নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰ সৰভোগ সমষ্টিক বজালী জিলাত অন্তৰ্ভুক্তিৰ দাবীত উত্তাল পাঠশালা

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ মাত্ৰ বজালী সমষ্টিক লৈ বজালী জিলা গঠনক আজি পুনৰ উত্তাল হৈ পৰে বজালী সদৰ পাঠশালা৷ উল্লেখযোগ্যযে বজালী জিলাত অন্তৰ্ভূক্ত নোহোৱা বজালীৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ লগতে বিশেষকৈ দীৰ্ঘদিনৰে পৰা বজালীৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ অহা অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহসমষ্টি ভৱানীপুৰ সমষ্টিৰ বেছিভাগ অঞ্চল বজালী জিলাত অন্তৰ্ভূক্ত নোহোৱাত এতিয়া চৌদিশে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে ক্ষোভ উজাৰিছে ৰাইজে৷ ভৱানীপুৰ-সৰভোগ সমষ্টিক নৱগঠিত বজালী জিলাত সংলগ্ন কৰাৰ দাবীত বজালী জিলা সুৰক্ষা সমিতিৰ উদ্যোগত তথা বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান আৰু ৰাইজৰ সহযোগত আজি সন্ধিয়া এক বৃহৎ প্রতিবাদী সমদল উলিওৱা হয়৷ পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণৰ পৰা উলিওৱা এই প্রতিবাদী সমদলত ভালে সংখ্যক দল সংগঠনৰ নেতা-কৰ্মী, সাধাৰণ জনতাই স্বতস্ফুটভাৱে অংশগ্ৰহণ কৰি ইনক্লাৱ জিন্দাবাদ, সংকুচিত বজালী জিলাৰ মানচিত্ৰ মানি লোৱা নহব, বজালী জিলা জিন্দাবাদ, বজালী জিলাক ক্ষুদ্ৰ জিলা হিচাপে ঘোষণা মানি লোৱা নহব, মুখ্যমন্ত্ৰীয়ে বজালীবাসীক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰক, বজালীবাসী ৰাইজ জিন্দাবাদ, বৰনগৰবাসী ৰাইজ জিন্দাবাদ, ভৱানীপুৰবাসী ৰাইজ জিন্দাবাদ, উজান বৰবৰী ৰাইজ জিন্দাবাদ, পুঠিমাৰী অঞ্চলৰ ৰাইজ জিন্দাবাদ, ৰাইজৰ দুৰ্দশাৰ সময়ত মন্ত্ৰী ৰণজিৎ দাস, বিধায়ক ফণীধৰ তালুকদাৰ নিমাত কিয়, ৰাইজৰ পক্ষত নথকা মন্ত্ৰী, বিধায়ক মুৰ্দাবাদ আদি বিভিন্ন ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে৷ পুৰুষ-মহিলাকে আদি কৰি কেইবা শ প্ৰতিবাদীয়ে অংশগ্ৰহণ কৰা সমদলটোৱে পাঠশালা নগৰৰ কলেজ ৰোডৰ মুল পথেৰে ভট্টদেৱ বিশ্ববিদ্যালয়লৰ সন্মুখলৈ গৈ বিভিন্ন প্ৰতিবাদী ধ্বনিৰে পুনৰ হৰিমন্দিৰ চৌহদলৈ উভতি আহে৷ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ গাওঁ উজানবৰবৰীৰ ৰাইজ, পুঠিমাৰী, শিয়ালমাৰী, মেধিকুছি গাঁওৰ ৰাইজৰ লগতে বজালীৰ ভিন্ন প্ৰান্তৰ ৰাইজে স্বতঃস্ফূৰ্তভাবে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত বজালী জিলা সুৰক্ষা সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, সম্পাদকদ্বয় বিজন বায়ন, সমুদ্ৰ পাটগিৰী, ছাত্ৰ নেতা হিমাংশু শৰ্মা, সমাজকৰ্মী গুৰুপ্ৰসাদ দাস, দিপুল পাটগিৰী, ফুকন তালুকদাৰ, ভূপেশ খাটনিয়াৰকে ধৰি কেবাগৰাকীও ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ বজালী জিলা ঘোষণাৰ তীব্ৰ প্ৰতিবাদ কৰি কোনোকাৰণতে ৰাজ্যৰ ভিতৰতে ক্ষুদ্ৰ জিলা হিচাপে পৰিগণিত বজালী জিলা মানি লোৱা নহব আৰু বজালীৰ লগত পূৰ্বৰে থকা মানুহখিনিক বজালীত অন্তৰ্ভূক্ত কৰাৰ দাবী জনাই এই কাম নকৰিলে অনাগত সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি মন্তব্য কৰে৷ তেওঁলোকে কয় যে যোৱা ২৯ আগষ্টৰ চৰকাৰী অধিসুচনা অনুসৰি বজালী জিলা বিচাৰিছো৷ চৰকাৰে সেই অধিসুচনা মৰ্মে বজালী সমষ্টি আৰু ভৱানীপুৰ-সৰভোগ সমষ্টিক লৈ বজালী জিলা ঘোষণা কৰিছিল৷ কিন্তু তাৰ পিছত কি যুক্তিত চৰকাৰে বজালীক সংকুচিত কৰি ভৱানীপুৰ-সৰভোগ সমষ্টিক বজালীৰ পৰা বিশ্চেদ কৰিব বুলি ৰাজ্য চৰকাৰক আজিৰ এই প্ৰতিবাদী সমদলযোগে প্ৰশ্ন কৰি বজালী জিলা সম্প্ৰসাৰণ নকৰা পৰ্যন্ত আন্দোলন স্থগিত নহয় বুলি সকলো প্ৰতিবাদকাৰীয়ে একে মুখে হুংকাৰ দিয়ে৷ যি সময়ত খোদ ভবানীপুৰ, সৰুপেটা, পুঠিমাৰী, হাঠিনাপুৰ আদিৰ লগতে খোদ সৰভোগৰ বৃহৎসংখ্যক ৰাইজেও বজালী জিলাত থাকিব বিচাৰে তাৰ পিছতো চৰকাৰে শেহতীয়াকৈ অসম চৰকাৰে বজালী জিলাৰ মানচিত্ৰখন সংকুচিত কৰি কেৱল মাত্র বজালী সমষ্টিক লৈহে বজালী জিলা ঘোষণা কৰাত ভৱানীপুৰ-সৰভোগ সমষ্টিবাসী ৰাইজৰ লগতে বজালী জিলা সুৰক্ষা সমিতিয়ে এই বিষয়টো কেতিয়াও মানি লব পৰা নাই। যোৱা ৩১ আগষ্টত ৰাজ্য চৰকাৰে বজালী সমষ্টি আৰু ভৱানীপুৰ- সৰভোগ সমষ্টিক লৈ জিলা ঘোষণা কৰিছিল আৰু ২ অক্টোবৰত কেৱল বজালী সমষ্টিক লৈহে জিলা ঘোষণাই চৰকাৰে স্ব-বিৰোধ নীতি স্পষ্ট হৈ পৰিছে। সেয়েহে যেতিয়ালৈকে চৰকাৰে বজালী সমষ্টি আৰু ভৱানীপুৰ-সৰভোগ সমষ্টিক লৈ জিলা ঘোষণা নকৰে তেতিয়ালৈকে বজালী জিলা সুৰক্ষা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি সকলো প্ৰতিবাদকাৰীয়ে একেমুখে ব্যক্ত কৰে৷ উল্লেখ্য যে বজালী জিলা সুৰক্ষা সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, সম্পাদকদ্বয় বিজন বায়ন আৰু সমুদ্ৰ পাটগিৰিৰ নেতৃত্বত সমিতিয়ে বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ যোৱা ৫ অক্টোবৰত বজালী জিলা সুৰক্ষা সমিতিৰ ফালৰ পৰা কেবিনেট উপসমিতিক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ পিছতে ৭ অক্টোবৰত ভৱানীপুৰৰ গোপাল আতা সত্ৰত সত্ৰাধিকাৰ সমন্বিতে আধ্যাত্মিক ব্যক্তিসকলক লৈ প্ৰতীকী অৱস্থা ধৰ্মঘট ৰূপায়ন কৰাৰ লগতে কালি বজালী-ভৱানীপুৰ অঞ্চলৰ আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ উদ্যোগত তথা সমিতিৰ সহযোগত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিক্ষেত্ৰত অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰে৷ ইয়াৰোপৰি পুঠিমাৰী, হস্তিনাপুৰ আদি অঞ্চসমূহতো ৰাইজে বজালী জিলা সংকচিত কৰাক লৈ ক্ষোভিত হৈ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ আনহাতে অহা ১১ অক্টোবৰত চৰকাৰীভাৱে বজালী জিলাৰ কাম কাজ আৰম্ভ কৰাৰ কোনো কাৰ্যসূচীতে বজালী জিলা সুৰক্ষা সমিতিয়ে অংশগ্ৰহণ নকৰি একপ্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিব৷ আজিৰ এই প্ৰতিবাদী সমদলত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ ৰাখি প্ৰশাসনো যথেস্থ সংখ্যক আৰক্ষীকো মোতায়েন কৰা পৰিলক্ষিত হয়৷ উল্লেখযোগ্য যে প্ৰতিবাদী কাৰ্যসূচীত শ্বহীদ ইপিনে প্ৰশাসনিকভাবে ভৱানীপুৰ, হস্তিনাপুৰ আৰু বিজনী মৌজাৰ বৃহত্তৰ অঞ্চল বজালী মহকুমাৰ সৈতে দীৰ্ঘদিন সংলগ্ন থকাত নতুন বজালী জিলা গঠনত উক্ত অঞ্চলসমূহ বাদ পৰিলে যোগাযোগকে ধৰি বিভিন্ন ক্ষেত্ৰত থকা সুবিধাসমূহৰ বিলুপ্তি ঘটাৰ আশংকাত এতিয়া ভুগিছে ৰাইজে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like