নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ দখলত ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা

বিশেষ বাৰ্তা, ৯ অক্টোবৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত আছুৰ জয়যাত্ৰা।নাহৰৰ দেশত এনে জয়যাত্ৰাত উৎফুল্লিত হৈ পৰিছে আছু। সভাপতি পদত জয়লাভ আছুৰ সমৰ্থিত প্ৰাৰ্থী ৰোহিত ৰহমানৰ। আনহাতে সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰিছে আছুৰ সমৰ্থিত প্ৰাৰ্থী হিমাংশু শংকৰ গগৈয়ে। উপসভাপতি পদত জয়লাভ আছুৰ সমৰ্থিত প্ৰাৰ্থী হিমাশীষ কলিতাৰ। ইয়াৰ বিপৰীতে সহকাৰী সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰিছে আছুৰ সমৰ্থিত আশীষ গগৈয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ আজি নিৰ্বাচনত আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়লাভৰ তালিকাখন এনেধৰণৰঃ- সভাপতি পদত ৰোহিত ৰহমান, উপ-সভাপতি পদত হিমাশিষ কলিতা, সাধাৰণ সম্পাদক হিমাংশু শংকৰ গগৈ, সহকাৰী সাধাৰণ সম্পাদক আশীষ গগৈ, সাংস্কৃতিক সম্পাদক অন্তৰীপ গগৈ, সংগীত সম্পাদক আলোক প্ৰাণ কছাৰী, সাহিত্য আৰু সুকুমাৰ কলা প্ৰিয়ংকা কলিতা, ফুটবল সম্পাদক কৌশিক চেত্ৰী, সাধাৰণ ক্ৰীডা় সম্পাদক পৰাগ মণি শইকীয়া, আন্তঃক্ৰিয়া সম্পাদক স্বপ্ননীল বৰুৱা, সমাজ সেৱা সম্পাদক বিমান সোণোৱাল, শৰীৰ চৰ্চা সম্পাদক মৃদুল মাচিয়া দেউৰী, ছাত্ৰী জিৰণী কোঠা সম্পাদিকা স্বাধীনতা বৰুৱা। পুৱা ৮ বজাৰ পৰা নিৰ্বাচনী যুঁজ আৰম্ভ হয়। মুঠ ১৮টা পদৰ বিপৰীতে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৪৩জনে। ইয়াৰে এগৰাকী বিনাপ্ৰতিদন্দিতাৰে নিৰ্বাচিত হয়। মুঠ ১৪৭০ জন ভোটাৰে পুৱাৰে পৰা ভোটাধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিৰ পৰাই গৈ ৰাজ্য তথা দেশৰ ৰাজনীতিত দপদপাই থাকিবলৈ সক্ষম হৈছে। সৰ্বানন্দ সোণোৱাল, তপন গগৈ, ঋতুপৰ্ণ বৰুৱা, ৰণোজ পেগু, ভূপেন বড়া, লুৰিণজ্যোতি গগৈকে ধৰি কেইবাজনেও এতিয়া সক্ৰিয় ৰাজনীতিত বিৰাজমান।

প্ৰেৰক বিভাস দুৱৰা

You might also like