ণৰ বাবে আছুৰ ৫জন প্রতিনিধি আৰু ৰাজ্য চৰকাৰৰ প্রতিনিধি হিচাপে তিনিগৰাকী মন্ত্রীৰে মুঠ ৮জনীয়া এখন সমিতি গঠন কৰা হ’ব৷ এই কমিটীয়ে তিনি মাহৰ ভিতৰত প্রতিবেদন দাখিল কৰিব৷ প্রতিবেদনৰ ভিত্তিতে চুক্তি ৰূপায়ণক লৈ ভৱিষ্যতৰ কর্মপন্থা নির্ধাৰণ কৰা হ’ব৷ বৈঠকৰ অন্তত এই কথা সদৰী কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই৷ এই প্রসংগত তেওঁ কয় যে চুক্তি ৰূপায়ণৰ কেইবাটাও বিষয় আজিৰ বৈঠকত আলোচনা কৰা হৈছে৷ অসম চুক্তি নির্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ হ’ব লাগিব৷

বিদেশী নাগৰিকৰ বহিষ্কৰণ, ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ, ৬নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ, ভাৰত–বাংলাদেশ সীমান্ত ছীল, আন্তঃৰাষ্ট্রীয় সীমা সুৰক্ষিত হ’ব লাগিব৷ অসম আন্দোলনত নির্যাতিত ব্যক্তি আৰু শ্বহীদসকলৰ পৰিয়ালৰ সংস্থাপনৰ বাবে বিশেষ পেকেজৰ দাবী আছুৱে উত্থাপন কৰি আহিছে৷ আজি এই সমগ্র বিষয় আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘আলোচনাৰ অন্তত সিদ্ধান্ত গ্রহণ কৰা হ’ল যে ৬নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ প্রদান, ৭নং দফা অনুসৰি অর্থনৈতিক ৰক্ষাকৱচ প্রদান, ৯নং দফা অনুসৰি ভাৰত–বাংলাদেশ সীমান্ত ছীল কৰা, বান–খহনীয়াৰ স্থায়ী সমাধান কৰা আৰু ১০নং দফা অনুসৰি জনজাতীয় বেল্ট আৰু ব্লকৰ ভূমি তথা চৰকাৰী মাটিৰ সংৰক্ষণকে ধৰি ৰাজ্যৰ সামগ্রিক অর্থনৈতিক বিকাশৰ বাবে আছুৰ ৫জন প্রতিনিধি আৰু অসম চৰকাৰৰ তিনিজন মন্ত্রীৰে এখন কমিটী গঠন কৰা হ’ব৷ কমিটীয়ে এই সমগ্র বিষয়সমূহ আলোচনা কৰি তিনি মাহৰ ভিতৰত ৰূপৰেখা অংকন কৰিব৷ ইয়াৰ ভিত্তিত ভৱিষ্যতৰ কর্মপন্থা নির্ধাৰণ হ’ব৷ আমি এই বিষয়টোক লৈ এটা স্থায়ী সমাধান বিচাৰিছোঁ৷ অসম চুক্তিৰ ৰূপায়ণৰ স্থায়ী সমাধান হ’ব লাগে৷ ছাত্র সন্থাৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে আমাক ফলাফল লাগে৷’

ইপিনে, পূর্বে আন্দোলন কৰাৰ পিছতহে আলোচনাৰ বাতাৱৰণ সৃষ্টি হৈছিল বুলি উল্লেখ কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে ১৬ বছৰৰ পিছত আজি পুনৰ মুখ্যমন্ত্রী স্তৰত আলোচনা হৈছে৷ এইবাৰৰ আলোচনা এই কাৰণেই পৃথক যে পূর্বে আন্দোলন কৰাৰ পিছত আলোচনালৈ মাতে৷ কিন্তু এইবাৰ আন্দোলন নকৰাকৈয়ে মুখ্যমন্ত্রীয়ে অসম চুক্তি ৰূপায়ণৰ বাবে ছাত্র সন্থাক আলোচনালৈ আমন্ত্রণ জনাইছে৷ ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা জ্ঞাপন কৰে সদৌ অসম ছাত্র সন্থাই৷ আনহাতে অসম চুক্তিৰ উপৰি আন কেইবাটাও গুৰুত্বপূর্ণ বিষয় আছুৰ প্রতিনিধিসকলে আজিৰ বৈঠকখনত উপস্থাপন কৰে৷ ড০ সমুজ্জ্বল ভট্টাচার্যই প্রকাশ কৰা অনুসৰি বৃহৎ নদীবান্ধ সন্দর্ভত ছাত্র সংগঠনটোৰ দৃষ্টিভংগী আজিৰ বৈঠকত উল্লেখ কৰা হৈছে৷ এই প্রসংগত তেওঁ কয়– ‘বৃহৎ নদীবান্ধ প্রকল্প বন্ধ হ’ব লাগে৷ তদুপৰি অৰুণাচল প্রদেশৰ প্রস্তাৱিত প্রকল্পসমূহৰ অসমত পৰিব পৰা সামূহিক প্রভাৱ অধ্যয়ন কৰিব লাগে৷ বিজ্ঞানসন্মত অনুমতি নোলোৱাকৈ যিসমূহ বান্ধ নির্মাণ কৰা হৈছে, তাৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগে৷’

একে সময়তে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ বাবে ৭টা বিশেষ প্রস্তাৱ আজি ছাত্র সন্থাৰ ফালৰ পৰা ৰাজ্য চৰকাৰক প্রদান কৰে৷ এই প্রসংগত আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়– ‘কাইলৈ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন৷ আমি সুধাকণ্ঠৰ স্মৃতি সুৰক্ষাৰ বাবে মুঠ ৭টা প্রস্তাৱ দিছোঁ৷ নতুন দিল্লীত সুধাকণ্ঠৰ নামত এটা আন্তঃৰাষ্ট্রীয় সাংস্কৃতিক প্রকল্প নির্মাণ কৰিব লাগে৷ তদুপৰি শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্রমত সুধাকণ্ঠৰ সৃষ্টিৰাজি অন্তর্ভুক্ত কৰিব লাগে৷ গুৱাহাটী ৰে’ল ষ্টেচনৰ টার্মিনাছ সুধাকণ্ঠৰ নামত প্রদান কৰিব লাগে৷ টাইম কেপছুলৰ জৰিয়তে সুধাকণ্ঠৰ সৃষ্টিৰাজি সংৰক্ষিত কৰাৰ লগতে গৱেষণা প্রতিষ্ঠান স্থাপন কৰা আৰু তেজপুৰ–গুৱাহাটী– বিশ্ববিদ্যালয়কে ধৰি আন বিশ্ববিদ্যালয়সমূহ সুধাকণ্ঠৰ নামত আসন স্থাপন কৰিবলৈ দাবী উত্থাপন কৰিছোঁ৷ সেইদৰে সুধাকণ্ঠৰ সমাধিস্থল আহল–বহলকৈ আৰু আকর্ষণীয়কৈ নির্মাণ কৰিব লাগে৷ মুখ্যমন্ত্রীয়েও আমাৰ প্রস্তাৱসমূহত একমত প্রকাশ কৰিছে৷ বিশ্ববিদ্যালয়ত আসন প্রতিষ্ঠা, পাঠ্যক্রমত সুধাকণ্ঠৰ সৃষ্টিৰাজি অন্তর্ভুক্তি, সমাধিস্থল আহল–বহলকৈ নির্মাণ কৰাৰ ক্ষেত্রত শীঘ্রে ব্যৱস্থা গ্রহণৰ আশ্বাস প্রদান কৰিছে মুখ্যমন্ত্রীয়ে৷ আন বিষয়সমূহ ৰূপায়ণৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলি প্রকাশ কৰিছে৷’

আনহাতে অসম চুক্তিৰ প্রত্যেকটো দফা ৰূপায়ণ হ’ব লাগে বুলি উল্লেখ কৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বিষয়টো বৈঠকত উপস্থাপন কৰা হৈছে বুলি ড০ ভট্টাচার্যই মত পোষণ কৰে৷ ইফালে, আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে চুক্তি ৰূপায়ণৰ বাবে নতুনকৈ গঠন কৰিবলগীয়া কমিটীখনে ৰূপৰেখা প্রস্তুত কৰিব৷ প্রয়োজনসাপেক্ষে অসম চুক্তি ৰূপায়ণৰ ন’ডেল বিভাগ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সৈতে আলোচনা কৰিব কমিটীখনে৷ ইফালে, আজিৰ বৈঠকখন অত্যন্ত সৌহার্দ্যপূর্ণ আছিল বুলি প্রকাশ কৰিছে অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাই৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে আজি কোনো বিতর্কিত বিষয়ক লৈ আলোচনা হোৱা নাই৷ অসম চুক্তিৰ দফাসমূহ ভৱিষ্যতে কিদৰে ৰূপায়ণ কৰিব পৰা যায়, তাৰ বাবে কমিটী গঠন কৰি দিয়া হৈছে৷ এইটো এটা শুভ আৰম্ভণি৷ অসমক সর্বাংগীণ বিকাশৰ পথত আগবঢ়াই নিয়াৰ বাবে কিদৰে ঐক্যবদ্ধভাৱে কাম কৰিব পৰা যায়, সেই সন্দর্ভত আজি আলোচনা কৰা হৈছে৷

আনহাতে বৈঠক সন্দর্ভত অসম চৰকাৰৰ আন এগৰাকী মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰিব পাৰি৷ সকলোৰে লক্ষ্য আৰু উদ্দেশ্য এটাই৷ সেয়া হৈছে অসমক উন্নতিৰ পথত আগুৱাই লৈ যাব লাগে৷ অসম চুক্তি অথবা বিভিন্ন সমস্যাৰ কথা সময়ে সময়ে আছুৱে কৈ আহিছে৷ যিসমূহ কথাত চৰকাৰৰো একমত আছে৷ যেনে– বান–খহনীয়া সমস্যাৰ সমাধান, সীমা সমস্যাৰ সমাধান, ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ ইত্যাদি৷ এই কামসমূহ যাতে একেলগে কৰিব পৰা যায়, তাৰ বাবে আজি সৌহার্দ্যপূর্ণ আলোচনা অনুষ্ঠিত হৈছে৷ বিশেষকৈ যিসমূহ বিষয়ৰ ক্ষেত্রত দুয়োপক্ষৰ কোনোধৰণৰ বিবাদ নাই, সেই বিষয়সমূহ ত্বৰান্বিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ আজিৰ বৈঠকত মুখ্যমন্ত্রীৰ উপৰি কৃষিমন্ত্রী আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রী অতুল বৰা, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, ৰাজহ মন্ত্রী যোগেন মহন, পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাস, পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীকে ধৰি উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷ সেইদৰে সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি, সাধাৰণ সম্পাদক, উপদেষ্টাকে ধৰি মুঠ ৪১জন প্রতিনিধিয়ে  এই বৈঠকত অংশগ্রহণ কৰে৷ বৈঠকৰ আৰম্ভণিতে শ্বহীদ স্মাৰক উদ্যান ৰূপায়ণ, যোগীঘোপাত মাল্টি মডেল লজিষ্টিক পার্ক, অসম আন্দোলনৰ তথ্যকোষ প্রণয়নৰ অগ্রগতি, ভাৰত–বাংলাদেশ আন্তঃৰাষ্ট্রীয় সীমান্তৰ সুৰক্ষা ইত্যাদি বিষয় সামৰি সুকীয়া সুকীয়া প্রেজেণ্টেচন আগবঢ়োৱা হয়৷ নিজৰ বক্তব্যত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্য চৰকাৰৰ আলোচনাৰ প্রতি ইতিবাচক সঁহাৰি জনাই আছুৱে আজিৰ বৈঠকত অংশ লোৱাৰ বাবে নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰে৷

You might also like