নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ নহয়, সেৱা মাচুলহে আদায় লোৱাৰহে ব্যৱস্থা কৰা হৈছে : মন্ত্রী জয়ন্ত মল্ল বৰুৱা

✅কৰ আৰু সেৱাৰ পার্থক্য বুজি নোপোৱাসকলে অপপ্রচাৰেৰে জনসাধাৰণক বিভ্রান্তি কৰিব বিচাৰিছে

✅ভূপেন বৰাৰ ৰাজনৈতিক জীৱনকালত কংগ্রেছৰ চৰকাৰ নহয়

বিশেষ বাৰ্তা, ২২ নৱেম্বৰঃ অসম আৰক্ষীৰ সেৱা সেতু পর্টেলৰ জৰিয়তে আগবঢ়োৱা সেৱাসমূহৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কৰ আৰোপ কৰা বুলি বিৰোধী দলসমূহৰ লগতে একাংশ ব্যক্তিয়ে কৰা সমালোচনা দুর্ভাগ্যজনক বুলি অভিহিত কৰিছে ৰাজ্য চৰকাৰৰ মুখপাত্র তথা মন্ত্রী জয়ন্তমল্ল বৰুৱাই৷ আজি সংবাদ মেলত মন্ত্রী বৰুৱাই ৰাজ্য চৰকাৰে কোনো কৰ আৰোপ কৰা নাই বুলি স্পষ্ট কৰি দি কয় যে আৰক্ষীৰ সেৱা সেতু পর্টেলৰ জৰিয়তে আগবঢ়োৱা সেৱাৰ ক্ষেত্রত মাচুলহে আৰোপ কৰা হৈছে৷ পূর্বৰে পৰাই বিভিন্ন সেৱাৰ ক্ষেত্রত মাচুল আদায়ৰ ব্যৱস্থা আছে৷ আগতে জিলা উপায়ুক্তৰ কার্যালয়ত অনুমতি বিচাৰি যাওতে সেই মাচুল আদায় দিবলগীয়া হৈছিল৷ এতিয়া চৰকাৰে সকলো ব্যৱস্থা সমন্বিত কৰি অনলাইনযোগে আবেদন কৰাৰ লগতে সেৱা লাভৰ ব্যৱস্থা কৰিছে৷ এইবাৰ পূর্বতে নথকা নতুন কেইটামান সেৱাহে অন্তর্ভুক্ত কৰা হৈছে৷ সংবাদ মেলখনত মন্ত্রী বৰুৱাই কয় যে কৰ আৰু মাচুলৰ মাজত পার্থক্য নুবুজা একাংশই বিভ্রান্তিকৰ কথা কৈ ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে৷ ৰাজনৈতিক স্বার্থত একাংশই এই বিষয়টোক লৈ চৰকাৰৰ বিৰুদ্ধে অপপ্রচাৰ চলাইছে৷ ভাৰতৰ অন্য ৰাজ্যতো এনেদৰে অনুমতি লোৱাৰ ক্ষেত্রত মাচুল আদায় লোৱাৰ ব্যৱস্থা আছে৷ তেওঁ আৰু কয় যে এই মাচুলৰ পৰা চৰকাৰে বছৰটোত সর্বমুঠ ৪ৰ পৰা ৫ কোটি টকাহে পাব৷ কিন্তু বর্তমানৰ অসম চৰকাৰখনে সাংস্কৃতিক অনুষ্ঠানৰ নামত বছৰি ৫০ কোটি টকা দিছে৷ বিহু সমিতিক ডেৰ লাখ টকা, ৰাস উদযাপন সমিতিক ২৫ হাজাৰ টকা দিছে৷ যিখন চৰকাৰে বিহু, ৰাস, অসমৰ সংস্কৃতিক আগুৱাই নিবলৈ কাম কৰি আহিছে তেনে এখন চৰকাৰক সমালোচনা কৰাসকলে কৰ আৰু মাচুলৰ পার্থক্য ভালদৰে বুজি ল’ব লাগে৷ ইয়াক লৈ হৈ চৈ কৰাৰ প্রয়োজন নাই বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে যিবোৰ ক্ষেত্রত জনসাধাৰণৰ মাচুল আদায় দিয়াত আপত্তি আছে, তেওঁলোকে এপিলেট কর্তৃপক্ষৰ ওচৰত আবেদন কৰিলেই হ’ল৷ সেই ব্যৱস্থাও মাচুলৰ জাননীখনত উল্লেখ আছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি তেওঁ আৰু কয় যে কৰ আৰু মাচুলৰ পার্থক্য বুজি নোপোৱা ভূপেন বৰাৰ কথাৰ তেওঁ কি উত্তৰ দিব? ভূপেন বৰাৰ ৰাজনৈতিক জীৱনকালত কংগ্রেছ দলৰ চৰকাৰ নাহে বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷

#বাৰ্তা ডেস্ক

You might also like