নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ ভূপেন হাজৰিকাৰ দুখৰ কাহিনী

২০১১ চনৰ ৫ নৱেম্বৰৰ দিনটো অসমবাসীৰ বাবে গভীৰ দুখৰ দিন৷ অনেক বিশেষণীয় বিশেষণেৰে বিভূষিত অপ্রতিদ্বন্দ্বী শিল্পী ড০ ভূপেন হাজৰিকাৰ মহাপ্রয়াণৰ দিন৷ মৃত্যুৰ পিছত মানুহ অধিক ডজলি ডঠে৷ মানুহজন চিৰদিনৰ বাবে হেৰাই যোৱাৰ পিছত এটা এটাকৈ পুনৰ জিলিকি ডঠিছে তেওঁৰ লেখি শেষ কৰিব নোৱৰা অলেখ গুণ আৰু গৰিমা৷ ভূপেন হাজৰিকা কিমান ডাঙৰ আজিও আমি নির্ণয় কৰিব পৰা নাই৷ এজন সৃষ্টিশীল লেখক বা এজন অদ্বিতীয় গীতিকাৰ ৰূপে খ্যাতিমান ভূপেন হাজৰিকাৰ যাদুকৰী কণ্ঠই পৰিপূর্ণ সাত দশককাল সংগীতপ্রেমী, সুৰপ্রেমী, অগণন দর্শক–শ্রোতাক মোহাৱিষ্ট কৰি ৰাখিছিল৷ সমাজৰ সর্বস্তৰৰ লোকক, বিভিন্ন জাতি, ধর্ম, ভাষা, গোষ্ঠী, বর্ণ, সম্প্রদায়ৰ আবাল–বৃদ্ধ–বনিতাক চুম্বকৰ দৰে আকর্ষণ কৰিছিল তেওঁৰ সন্মোহনীব্যক্তিত্ব, কথনভংগী আৰু একক–নন্য গায়নশৈলীয়ে৷ ৫ নৱেম্বৰৰ বিয়লি ৪ বাজি ৩৭ মিনিটত দৰদী শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰা বুলি আনুষ্ঠানিক ঘোষণা কৰাৰ লগে লগে লাখ লাখ গুণমুগ্ধৰ হিয়া বিদাৰি গ’ল৷ অসমকে ধৰি বিশ্বৰ প্রান্তে প্রান্তে থকা ভূপেন–ভক্তৰ অজানিতে ওলাই আহিল দুধাৰি তপত চকুলো৷ অবাঞ্ছিত অথচ অৱধাৰিত মৃত্যু সংবাদে সকলোকে শোক সাগৰত পেলাই থৈ গ’ল৷ অসাধাৰণ প্রতিভাধৰ মৰমৰ শিল্পী ভূপেন হাজৰিকাৰ মৃত্যুত অশ্রু বন্যাৰ সৃষ্টি হ’ল৷ অসমকে ধৰি সমগ্র ডত্তৰ–পূর্বাঞ্চল আৰু বিশ্বৰ শিল্প জগতত শেষ শ্রদ্ধা জনাবলৈ পাঁচ দিন সময়ো যেন কম হ’ল৷ দশকৰ পিছত দশকজুৰি শ্রোতা জনতাৰ ওঁঠত হাঁহি বিৰিঙাই মেলানি মগা ভূপেন হাজৰিকাই জীৱনকালত নীৰৱে–নিৰলে কিমান কান্দিবলগীয়া হৈছিল– সেই কথা বহুতে জানে, হয়তো অনেকে নাজানে৷
ভূপেন হাজৰিকাৰ কিমান যে স্বপ্ণ আছিল কিন্তু দাৰিদ্র্যপীডিত সংসাৰখনত পিতৃ নীলকান্ত হাজৰিকাই ডৱাদিহ পোৱা নাছিল৷ এই বিষয়ে খোলাকৈয়ে ভূপেন হাজৰিকাই কৈছে এইবুলি– ‘তাৰ মাজতে বিশ বছৰ বয়সতে মই চিন্তা কৰিছোঁ৷ মোৰ দেডতাই পেন্সন পালে– ১৪৫ টকা৷ ভাই–ভনী দহোটা৷ মই কি কৰিমগৈ– ভাৰতীয় সংগীত, বিশ্ব দর্শন, স্বাধীনতাৰ সপোন– এইবিলাকৰ মাজত জীৱিকা নির্বাহৰ পথ কি হ’ব?… মই ভাবিছিলোঁ– পলিটিকেল ছায়েন্সত এম এ পাছ কৰিম, সাংবাদিক হ’ম, লিখিম৷ আৰু ‘ল’টো পাছ কৰি ল’ম৷ সেই কাৰণেই মই হার্ডিং ইডনিভার্ছিটীত নাম লিখিলোঁ৷ আর্ল ল কলেজতো নাম লিখিছিলোঁ৷ আৰু কলিকতাতো কলেজত পঢ়িছিলোঁ৷ ডকীল হ’ম৷ চাকৰি নকৰোঁ৷ গানো গাই থাকিম৷ সাংবাদিকতাও কৰিম৷… কেতিয়াও ভবা নাছিলোঁ– গানেই গাই থাকিম বুলি৷… কুৰিটা বছৰ মোৰ কেইবাটাও ফালৰ পৰা ঐতিহাসিক৷ ঘৰত তেতিয়া বৰ বিপদ৷ ১৯৪৬ চনত পাঁচ টকা দহ সেৰ চাডলৰ৷ তেতিয়া গোপীনাথ বৰদলৈ মিনিষ্টাৰ নহয়, তেওঁ দুখীয়া মানুহ তেতিয়া৷ বাঘৰ নিচিনা খং৷ এজনেই পলিটিচিয়ান ওলাইছে– আমাৰ অসমত এতিয়ালৈকে, সেই মানুহজনে আৰু দেডতাই খাবলৈ নাপায়, দেডতাই তিনি সেৰ চাডল কিনি গোপী বৰদলৈকো দি থৈ আহে৷’
ভূপেন হাজৰিকাৰ ঘৰৰ পৰা প্রস্তাৱ– চাকৰি এটা কৰিব লাগে৷ হাজৰিকাৰো প্রতিজ্ঞা আছিল– ‘ভাৰতবর্ষ স্বাধীন নোহোৱালৈকে চাকৰি নকৰোঁ৷’ নকৰিলেই৷ ১৯৪৭ চনত তাৰাচাঁদ ত্রিপাঠী প্রিন্সিপাল হৈ থকা বি বৰুৱা কলেজত ভূপেন হাজৰিকা শিক্ষকতাৰ কামত সোমাল৷ সৰহ দিন নাথাকিল– এৰি দিলে৷
১৯৪৮ চনৰ ১ জুলাইত আকাশবাণী গুৱাহাটী কেন্দ্র স্থাপন হ’ল৷ ডবেইদুল লতিফ বৰুৱা কেন্দ্র সঞ্চালক ঃ ষ্টেচন ডাইৰেক্টৰ৷ ভূপেন হাজৰিকাই প্র’গ্রাম এছিছটেণ্ট পদত যোগদান কৰিলে৷ শ্বিলঙতো শাখা খোলা হৈছিল৷ তেওঁৰ কার্যকালতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ অনেক নতুন প্রতিভা ডলিয়াই আনিলে৷ ভূপেন হাজৰিকাই গণসংযোগৰ বিষয়ৰ Mass Communication) বৃত্তি পাই আমেৰিকালৈ পঢ়িবলৈ যাবলৈ প্রস্তুত হ’ল৷ তাত পুনৰ এম এ পঢ়ি তাৰ পিছতহে গৱেষণা কৰিব পাৰিব৷ তেওঁ ৰেডি’ৰ চাকৰি এৰিব লগা হ’ল৷ ইমান দীঘলীয়া ছুটী নিদিয়ে৷ ভূপেন হাজৰিকাই ক’লে– ‘যি লিখে লিখক, মোক মুক্ত কৰি দিয়ক ইয়াৰ পৰা৷’ আনহাতে, হাজৰিকাৰ ডাঙৰ পৰিয়ালটোত খৰচেই খৰচ– অভাৱেই অভাৱ৷ তেওঁ লিখিছে– ‘তেতিয়া গুৱাহাটীৰ ৰেডি’ৰ চাকৰিটোৱেই একমাত্র সম্বল৷ প্রচণ্ড অভাৱ৷ ৰেডি’ৰ পইচাৰে নচলে৷ ডাঙৰ ল’ৰা বুলি মাই মোক অলপ বেছিকৈ খাবলৈ দিয়ে৷ কিন্তু মই পূৰামাত্রাই খাব পৰা নাছিলোঁ– ভাই–ভনীবোৰৰ কথা ভাবি৷ আমি কোনোদিনে এটাকৈ কণী খাবলৈ পোৱা নাছিলোঁ৷ ইলেক্ট্রিচিটী কাটি দিছিল৷ ঘৰত কেৰাচিনৰ চাকি জ্বলে৷ মা–দেডতাই ক’লে– তই গুচি যা, ডভতি আহি কি কৰ কৰিবি৷’
ভূপেন হাজৰিকাই আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়লৈ ‘মাছ কমিডনিকেচন’ৰ ডচ্চ শিক্ষা লাভ কৰিবলৈ অসম এৰিলে৷ ইংৰাজীৰ জ্ঞান পৰীক্ষাৰ ৰিফ্রেছাৰ কোর্ছৰ পৰীক্ষা দি প্রথম হোৱা ভূপেন হাজৰিকাইStudents Employment Bureauত দুপইচা (চাৰি ডলাৰ) আর্জি পঢ়া খৰচ ডলিয়াই ল’লে৷ তেওঁ জীৱনৰ দ্বিতীয়টো এম এ পৰীক্ষাত ষ্টাৰসহ প্রথম শ্রেণী পালে৷ তাকো সুদূৰ আমেৰিকাৰ মাটিত৷ প্রতিভাৰ মৰণ নাই৷ আমেৰিকাৰেইIndian Students Associationৰ মুখপত্র’New India’ৰ সম্পাদক হ’ল৷ সাধাৰণ সম্পাদকো হ’ল৷ লাহে লাহে ভূপেন হাজৰিকাই মাহেকত এশ ডলাৰকৈ আর্জিবলৈ সক্ষম হ’ল৷
১৯৫০ চনৰ ২৬ জানুৱাৰীত নিডয়র্কৰ ইণ্ডিয়ান এম্বেছীত অনুষ্ঠিত আন্তর্জাতিক সাংসৃকতিক সন্মিলনত যোগদান কৰি ভূপেন হাজৰিকাই ‘এ জয় ৰঘুৰ নন্দন’ গীতটো গাই দর্শক–শ্রোতাক মন্ত্রমুগ্ধ কৰি পেলাইছিল৷ সেই অনুষ্ঠানত সহায় কৰা চর্দাৰ বল্লভ ভাই পেটেলৰ পৰিয়ালৰ গুজৰাটী ছোৱালী প্রিয়ম্বদা পেটেলৰ সৈতে ভূপেন হাজৰিকাৰ ঘনিষ্ঠতা হ’ল৷ ‘ইণ্টাৰনেচনেল ৰিলেচনছ’ৰ এম এ পাছ নাচনীয়াৰ প্রিয়ম্বদাই ভূপেন হাজৰিকাক ভাল পাই পেলালে৷ প্রেম ইমান গভীৰ হ’ল যে ১৯৫০ চনৰ ১ আগষ্টত নিডয়র্ক চহৰত দুয়ো বিবাহপাশত আবদ্ধ হ’ল৷ ভূপেন হাজৰিকাই পল ৰ’বছনৰ জেফৰন সুকল অৱ ছ’চিয়েল ছায়েন্সত যোগদান কৰিলে৷ নিডয়র্কত চিত্র প্রদর্শনীত যোগদান কৰিও সফলতা লাভ কৰিলে৷ ভাৰতীয় লোকসংগীতৰ বাবে এলিনা ৰুজভেল্টৰ পৰা সোণৰ পদক লাভ কৰিলে হাজৰিকাই৷ বিদেশত থকা কালছোৱাৰ ভিতৰতে ১৯৫১ চনৰ ১৭ জানুৱাৰীত জ্যোতিপ্রসাদৰ মৃত্যুৱে দহিলে ভূপেন হাজৰিকাৰ শিল্পী মনটোক৷ ১৯৫২ চনত’Role of Mass Communication in India’s Adult Education’ বিষয়ত ডক্টৰেট ডিগ্রী লৈ তেওঁ স্বদেশলৈ প্রত্যাৱর্তন কৰিলে৷ ইয়াৰ পিছতো এটা দুষ্ট চক্রই ভূপেন হাজৰিকাৰ চৰিত্র হননত নামিল৷ ৰাজহুৱাভাৱে অপবাদ জাপি দি অপমান কৰিলে৷ ভূপেন হাজৰিকাৰ ডিগ্রী আৰু পি এইচ ডি ডিগ্রীটোও হেনো মিছা৷ এই সম্পর্কে ভূপেন হাজৰিকাই অতি দুখ আৰু ক্ষোভেৰে প্রকাশ কৰিছে এনেদৰে– ‘কেশৱ মহন্তহঁতে মোক ৰাতি ৰাতি পহৰা দিবলগীয়া হ’ল, কোনোবাই ৰিভল্ভাৰেৰে মাৰে বুলি৷ এবাৰ মোক এজনে সঁচাকৈয়ে ৰিভল্ভাৰ দেখুৱাইছিল৷… সেইদিনা ধুমুহাৰ বতৰ৷ খাৰঘুলিৰ পাহাৰৰ ওপৰত আমাৰ ঘৰটো৷ ৰঙা মাটিৰ ৰাস্তা, পিছল হৈছে৷ মই ওপৰলৈ ডঠি গৈছেছা৷ এনেতে ওপৰৰ পৰা জীপ এখন আহি মোৰ কাষতে ৰ’লহি৷ মানুহ এজনে ৰিভল্ভাৰ এটা দেখুৱাই মোক ক’লে– ‘তোমাক মাৰি পেলোৱা হ’ব৷’ মানুহজনৰ চেহেৰাটো ভালকৈ নেদেখিলোঁ৷ সুধিলোঁ– ‘কিহৰ কাৰণে?’ ডত্তৰত ক’লে– ‘তুমি মোক বাধা দিছা৷’ ‘মই বুজি পালোঁ, ক’লোঁ– মোক আজি মাৰি পেলাব পাৰ কিন্তু কাইলৈ তহঁতৰ পৰিয়ালৰ মাংস টুকুৰা টুকুৰ হ’ব৷’ তাৰ পিছতDemocratic Reviewত ওলাল যে’It seems he is not a doctorate. He does not carry the degree’৷ এদিন মই শ্বিলঙলৈ যাওঁতেDemocratic Reviewৰ হিৰণ্য সান্যাল নে ভট্টাচার্যই মোৰ ভৰিত ধৰি সেৱা কৰি ক’লেহি– ‘মানুহে কোৱাতহে ছপাইছিলোঁ৷ ডজান বজাৰৰ খুব ডাঙৰ ডাঙৰ মানুহৰ লগত আহি মোক এজনে বাতৰিটো দিছিল৷ গতিকেহে মই ছপালোঁ৷’ পিছত ইয়াৰ শুধৰণিও দিছিল৷… ইফালে, আনন্দ বজাৰৰ নাতিশ চক্রৱত্য়ে মোৰ চার্টিফিকেটবোৰ ফটোষ্টেট কৰিHindustan Standardত ডলিয়াই দিলে৷’
অগ্ণিপৰীক্ষাত ভূপেন হাজৰিকা জয়ী হৈ সোণৰ দৰে জিলিকি ডঠিল৷ ইয়াৰ পিছতে ১৯৫৩ চনত চীনৰ পটভূমিত ‘প্রতিধ্বনি শুনো’ গীতটো ৰচনা কৰি ৰাজহুৱাভাৱে পৰিৱেশন কৰি তেওঁ আলোডনৰ সৃষ্টি কৰিলে৷ ইয়াৰে পৰা ভূপেন হাজৰিকাৰ জীৱনৰ নতুন পৰিক্রমা আৰম্ভ হ’ল৷ হেমাংগ বিশ্বাসৰ লগত গুৱাহাটীৰ নবীন বৰদলৈ হলত জ্যোতিপ্রসাদৰ মৃত্যু দিৱস ১৭ জানুৱাৰীটো শিল্পী দিৱস ৰূপে ডদ্যাপন কৰিলে– প্রথমে তেৱেঁই৷ শিল্পীৰ প্রতি প্রকৃত শিষ্যৰ গুৰুভক্তিৰ চানেকি৷ ১৯৫৪ চনত কলিকতাৰ এয়েলিটন স্কোৱাৰত গণনাট্যৰ প্রথম প্রাদেশিক সন্মিলনত সংগীত পৰিৱেশন কৰি ৰসজ্ঞ সহস্র শ্রোতাৰ হূদয় জিনিবলৈ সক্ষম হোৱা ভূপেন হাজৰিকাই গণনাট্যৰ সর্বভাৰতীয় পাটনা, মাদ্রাজ (চেন্নাই), মুম্বাই সন্মিলনত মঘাই ওজাৰ ঢ়োলবাদনৰ ডপৰি স্বকীয় ভংগীৰে গীত পৰিৱেশন কৰি এটা সর্বভাৰতীয়– আন্তর্জাতিক চেতনা জাগ্রত কৰিবলৈ সক্ষম হ’ল৷ ১৯৫৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰিলে শিক্ষক ৰূপে৷ দিল্লীত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয়ৰ্ যুৱ মহোৎসৱত হাজৰিকাৰ নেতৃত্বত যোগদান কৰি গুৱাহাটী বিশ্ববিদ্যালয় শ্রেষ্ঠ হ’ল৷ ইয়াৰ মাজতে তেওঁ পিয়লি ফুকন কথাছবিৰ সংগীত পৰিচালনা কৰিলে৷ ৰসজ্ঞসকলৰ হেঁচাত ফেব্রুৱাৰীত তেওঁ ৰচিত গীতৰ প্রথম কিতাপ ‘জিলিকাব লুইতৰে পাৰ’ প্রকাশ পালে৷ এয়াই ভূপেন হাজৰিকাৰ কলম আৰু কণ্ঠৰ মূর্ত ৰূপ৷ ইয়ালৈকে ঠিকেই আছিল৷ কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত সুকলমে দুবছৰ অধ্যাপনা কৰি এটা বিশেষ পৰিস্থিতিত ১৯৫৭ চনত চাকৰি ইস্তফা দিলে৷ ঘটনাটো আছিল এনেকুৱা– সর্বভাৰতৰ পৰা বছা বছা এটা শিল্পীৰ দল ফিনলেণ্ডলৈ গৈছিল৷ ভূপেন হাজৰিকাও সেই দলৰ সদস্য৷ ফিনলেণ্ডৰ পৰা ডভতি আহেহাতে তিনি দিন পলম হ’ল৷ ডভতি আহি দেখে যে বিশ্ববিদ্যালয় কর্তৃপক্ষই ভূপেন হাজৰিকাৰ তিনি দিনৰ দৰমহা কর্তন কৰিছে৷ বৰ আক্ষেপেৰে ভূপেন হাজৰিকাই কৈছে– ‘মোৰ একো দোষ নাছিল৷ মাত্র হাতত পইচা নথকাত মোৰ গুৱাহাটী পাওঁতে তিনি দিন পলম হ’ল৷ কাৰণ, মই প্লেনেৰে আহিব নোৱাৰিলোঁ৷ ফিনলেণ্ডৰ পৰা চার্টার্ড প্লেনত পঠিয়াইছে৷ ফিনলেণ্ডৰ পৰা লেনিনগ্রাড–মস্কো–ক পাবহি লাগে৷ পলম হোৱাৰ মৌখিক ব্যাখ্যা মই দিয়াৰ পিছতো মোৰ তিনি দিনৰ দৰমহা কাটিছিল৷ মই বৰ অপমানিত বোধ কৰিলোঁ৷ ভি ভি ৰাও আৰু সাৰংগপাণিয়ে ক’লে– ‘এইটো বৰ অবিচাৰ হ’ল৷’ আন কোনেও প্রতিবাদ নকৰিলে৷ সূর্যকুমাৰ ভূঞা আৰু হলিৰাম ডেকাইহে সুধিলে৷ মই চাকৰি এৰিবলৈ সিদ্ধান্ত ল’লোঁৱেই৷ আন কিবা কৰি খাম৷ মই জীৱিকাৰ নিৰাপত্তা বিচৰা হ’লে আমেৰিকাত থাকিলোঁহেঁতেন৷ মই ৰাষ্ট্রসংঘত ভাল চাকৰি পাইছিলোঁ৷’ হলিৰাম ডেকাই সাহস দি কৈছিল– তুমি ওলাই যোৱা, অসমৰ মানুহে বুজিব৷ আকৌ যেতিয়া মাতে তেতিয়া আহিবা Whole world is a world৷ ভূপেন হাজৰিকাই ফণী শর্মাক মনোকষ্টৰ কথা বিৱৰি ক’লে৷ ফণী শর্মাই ক’লে– ঠিক আছে, ‘ধুমুহা’ কথাছবি কৰিম৷ তুমি সংগীত পৰিচালকৰ দায়িত্বত থাকিবা৷ তোমাক প্রাপ্য মাননি দিয়া হ’ব৷ এয়া এশ টকা আগধন লোৱা৷ ভূপেন হাজৰিকাই পাঁচশ টকা বন্দৱস্তত চুক্তিত স্বাক্ষৰ কৰিলে৷ তেওঁ কৈছে– দলিল এখন বলীনদাই লৈয়েই অহিছিল৷ চহী কৰিলোঁ৷ বিশ্ববিদ্যালয়ত পদত্যাগ–পত্রখন দিলোঁ৷ মই এতিয়া মুক্ত৷’ বিশ্ববিদ্যালয়ৰ অধ্যাপনা এৰি এটা অনিশ্চয়তাৰ দিশে ভূপেন হাজৰিকাৰ জীৱন ৰথ চলিল৷
অধ্যাপক, শিল্পী ভূপেন হাজৰিকাজন অকল শিল্পী ভূপেন হাজৰিকালৈ গতি কৰিলে৷ তেওঁ কলিকতালৈ গুচি গ’ল৷ কলিকতাত তেওঁৰ ডত্তৰণ ঘটিল কঠোৰ সংগ্রাম আৰু অভাৱৰ তাডনাৰ মাজেৰে৷ তেওঁক বাংলা শিল্প জগতখনে আদৰি ল’লে৷ আৰম্ভ হ’ল তেওঁৰ জয়যাত্রা৷ অসমাপ্ত, কডিও কমল, জীৱন তৃষা আদি কথাছবিৰ সংগীত পৰিচালনা কৰিবলৈ আমন্ত্রণ পালে৷ তেওঁ লিখিছে– …মই ব্রডৱে হোটেলত আছেছা৷ মোক চাৰিখন ছবিৰ কনড্রেক্ট দিলে৷ কিন্তু কিমান ল’ব লাগে মই নাজানো৷ মই তেতিয়া গান লিখিবলৈ আৰম্ভই কৰা নাই৷ অথচ চাৰিখন বাংলা কথাছবিৰ সংগীত পৰিচালক হ’ব লাগে৷ মইতো ভবাই নাছিলোঁ যে কেতিয়াবা এনে হ’ব৷ ইয়াৰ মাজতে মুম্বাইত অনুষ্ঠিতInternational Theatre Conferenceত যোগদান কৰি ভূপেন হাজৰিকাই বলীডডৰ মাটিত দৃঢ় খোজ পেলালে৷ জুহু বীচ্চৰ মাছমৰীয়াসকলৰ দ্বাৰা সম্বর্ধিত হ’ল৷ অসমত বিতাডিত শামুক মুম্বাইত মুকুতা হ’লগৈ৷
১৯৫৭ চনৰ পৰা ১৯৬৪ চনলৈ কলিকতাত ভূপেন হাজৰিকাৰ এহাতে ডত্থান আৰু শীর্ষ স্থানত সন্মান লাভ, আনহাতে তুমুল সংগ্রাম, সংঘাত আৰু গভীৰ অন্তর্দ্বন্দ্ব–ভিঘাত চলি থাকিল৷ ১৯৫৮ চনত ‘মাহুত বন্বুূৰে’ কথাছবি নির্মাণ, লতা মংগেশকাৰৰ দ্বাৰা বিখ্যাত ‘জোনাকৰে ৰাতি অসমীৰে মাটি’ গীতত কণ্ঠদান কৰোৱা, ‘জোনাকীৰ আলো’ বাংলা ছবিৰ সংগীত পৰিচালনা, অসমীয়া ছবি ‘কেঁচা সোণ’, ‘পুৱতি নিশাৰ সপোন’, ‘দুই বেচাৰা’ৰ সংগীত পৰিচালনা আদিকে ধৰি সংগীতৰ আন ভালেমান কামত ভূপেন হাজৰিকা নিমজ্জিত হৈ থাকিল৷ ১৯৬০ চনত অসমত হোৱা ভাষা আন্দোলনত হেমাংগ বিশ্বাসৰ সৈতে অসমত ভূপেন হাজৰিকাৰ নেতৃত্বত সাংসৃকতিক অভিযান চলিল৷ হাৰাধন–ৰংমনৰ গীত ৰচনা কৰিলে৷ ভূপেন হাজৰিকাৰ সেই কালজয়ী বিশ্ববিখ্যাত ‘মানুহে মানুহৰ বাবে’ গীতটো অসমৰ ভাষা আন্দোলনৰ পটভূমিতেই ৰচনা কৰা৷ ১৯৬১ চনত শকুন্তলা কথাছবি নির্মাণ৷ ১৯৬২ চনত চীনৰ ভাৰত আক্রমণৰ সময়ত ভূপেন হাজৰিকাই অত্যন্ত ব্যথিত হৈ যুদ্ধবিধ্বস্ত নেফা (অৰুণাচল)ৰ কামেং সীমান্ত ভ্রমণ কৰি ভাৰত ৰাষ্ট্রৰ মর্যাদা ৰক্ষা কৰিবলৈ ৰচনা কৰিলে পাঁচটি অতি সংবেদনশীল গীত৷ বেদনাহত ভূপেন হাজৰিকাই ডদাত্ত কণ্ঠে গালে– কত জোৱানৰ মৃত্যু হ’ল, বুকু হম হম কৰে মোৰ আই, ৰণক্লান্ত নহওঁ আদি গীত৷ গীতকেইটা প্রথমে গাইছিল কটন কলেজৰ ইডনিয়ন হলত ১৯৬২ চনৰ ৬ ডিচেম্বৰত৷ তেওঁৰ ‘সংগ্রাম লগ্ণে আজি’ নামৰ সৰু গ্রন্থপুথিখনত সেই গীতকেইটা সন্নিৱিষ্ট হৈছিল৷ ১৯৬৩ চনত ‘মণিৰাম দেৱান’ কথাছবিৰ সংগীত পৰিচালনা কৰিলে৷ ডক্ত গীতসমূহৰ মাজৰ পৰা দুটামান গীত কথাছবিখনত ব্যৱহাৰ কৰিলে৷ অসম সাহিত্য সভাৰ ত্রিংশ অধিৱেশনৰ সাংস্কৃতিক সন্মিলনৰ সভাপতি হ’ল৷ ১৯৬৩ চনত নাজিৰাত অনুষ্ঠিত হৈছিল সেই অধিৱেশন৷ কিন্তু অতি দুখৰ বিষয়, সেই ১৯৬৩ চনটোৱেই ভূপেন হাজৰিকাৰ জীৱনৰ আটাইতকৈ সংঘাতময় কাল৷ তেওঁৰ সাংসাৰিক জীৱনৰ যতি পৰিল৷ প্রিয়মৰ লগত বিবাহ বিচ্ছেদ হ’ল৷ ৰেডি’ৰ চাকৰি এৰি, বিশ্ববিদ্যালয়ৰ শিক্ষকতা এৰি জেদী ভূপেন হাজৰিকাই আপোচ নকৰাকৈ কলিকতালৈ গৈ আত্মপ্রতিষ্ঠাৰ সংগ্রাম কৰা কালতো একান্ত পতিব্রতা নাৰী ৰূপে প্রিয়মে ভূপেন হাজৰিকাৰ লগত ছাঁটোৰ দৰে লাগি আছিল৷ অভাৱৰ সংসাৰখন চম্ভালিব নোৱাৰি প্রিয়ম আৰু একমাত্র পুত্র তেজক বৰোদালৈ পঠিয়াই দিছিল৷ সহনশীলা প্রিয়মে কৈছিল–Bhupen, let this period go. You take it easy. You find it out. যোগ্যতা থকা সত্ত্বেও প্রিয়মক চাকৰি কৰিবলৈ দিয়া নাছিল হাজৰিকাই৷ ভূপেন হাজৰিকাই অভাৱৰ সংসাৰখনৰ বর্ণনা দিছে এনেকৈ– ‘…ইফালে মোৰ দাম্পত্য জীৱন কি হ’ল? প্রিয়ম এদিন আহে, সাত দিন থাকে, বেচেৰী আকৌ গুচি যায়৷ কাৰণ, তেতিয়া মোৰ হাতত ভাত খাবলৈকে পইচা নাই৷ গানৰ পইচা মই তেতিয়াও লোৱা নাই৷ ড০ ভূপেন হাজৰিকাক কলিকতা বিশ্ববিদ্যালয়ে মাতে,– যাওঁ– বত্তৃণতা দিওঁ, গান গাওঁ, সন্মান দিয়ে, গুচি আহো৷ পইচা নলওঁ৷ কাৰণ, আত্মসন্মানৰ প্রশ্ণ আছেতো৷ কাৰণ, মই গান বেচা আৰম্ভ কৰা নাই৷ গতিকে মোৰ জীৱিকা নির্বাহৰ পথ কি থাকিল? এখন ছবি কৰিলে চাৰি হাজাৰ টকা দিয়ে৷ বছৰেকত এখন ছবি হয়৷ গতিকে বছৰেকত চাৰি হাজাৰ টকাৰে মই কেনেকৈ চলিম? তাকো শেষত গৈ এহেজাৰমান নিদিয়ে৷ গতিকে মই মাহৰ পিছত মাহ ঘৰভাৰা দিব নোৱাৰোঁ৷ ঘৰৰ মালিকনীয়ে আহি কয়– থাকা বাৰু৷ পেৰিছৰ নতুন লহৰৰ শিল্পীসকলে কিমান কষ্ট কৰে, মইতো সিমান কষ্ট কৰা নাই৷ কলিকতাত বহুতো ধনী অসমীয়া মানুহ আছে৷ মই এদিনো কাৰো ঘৰলৈ যোৱা নাই৷ মোৰ অহংকাৰ আছে বুলি সকলোৱে কয়৷ বিনা পইচাত বিহু সন্মিলনলৈ গান গাবলৈ মাতে, তালৈ যদি মই নাযাওঁ বুলি কওঁ, তেওঁলোকৰ খং ডঠে৷ বেংগলে মোক কয়– আপোনাকেতো বুঝলইনা, আমৰা যা বুঝি, আপনাৰ মাতৃভূমিতো বুঝলই না৷’ অসমৰ ভাষা আন্দোলনত বংগত– বিশেষকৈ কলিকতাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ ‘ভূপেন হাজৰিকাৰ খুন চাই৷’ সূর্য বৰাক কাটিলে৷ সেই কলিকতাতে ডত্তম কুমাৰে ক’লে– ভূপেনদা যদি আপোনাৰ অকণমানো কিবা অসুবিধা হয়, মোৰ ইয়ালৈ গুচি আহিব৷ জ্যোতি বসুৱে গাডী পঠিয়াই দিয়ে– ভূপেন হাজৰিকাৰ যদি মানসিকভাৱেও অসুবিধা হয়, তেন্তে মাতি আনিবা৷ ভূপেন–ভক্ত বাঙালীসকলে কৈছিল– ‘আমাৰ মৃতদেহৰ ওপৰেদিহে আপোনাৰ মৃতদেহ নিব পাৰিব৷’ ইয়াৰ বিপৰীতে অসমৰ পথালিচকুৱা এচামে ভূপেনৰ চৰিত্র হনন কৰি বৰ স্ফূর্তি পাইছিল৷ কলিকতাত ভূপেন হাজৰিকা পঞ্চ–মকাৰত মচগুল৷ ভোগেই ভোগ৷ কলিকতীয়া জীৱন চাবলৈ ছদ্মবেশী ৰূপ লৈ গৈছিল বহুতো শিল্পী নামধাৰী কপট লোক৷ গৈ দেখে– ভূপেন হাজৰিকাৰ ড্রয়িং ৰুম নাই, কার্পেট নাই৷ সাধাৰণ চকী–মেজ এযোৰ৷ সাধাৰণ বিছনা৷ অনাডম্বৰ পৰিৱেশ৷ ভেচভেচীয়া হৈ ওভতে৷ ভূপেন হাজৰিকাৰ নামত কিমান যে কাল্পনিক কাহিনী, তাৰ অন্ত নাই৷ সেইফালে আকৌ পশ্চিমবংগত ভূপেন হাজৰিকাৰ নামেই নাম৷ অৰুণ পুৰকায়স্থৰ ‘আমাৰ প্রতিনিধি’ মাহেকীয়া আলোচনীখনৰ সম্পাদক পদ্ম বৰকটকী৷ তেতিয়া ভূপেন হাজৰিকাই তাত ‘শিল্পীৰ পৃথিৱী’ শিতানটো পৰিচালনা কৰি মাহেকত দুশ টকা আর্জি ঘৰভাৰা দিয়ে৷ জীৱনৰ কাল অমানিশাসদৃশ বিবাহ বিচ্ছেদৰ ঘটনাক কেন্দ্র কৰি কিমান যে ৰং–ৰহণ ভূপেন হাজৰিকাৰ হাহাকাৰ কৰি ডঠা মনটোত কি হৈছিল তেতিয়া তেওঁৰ কথাৰেই শুনক– মই যেতিয়া অকলশৰীয়া হৈ গ’লোঁ, মোৰ ইয়ালৈ আগেয়ে যিবোৰ দম্পতী আহিছিল, তেওঁলোক নহা হ’ল৷ মোক সামাজিকভাৱে বাদ দিলে৷ মই মনপুতি গান লিখিলোঁ৷ ১৯৬৩, ৬৪, ৬৫ চনৰ দিনকেইটাত গান লিখি, আনৰ কথাছবিত সংগীত দি বেছ কষ্ট কৰিলোঁ৷ মই আর্থিকভাৱে কষ্ট কৰাৰ কথা কৈছেছা, বৌদ্ধিকভাৱে মই কাম কৰি গৈ আছোঁ৷ মই কেতিয়াও পৰিধি পাৰ নহওঁ মই একোতে পৰিধি পাৰ হোৱা নাই৷ মই অকলশৰীয়া হোৱাৰে পৰা সুৰাপান আৰম্ভ কৰিলোঁ৷ ৰাতি যেতিয়া মই ঘৰলৈ ডভতি আহোঁ, তেতিয়া প্রতিটো কোঠাই যেন মোক কথা কয়৷ মোৰ পত্নী গুচি গ’ল৷ লগুৱাটোৱেও অকলশৰীয়া পাই মোক ঠগিবলৈ আৰম্ভ কৰিলে, টকা–পইচা চুৰ কৰে৷ তাকো কেতিয়াবা খেদি দিওঁ৷ অকলে থাকো৷ পাছলৈ মই ঘৰটোলৈ অহাকে বন্ধ কৰি দিলোঁ৷ যিমান ডাঙৰ ডাঙৰ হোটেল আছে, যিমান ডাঙৰ ডাঙৰ বাৰ আছে, সকলোবোৰৰ বীয়েৰাৰবোৰ মোৰ বন্বুূ হৈ গ’ল৷ মই তিনি–চাৰি বজাত ডভতি আহঁো৷ ৰাতিপুৱা আহিব পাৰিলে ভাল পাওঁ৷ অকলে ক’ৰবাত বহি থাকো৷ তেতিয়া যদি মই গান গালোঁহেঁতেন, তেতিয়া লক্ষ লক্ষ টকা কৰিব পাৰিলোঁহেঁতেন৷ ইফালে আকৌ মোৰ গানবোৰ গায়েই লোকে পইচা ঘটি আছে৷ …এবাৰ যোৰহাটলৈ নিমন্ত্রণ কৰিলে– গান গাবলৈ৷ নতুন গান লিখি গালোঁ৷ নাম হ’ল৷ হাতৰ টিপতে খাম এটি গুঁজি দিলে– দাদা এইখিনি লৈ যাব৷ মই ডৰাজাহাজত লেফাফাটো খুলি চাই দেখোঁ যে নগদ পাঁচশ টকা আছে৷ এই পাঁচশ টকাই কিন্তু মোক বহুত সহায় কৰিলে৷ মোৰ গ্লেমাৰ আছে, কিন্তু টকা নাই৷ মই কাকো খোজা নাই৷ ঘৰততো দিবই নোৱৰা হৈছেছা৷ তাতে মোৰ বৰ দুখ লাগি আছে৷ … মাই সোধে– ‘তই আজিকালি তাত অকলে থাক নেকি?’ মই কওঁ– ‘নহয় মা, সব আছে৷’ তাৰ পাছত কয়– ‘ভালকৈ ফুৰিবি৷ ৰাস্তা–চাস্তা পাৰ হওঁতে ভালকৈ পাৰ হ’বি৷’ মাতৃৰ সৰলতাৰে পুত্র ভূপেন হাজৰিকাক প্রবোধ দান৷ সেই ভূপেন হাজৰিকাই খ্যাতিৰ শীর্ষ পালে কলিকতাত থাকি অসমক ভাল পাই৷ সেইজন ভূপেন হাজৰিকা ১৯৬৭ চনত নাওবৈচা সমষ্টিৰ পৰা বিধায়ক হ’ল৷ ইমানেই, ইয়াৰ পাছতো ৰাজনৈতিক চাতুৰীত পৰি ভূপেন হাজৰিকাই এম পি হ’বলৈ ওলাইছিল৷ তেওঁক আমি হেৰুৱালোঁ৷ সেইবাবেই ভূপেন হাজৰিকা শিল্পী হৈ থাকিল৷ অসমৰ কলিজাৰ এডুখৰি হ’ল৷ ভাৰতৰ যশস্বী তাৰকা শিল্পী হ’ল৷ ১৯৭৬ চনত তেওঁ শ্রেষ্ঠ সংগীত পৰিচালক ৰূপে সর্বভাৰতীয় স্বীকৃতি পালে৷ গুলজাৰে ৰসিকতা কৰি ক’লে– ‘ভূপিনদা, আপুনি ইমানদিনে আছিল পূব ভাৰতৰ ভূপিন, কিম্বা অন্তর্জাতিক ভূপিন– এইবাৰহে আপোনাক ৰাষ্ট্রীয় কৰিলে–Nationalize কৰিলে৷’
১৯৭৭ চনত ভূপেন হাজৰিকাক পদ্মশ্রী দিলে৷ এজনে লিখিলে– ‘ভূপেনদা আপুনি নেচনেল এৱার্ড পাইছিল৷ ভাল লাগিছিল৷ পদ্মশ্রী দি আপোনাক সৰু কৰিছে৷ আপুনি জনতাৰ শিল্পী৷’ এজনে লিখিছে– ‘বাতৰিকাকতত ভূপেন হাজৰিকাক ৰাইজে কেতিয়াবাই জনতা ৰত্ন, জনতা ভূষণ স্বীকৃতি দিছে৷ পদ্মশ্রীতকৈ সেয়া আৰু মহান৷’ কলিকতাৰ ময়দানত বংগ সংসৃকতি সন্মিলনত ডেকা–গাভৰুসকলে ক’লে– ‘ভূপেনদা ফিৰিয়ে দিন সেই পদ্মশ্রী৷’ এজনে কৈছিল–Please accept the great honour. আন এগৰাকী গুৰুত্বপূর্ণ ব্যক্তিয়ে যুক্তি দিছিল এইবুলি–For Heaven’s save do not refuse this time. Time is different. ভূপেন হাজৰিকাই সকলোবোৰ শিৰৰ ভূষণ কৰি লৈ ক’লে এনেকৈ– ‘সাগৰৰ পাৰত বহি ভাবিছিলোঁ ঃ তেজপুৰৰ শৈশৱৰ পৰা সাগৰ সংগমৰ মাজেদি, বুঢ়ালুইত বোৱা কিয়লৈকে জীৱনত কিমান বিনিদ্র ৰজনী কটাই সংগ্রাম কৰিলোঁ৷ ৰাইজৰ অকুণ্ঠ মৰম পালোঁ৷ জীৱনৰ কাঁইটীয়া বাটত কোনোবাই গোলাপ ফুল দিলে, কোনোবাই কেতেকী, কোনোবাই জোতা দলিয়ালে, কোনোৱে স্বর্ণ পদক দিলে, কোনোৱে বাতৰিকাকতত মোৰ ব্যক্তিগত জীৱনৰ চৈধ্যপুৰুষ ডদ্ধাৰ কৰি কাগজৰ চার্কুলেচন বঢ়ালে, কোনোৱে মই যাতে অকলে কান্দিব পাৰোঁ, তাৰ বাবে দিলে অৱহেলা আৰু অকলশৰীয়া পৰিৱেশ, কোনোৱে দিলে লেৰেলা ফুল আন্তৰিকতাৰে আৰু কোনোৱে দিলে পদ্মশ্রী৷ দিয়াই দিয়ে৷ তাৰ পাছত ল’ব লগা হোৱাজনৰ মনোভাব কি, সেইটো লোৱাজনেহে জানে৷ এৰা,Time is different– এতিয়া সময় বেলেগ৷ ৰাইজে মোক মৰম দিয়ে৷ ময়ো ৰাইজক যাতে অধিকভাৱে সেৱা দি যাব পাৰোঁ, মৃত্যুৰ মুহূর্তলৈকে তাকে কামনা কৰোঁ৷ মোৰ শক্তিক ৰাইজৰ মৰমেৰেহে মই জীয়াই ৰাখিব পাৰিম৷ এতিয়াও ভাৰত চৰকাৰ আৰু ৰাষ্ট্রপতিলৈ সন্মান জনাই কওঁ– জনতাই যদি তেওঁলোকৰ শিল্পী বুলি মোক ভাবে, তেন্তে ৰজাৰ মৰমো (যি মূল্যকে মোক নিদিয়ক) তাৰ তুলনাত অতি কম৷’
ভূপেন হাজৰিকাৰ ৮৫ বছৰীয়া জীৱনকালত অলেখ বঁটা–বাহন পালে৷ ৰাইজৰ অফুৰন্ত মৰম–চেনেহ পালে৷ তেওঁ একক প্রচেষ্টাৰে ডধাই থাকিল৷ সাফল্যৰ শীর্ষ পালে৷ পদ্মশ্রীৰ পিছত পদ্মভূষণো পালে৷ দাদা চাহেব ফাল্কে বঁটা, ভাৰতৰ আৰু বহির্ভাৰতৰ অগণন শ্রোতাৰ যিদৰে হিয়া চুই গৈছে, সেইদৰে তেওঁ সন্মানিতও হৈছে৷ ভাৰত চৰকাৰে ভাৰতৰত্ন সন্মানটো দিয়াহেঁতেন ভূপেন হাজৰিকাই শান্তিত মৰিব পাৰিলেহেঁতেন৷ বিশাল গুণৰ গুণী ড০ ভূপেন হাজৰিকাৰ জীৱনকালতে ভাৰতৰত্ন দিলে তেওঁ সুখী হ’লহেঁতেন৷ এতিয়াও যদি ভাৰত চৰকাৰে ড০ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে সন্মান যচাৰ কথা ভাবিছে, তেন্তে ‘শান্তিৰ বঁটা’টোকে দিয়ক৷ এয়া যে জীৱন শিল্পী– যুগজয়ী ড০ ভূপেন হাজৰিকাৰ নিতান্তই প্রাপ্য সন্মান৷

-ভবানীপ্রসাদ অধিকাৰী
লেখক পাণ্ডু কলেজৰ অৱসৰপ্রাপ্ত অধ্যাপক
ফোন- ৯৮৬৪০–৭৯০১৯

You might also like