বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ অসম জাতীয় পৰিষদে ধুবুৰী পৰা আৰম্ভ কৰা ‘এক অসম যাত্ৰা’ ৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি নলবাৰীত উপস্থিত হ’ল দলটোৰ নেতৃত্ব। নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীহৰি মন্দিৰত সেৱা লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আৰম্ভ কৰিলে এক অসম যাত্ৰাৰ। হৰি মন্দিৰৰ পিছত ব’ড় মছজিডত উপস্থিত হৈ অজাপ সভাপতি লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰি কয়, বিজেপি আৰু এ আই ইউ ডি এফৰ মানুহৰ মন মগজু সাম্প্ৰদায়িকতাৰে ভৰা। বিজেপিয়ে ধুবুৰীৰ পৰা নিজেই ৰথযাত্ৰা কৰিছিল।বিজেপিয়ে ধৰ্মীয় উন্মাদনাত হিতাহিত জ্ঞান হেৰুৱাই যি তি কৈছে। আনহাতে শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্দৰ্ভত ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰি কয়- ছাত্ৰ সন্থাই অতন্দ্ৰ প্ৰহৰী হৈ পালন কৰক জাতীয় দায়িত্ব। ছাত্ৰ সন্থাই উপলব্ধি কৰক জনতাৰ মনৰ কথা। কোনো ৰাজনৈতিক দলৰ বহতীয়া হৈ থাকিব নালাগে ছাত্ৰ সন্থা। নিজৰ সংবিধান মানি চলক ছাত্ৰ সন্থাই। ইপিনে, অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে জিলাখনৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত উপস্থিত হৈ সেৱা লয়। আজি দলটোৰ সভাপতিগৰাকীক সংগ দিয়ে দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভুঞাই।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন