নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৱে প্রত্যেকটো সমষ্টিত ১,২০০ পৰা ১,৫০০ ভোট পাব

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: একাংশ বিশিষ্ট বুদ্ধিজীৱী তথা সমাজৰ নমস্য ব্যক্তিয়ে আছুৰ দৰে সংগঠনক দিহা–পৰামর্শ আৰু সহযোগিতা আগবঢ়োৱাটো ভাল কথা৷ কিন্তু যদিহে আছুৱে ৰাজনৈতিক দল ৰূপে আত্মপ্রকাশ কৰে, তেন্তে নমস্য ব্যক্তিসকলক ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনায় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ কয় যে যদিহে আছুৰ ৰাজনৈতিক দল হয়, তেন্তে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রাথ্সকলে ১২০০ৰ পৰা ১৫০০ ভোট লাভ কৰিব আৰু আমানতৰ ধনো ঘূৰাই নাপাব৷ কিন্তু শেহতীয়াকৈ আমাৰ সকলোৰে নমস্য ড০ নগেন শইকীয়া ছাৰৰ কথা এইক্ষেত্রত বহু চর্চিত হৈছে৷ তেখেতক আমি সকলোৱে শ্রদ্ধা কৰোঁ৷ সেয়েহে মই হাতযোৰ কৰি তেখেতক বিনম্র অনুৰোধ জনাইছোঁ নিজৰ ভাবমূর্তি বর্তাই ৰখাৰ স্বার্থত তেখেত যাতে পুনৰ ৰাজনীতি ক্ষেত্রৰ সৈতে জডিত নহয়৷ বিজেপিবিৰোধী মহাজোঁটৰ সন্দর্ভত সোধা প্রশ্ণৰ ডত্তৰত মন্ত্রীগৰাকীয়ে এই মহাজোঁট কি বুলি ওলোটাই প্রশ্ণ কৰাৰ লগতে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ সন্দর্ভতো কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷

মন্ত্রীগৰাকীয়ে যে আমাৰ ভাৰতীয় সমাজত ব্রহ্মাচার্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস এই চাৰি আশ্রম প্রচলিত পৰম্পৰা৷ সেই অনুসৰি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ ডাঙৰীয়াই এতিয়া বানপ্রস্থ নে সন্ন্যাস আশ্রম গ্রহণ কৰিব তেখেতে চিন্তা কৰিব লাগে৷ এ আই ইড ডি এফ আৰু কংগ্রেছৰ মিত্রতাৰ সন্দর্ভত কয় যে আজমল কংগ্রেছৰ সৈতে একত্রীত হ’লে মই ভাল পাম৷ একালত তৰুণ গগৈদেৱে হু ইজ বদৰুদ্দিন বুলি কৈছিল আৰু আমি তেওঁৰ পিছত থাকি হাতচাপৰি বজাইছিলোঁ৷ গতিকে এতিয়া পুৰণি কথাবোৰ মোক সোধাৰ পৰিৱর্তে তেওঁকেই মনত পেলাই দিয়ক বুলি মন্তব্য কৰে৷ সাংবাদিকৰ আন এক প্রশ্ণৰ ডত্তৰত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে যেতিয়ালৈ নৰেন্দ্র মোদী প্রধানমন্ত্রী হৈ থাকিব তেতিয়ালৈ অসমত বিজেপিৰ বাহিৰে আন দলে চৰকাৰ গঠন কৰিব নোৱাৰে৷ আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা সন্দর্ভত মন্ত্রী ড০ শর্মাই কয় যে নির্বাচন খেলোঁ নে নেখেলোঁ এয়া বহুত ডাঙৰ প্রশ্ণ৷

সেয়া মোৰ পৰিয়াল আৰু দলে ঠিক কৰিব বুলি মন্ত্রীগৰাকীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ আনহাতে অবৈধ বেদখল সম্পর্কে এ আই ইড ডি এফৰ বিধায়কে কৰা মন্তব্য সন্দর্ভত সাংবাদিকে কৰা প্রশ্ণৰ ডত্তৰত মন্ত্রী ড০ শর্মাই কয় যে সেইসকল নেতাই মোৰ সন্মুখত থিয় দিবলৈকো সাহস নকৰে৷ আপোনালোকক ইমান ডাঙৰ ডাঙৰ কথা ক’বলৈ কেনেকৈ পাৰে? তেওঁলোকক আপোনালোকে প্রতিবাদ নকৰিলে কিয়? আপোনালোকে অসমখন বচাবলৈ আজমল আৰু ইড ডি এফৰ কথাত গুৰুত্ব দিয়াটো বাদ দিব লাগিব৷

You might also like