নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণাঢ্য শোভাযাত্ৰাৰে মুখৰ আছুৰ মৰিগাঁও অধিৱেশন

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্রৰ পৰা মানস নাথ, ২২ নৱেম্বৰঃ নেতৃত্বৰ বয়স বিতর্কৰে আৰম্ভ হোৱাৰ পূর্বৰে পৰা চর্চাৰ শিখৰত থকা আছুৰ মৰিগাঁও অধিৱেশনত যোৱানিশা গৃহীত এটা প্রস্তাৱে নতুন বিতর্কৰ সৃষ্টি কৰিছে৷ প্রস্তাৱটো যোৱানিশা অধিৱেশস্থলীত অনুষ্ঠিত ছাত্র সংগঠনটোৰ বর্তমানৰ কার্যনির্বাহক সমিতিৰ অন্তিমখন কার্যনির্বাহক সভাত গ্রহণ কৰা হয়৷ সেই অনুসৰি আছুৰ কার্যনির্বাহক সমিতিৰ কার্যকাল চাৰি বছৰীয়া হ’ব৷ প্রস্তাৱটোৱে অধিৱেশস্থলীত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰে৷ ইফালে মৰিগাঁও চহৰৰ স্কুল খেলপথাৰৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্রত কালিৰে পৰা চলি থকা সদৌ অসম ছাত্র সন্থাৰ অষ্টাদশ কেন্দ্রীয় অধিৱেশন আজি পুৱা মাংগলিক আৰু উৎসৱমুখৰ পৰিৱেশত সংগঠনটোৰ পতাকা উত্তোলন কৰে ভাৰপ্রাপ্ত সভাপতি উৎপল শর্মাই৷ দবা–কাঁহ–শংখ আৰু উৰুলি ধ্বনিৰ মাজত পতাকা উত্তোলন কৰি তেওঁ কয় যে অসম আৰু খিলঞ্জীয়া অসমীয়াৰ বিভিন্ন সংকট কালত অসমবাসীক অভিভাৱক হিচাপে লৈ সদৌ অসম ছাত্র সন্থাহ সংগ্রাম চলাই আহিছে আৰু অনাগত দিনতো সংগ্রাম চলাই যাব৷ অসমবাসীয়ে বুকুৰ উমেৰে আৱৰি ৰখা আছুৱে খিলঞ্জীয়াৰ স্বার্থ ৰক্ষাৰ বেলিকা কেতিয়াও আপোচ নকৰে৷ পতাকা উত্তোলন কার্যসূচীত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, উপদেষ্টা প্রকাশ চন্দ্র দাস, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অধিৱেশনৰ অভ্যর্থনা সমিতিৰ সভাপতি মিলেশ্বৰ পাতৰসহ আছুৰ বহুকেহজন কেন্দ্রীয় নেতা উপস্থিত থাকে৷ হয়াৰ পিছতে শ্বহীদ তর্পণ কার্যসূচী মুকলি কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ পুৱা উলিওৱা সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই৷ শোভাযাত্রা উদ্বোধন কৰি দিয়া ভাষণত তেওঁ কয় যে ৰাজনীতিয়ে সমাজ ভাঙে আৰু সংস্কৃতিয়ে সমাজখন গঢ়ে৷ সাংস্কৃতিক শোভাযাত্রা হ’ল এটা সাংস্কৃতিক সংগ্রাম৷ অসমত গুৰু দুজনাই দি যোৱা সাংস্কৃতিক সমলৰাজিৰে অসমীয়াৰ সাংস্কৃতিক ভঁৰাল পৰিপূর্ণ হৈ আছে৷ পৰৱর্তী সময়ত জ্যোতিপ্রসাদ, বিষ্ণুপ্রসাদ, ফণী শর্মা, ভূপেন হাজৰিকা, প্রতীমা বৰুৱা, ৰামেশ্বৰ পাঠক, কুতুবুদ্দিন আহমেদ আদি শিল্পীয়ে আগবঢ়োৱা অনবদ্য অৱদানেৰে অসমীয়াৰ সংস্কৃতিৰ ভঁৰাল আজিও চহকী হৈ আছে৷ তেওঁ ভাষণত কয় যে ১৯১৭ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত গঠন হোৱা অসম ছাত্র সন্মিলনৰ ধাৰাবাহিকতা অসমত আছুৱে আজিও অব্যাহত ৰাখিছে৷ আছুৰ নেতৃত্বত অসমত নতুন প্রজন্মৰ বাবে বৌদ্ধিক আৰু শৈক্ষিক আন্দোলন চলি থাকিব৷ সাংস্কৃতিক শোভাযাত্রাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, নয়ন নীলিম, আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন খেলুৱৈ হিমা দাস আৰু বিশিষ্ট কণ্ঠশিল্পী ৰিছা ভৰদ্বাজসহ বহুকেহজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ বিয়লি পঞ্চ শ্বহীদ সোঁৱৰণী প্রতিনিধি সভা ক্ষেত্রৰ তোৰণ মুকলি কৰে মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নির্মল চন্দ্র নাথে আৰু প্রয়াত দুলাল নাৰায়ণ ডেকা সোঁৱৰণী প্রতিনিধি সভাগৃহৰ দ্বাৰ মুকলি কৰে মায়ং বৰদিয়াৰ লোকপ্রিয় জি এন বি মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী ৰেণুপ্রভা নমস্কা মেধিয়ে৷

আছুৰ পৰৱর্তী কার্যনির্বাহকৰ কার্যকাল ৪ বছৰীয়া কৰাৰ প্রস্তাৱ
ইপিনে যোৱানিশা অনুষ্ঠিত চলিত কার্যনির্বাহক সমিতিৰ অন্তিমখন কার্যনির্বাহকৰ সভাত বহুকেহটা গুৰুত্বপূর্ণ সাংগঠনিক প্রস্তাৱ গ্রহণ কৰা হয়৷ ইয়াৰ ভিতৰত আছে আছুৰ পৰৱর্তী কার্যনির্বাহক সমিতিৰ কার্যকাল চাৰি বছৰীয়া কৰাৰ প্রস্তাৱ৷ এই প্রস্তাৱক লৈ অধিৱেশনত অংশগ্রহণ কৰা বহু প্রতিনিধিৰ মাজত বিভিন্ন ক্রিয়া–প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ তেওঁলোকৰ প্রশ্ন– কিয় এই সিদ্ধান্ত? আছুত নেতৃত্ব দিব পৰা ছাত্রনেতাৰ অভাৱ হৈছে নেকি ? যি সময়ত নতুন প্রজন্মৰ নতুন নেতৃত্বৰ হাতত আছুৰ দায়িত্ব অর্পণ কৰাৰ প্রয়োজন, সেই সময়ত পুৰণি নেতৃত্বই দায়িত্ব খামুচি ধৰাৰ ৰহস্য কি? কেতিয়াও সংস্কাৰ নহ’ব নেকি আছু? যদিহে এতিয়াৰ সমিতিৰ হাতত নেতৃত্ব পুনৰ থাকিব লাগে, তেন্তে প্রায় আঢ়ৈ কোটি টকা খৰচ কৰি মৰিগাঁৱত কিয় এই অধিৱেশন অনুষ্ঠিত কৰা হ’ল? ৰাজ্যত ইমানেই নেতৃত্বৰ অভাৱ নে, যাৰ বাবে ডিব্রুগড় জিলাৰ পৰাই বাৰে বাৰে সাধাৰণ সম্পাদক হ’ব লাগে আছুত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য দুটা কার্যকালত সাধাৰণ সম্পাদক আছিল৷ সেই ৰেকর্ড এইবাৰ স্পর্শ কৰিব নেকি আছুৰ বর্তমানৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ যদি সেয়ে হয়, তেন্তে একেৰাহে তৃতীয়টো কার্যকালৰ বাবে ডিব্রুগড়ৰ পৰাই হ’ব সাধাৰণ সম্পাদক৷ ইফালে অধিৱেশনৰ প্রতিনিধি সভাত নতুন সমিতি গঠনত মুখ্য উপদেষ্টা ড০ ভট্টাচার্যৰ ভূমিকা কি হ’ব, তেওঁৰ গুৰুত্ব মৰিগাঁৱত থাকিব নে নিজৰ স্বার্থ সুৰক্ষিত কৰিবলৈ নিৰাপদ দূৰত্বত থাকিব, সেই লৈ বিভিন্ন মহলত ব্যাপক কৌতূহলৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷

মৰিগাঁৱৰ ৰাজপথত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা
অধিৱেশনত আজি উলিওৱা হয় এক বিশাল আৰু বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা৷ সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্রাটিত বিভিন্ন জাতি–জনগোষ্ঠীৰ ডেৰ শতাধিক সাংস্কৃতিক দলে নিজ নিজ সংস্কৃতিৰ প্রতীক লৈ অংশগ্রহণ কৰে৷ প্রায় ডেৰ কিলোমিটাৰ দৈর্ঘ্যৰ এই সাংস্কৃতিক শোভাযাত্রাটিত ৮ সহস্রাধিক লোকে অংশগ্রহণ কৰে৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্রৰ পৰা মৰিগাঁও চহৰৰ মাজেৰে গৈ মৰিগাঁও টাডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰণি পৰা প্রায় পাঁচ কিলোমিটাৰ যাত্রা কৰা শোভাযাত্রাটিৰ একেবাৰে আগত এটা হাতী আৰু হয়াৰ পিছতে সদৌ অসম ছাত্র সন্থাৰ ল’গ’ আৰু আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, ভাৰপ্রাপ্ত সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সহিতে আছুৰ কেন্দ্রীয় নেতৃবৃন্দ৷ শোভাযাত্রাটিত মূলতঃ আছে ঐতিহাসিক তিৱা ৰাজদৰবাৰ, স্বর্গদেউ চুকাফাৰ প্রতিমূর্তি, লাহ–লুং–খাম নৃত্য, সতী জয়মতী, মায়ঙৰ বেজ, যাদু–মন্ত্র আৰু ৰজাঘৰীয়া পৰম্পৰা, পবিতৰা অভয়াৰণ্য, তিৱা জনগোষ্ঠীৰ শৌর্য–বীর্য জোঙাল বলহু, পঞ্চা গোসাঁই মায়ং, তিৱা নৃত্য, কার্বি সমাজ আৰু নৃত্য, বীৰ চিলাৰায়ৰ প্রতিমূর্তি, কোচ ৰাজবংশী নৃত্য, বডো সংস্কৃতি আৰু নৃত্য, সতী সাধনী আৰু চুতীয়া জনগোষ্ঠীৰ নৃত্য, বেংগলী সমাজৰ ভাগৱত যাত্রা, ৰবীন্দ্রনাথ ঠাকুৰ, বাডল গীত, স্বামী বিবেকানন্দ, নেতাজী সুভাষ চন্দ্র বসুৰ লগতে বন্দে মাতৰম গীত, মা দুর্গা আৰু মহিলাৰ আচৰণ, মহদা গোসাঁইৰ ৰে’ল বগৰোৱা দৃশ্যপট, নাওত লক্ষ্মীনাথ বেজবৰুৱাৰ দৃশ্যপট, তাঁতশাল, আসমীয়া চিনেমাৰ হতিহাস, চৰাহবাহীৰ কমিটী ভাওনা, নেপালী মাৰণি নৃত্য, খুকুৰি নৃত্য, মাঘ বিহুৰ দৃশ্যপট, স্বাধীনতা সংগ্রামৰ দৃশ্যপট, চন্দ্র যান–৩ৰ দৃশ্যপট, বিহু নৃত্য, জিকিৰ, চালি নৃত্য, ঝুমুৰ নৃত্য, বিজ্ঞানৰ ওপৰত দৃশ্যপট, মৰিগাঁও, জাগীৰোড, চৰাইবাহী, জি কে বি মহাবিদ্যালয়ৰ লগতে মৰিগাঁও জিলাৰ বহুকেহখন বিদ্যালয় আৰু চৰকাৰী–বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্র–ছাত্রীসকলে অংশগ্রহণ কৰে৷

You might also like