নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আছু’ নেতৃত্বক অবৈধ ঘোষণাৰে ন্যায়ালয়ত গোচৰ ‘আছু’ নেতাৰ

বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ সদৌ অসম ছাত্র সন্থা (আছু)ৰ ইতিহাসত নজিৰবিহীন ঘটনা৷ আছুৰ বর্তমানৰ কেন্দ্রীয় সমিতিক অবৈধ ঘোষণাৰে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ছাত্র নেতা দিব্যজ্যোতি মেধি৷ গুচৰীয়া দিব্যজ্যোতি মেধিক আছুৰ অনুশাসন ভংগ কৰাৰ অভিযোগত ছাত্র সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সাংগঠনিক সম্পাদক তথা প্রাথমিক সদস্য পদৰ পৰা এবছৰৰ বাবে অব্যাহতি দিয়া হৈছে৷ আজি দিছপুৰ প্রেছ ক্লাবত সংবাদ মেলত ডিমৰীয়া মহাবিদ্যালয়ত সংঘটিত ১০ কোটিৰ বিত্তীয় কেলেংকাৰিৰ প্রসংগ টানি ছাত্র নেতা মেধিয়ে আছুৰ কেন্দ্রীয় নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ ছাত্র নেতা মেধিৰ স্পষ্ট অভিযোগ– সদৌ অসম ছাত্র সন্থাৰ সংবিধানৰ কেইবাটাও অনুচ্ছেদ ভংগ কৰি বহু বৃদ্ধ লোক আৰু ছাত্রাৱস্থা বহু দশক পূর্বে সাং কৰা অধিকাংশ লোকে আজিৰ তাৰিখত নিজকে ছাত্রৰ ভুৱা পৰিচয় দি আছুৰ নেতৃত্ব বহন কৰি অসমৰ ছাত্র সমাজক নেতৃত্ব দি আহিছে৷ এনে একাংশ অছাত্র তথা বৃদ্ধ লোকৰ পাকচক্রত এতিয়া আছুৰ প্রকৃত ছাত্রৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা হৈছে৷ এই চক্রটোৱে বিভিন্ন সময়ত একাংশ প্রকৃত ছাত্রই শিক্ষাগ্রহণৰ সমান্তৰালভাৱে নিষ্ঠা আৰু সততাৰে সদৌ অসম ছাত্র সন্থাক সেৱা আগবঢ়াই অহাৰ পাছতো ভৱিষ্যতে এই চক্রটোৰ প্রতি বিপদ সৃষ্টি কৰিব বুলি ভাবিয়েই অনুশাসনৰ দোহাই দি প্রকৃত ছাত্রক আছুৰ পৰা বহিষ্কাৰ, অপসাৰণ কৰি আহিছে৷ যাৰ ফলশ্রুতিত একাংশ আছু নেতাই এতিয়া ন্যায় বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বাধ্য হৈ পৰিছে৷ সংবাদ মেলত ছাত্র নেতা মেধিয়ে লগতে কয় যে শেহতীয়াকৈ ডিমৰীয়া মহাবিদ্যালয়ত সংঘটিত ১০ কোটি টকীয়া বিত্তীয় কেলেংকাৰি সংঘটিত হৈছে৷ ইউজিচিয়ে দশম, একাদশ আৰু দ্বাদশ পৰিকল্পনা প্রদান কৰা কেইবা কোটি টকাৰ হিচাপ বিচাৰি মহাবিদ্যালয়ৰ অধ্যক্ষলৈ বিগত দুটা বছৰে পত্র প্রেৰণ কৰি আহিছে৷ কিন্তু মহাবিদ্যালয় কর্তৃপক্ষই ইয়াৰ সদুত্তৰ নিদিয়াত শেহতীয়াকৈ ইউজিচিয়ে সকীয়নিমূলক পত্র প্রদান কৰিছে৷ যদিহে মহাবিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰে তেন্তে মহাবিদ্যালয়খনত অধ্যয়নৰত দুই সহস্রাধিক ছাত্র–ছাত্রীৰ জীৱনলৈ অন্ধকাৰ নামি আহিব৷ সেয়েহে ডিমৰীয়া মহাবিদ্যালয়লৈ ইউজিচিয়ে আবণ্টন দিয়া পুঁজিৰ কেলেংকাৰি সন্দর্ভত শেহতীয়াকৈ ডিমৰীয়া ছাত্র সন্থাই ছাত্র–ছাত্রীৰ পক্ষক থিয় হৈছিল৷ প্রায় ১০ কোটিটকীয়া বিত্তীয় কেলেংকাৰিৰ লগত জড়িত থকা এগৰাকী অধ্যাপকক ভাৰপ্রাপ্ত অধ্যক্ষ পতাৰ বিৰোধিতা কৰিছিল ডিমৰীয়া আছুৱে৷ ইয়াৰ পাছতে আছুৰ কেন্দ্রীয় নেতৃত্বই আন্তঃডিমৰীয়া ছাত্র সন্থাৰ সমিতিখন ভংগ কৰিছিল৷ আছুৰ সংবিধান অনুসৰি কাৰণ দর্শোৱাৰ জাননী নিদিয়াকৈ নিশাৰ ভিতৰতে ডিমৰীয়া আছু ভংগ কৰাত যোৱা ১১ ছেপ্টেম্বৰত আছুৰ কেন্দ্রীয় নেতৃত্বক সাক্ষাৎ জিলা আৰু কেন্দ্রীয় সমিতিলৈ পৃথকে পৃথকে পত্র প্রদান কৰিছিল ডিমৰীয়া আছুৱে৷ কিন্তু ১০দিন উকলি যোৱাৰ পাছতো আছুৰ কেন্দ্রীয় নেতৃত্বই এইক্ষেত্রত নিজৰ স্থিতি স্পষ্ট নকৰিলে৷ ডিমৰীয়া কলেজত সংঘটিত ইউজিচিৰ পুঁজি কেলেংকাৰিৰ বিৰুদ্ধে সৰৱ হোৱাৰ বাবেই আছুৰ কেন্দ্রীয় নেতৃত্বই সমিতিখন নীতিবহির্ভূতভাৱে ভংগ কৰা বুলি ছাত্র নেতা দিব্যজ্যোতি মেধিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য যে দিব্যজ্যোতি মেধিক আছুৰ পৰা এবছৰৰ বাবে অব্যাহতি প্রদান কৰা সন্দর্ভত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্র সন্থাই আছুৰ ভাৰপ্রাপ্ত সভাপতি, সাধাৰণ সম্পাদক, কামৰূপ মহানগৰ জিলা সভাপতি–সম্পাদকক পৃথকে পৃথকে পত্র প্রেৰণ কৰে৷ কিন্তু আজি পর্যন্ত এই পত্র সন্দর্ভত আছুৰ কেন্দ্রীয় নেতৃত্ব আৰু মহানগৰ জিলা নেতৃত্বই ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে৷ যোৱা ১৪ ছেপ্টেম্বৰত সোণাপুৰত অনুষ্ঠিত ৰাজহুৱা সভাৰ প্রস্তাৱ অনুসৰি ন্যায় বিচাৰি দিব্যজ্যোতি মেধিয়ে ন্যায়ালয়ত গোচৰ ৰুজু কৰে৷ সংবাদমেলত তেওঁ লগতে কয় যে ২১–২৩ নৱেম্বৰলৈ মৰিগাঁৱত অনুষ্ঠিত হ’ব লগা আছুৰ কেন্দ্রীয় অধিৱেশনত সভাপতি অথবা সাধাৰণ সম্পাদক পদত যাতে প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰে তাৰ বাবে এনে কৌশল অৱলম্বন কৰা বুলি অভিযোগ কৰে৷ উল্লেখ্য যে ২০২২ বর্ষৰ ৮ ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাজ্যিক কার্যনির্বাহকত তদানীন্তন সভাপতি দীপাংক কুমাৰ নাথে পৰৱর্তী অধিৱেশনখন মৰিগাঁৱত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল৷ উক্ত সভাতে উৎপল শর্মাক ভাৰপ্রাপ্ত সভাপতিৰ দায়িত্ব অর্পণ কৰিছিল৷ উক্ত সভাত সভাপতিত্ব কৰিবলৈ দীপাংক কুমাৰ নাথ নিজেই বৈধ সভাপতি নাছিল আৰু সেই সময়ৰ কেন্দ্রীয় সমিতিৰ অধিকাংশ বিষয়ববীয়াই আছুৰ সংবিধান অনুসৰি বৈধ নাছিল৷  সংবাদমেলত সদৌ অসম ছাত্র সন্থাৰ আপোচবিহীন চৰিত্র অক্ষুণ্ণ ৰখাৰ বাবে অসমৰ ছাত্র সমাজৰ লগতে বুদ্ধিজীৱী আৰু সচেতন মহলক এইক্ষেত্রত সহযোগিতা আগবঢ়াবলৈ দিব্যজ্যোতি মেধিয়ে আহ্বান জনায়৷

You might also like