নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিডিচিএলৰ কৰ্মীক মাৰপিটৰ ঘটনাত অভিযুক্ত আব্দুল গণিক গ্ৰেপ্তাৰ

🔹 ঘটনা সন্দৰ্ভত বৰ্তমানলৈ ৭ অভিযুক্তক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : বিদ্যুৎ চুৰিৰ ঘটনা ৰোধ কৰিবলৈ গৈ বৃহস্পতিবাৰৰ দিনা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ ধুবুৰী জিলাৰ গৌৰীপুৰ উপ-সংমণ্ডলৰ এছডিইসহ বিভাগটোৰ দুগৰাকীকৈ দৈনিক হাজিৰাৰ শ্ৰমিকক নিৰ্মমভাৱে কৰা মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগত এতিয়ালৈ আৰক্ষীয়ে ৭গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, যোৱানিশা এক অভিযান চলাই সিদিনাৰ এপিডিচিএলৰ তিনিজনীয়া দলটোক মাৰপিটৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আব্দুল গণি নামৰ আন এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। স্মৰ্তব্য যে নিয়মবহিৰ্ভূতভাৱে হুকিং কৰি পানীৰ পাম্প চলাই থকা বুলি পোৱা এক তথ্যৰ ভিত্তিত এপিডিচিএলৰ গৌৰীপুৰ উপ-সংমণ্ডলৰ এছডিই’ মঞ্জুৰুল হকে বিগত বৃহস্পতিবাৰৰ বিয়লিৰ ফালে ধুবুৰীৰ গৌৰীপুৰৰ দুমৰদহ চতুৰ্থ খণ্ড অঞ্চলত এক অভিযান চলাইছিল। দুগৰাকী দৈনিক হাজিৰাৰ শ্ৰমিক মফিদুল হ’ক আৰু ৰফিকুল হ’কক লগত লৈ এছডিইগৰাকীয়ে চলোৱা সেই অভিযানত অঞ্চলটোৰ আশ্ৰাফ আলীৰ গৃহকে ধৰি ৫টাকৈ পানীৰ মটৰ নিয়মবহিৰ্ভূতভাৱে হুকিং কৰি চলাই থকাৰ বিষয়টো উন্মোচিত হৈছিল। অভিযোগ অনুসৰি, এছডিই মঞ্জুৰুল হ’কে আশ্ৰাফ আলীৰ ওচৰত বিভাগীয় বিদ্যুৎ বিল বিচৰাৰ পিছত ব্যক্তিজনে এছডিই গৰাকীক গালি-শপনি দিয়াৰ সমান্তৰালকৈ অকষ্মাতে তেওঁৰ হাতৰ মোবাইলটো কাঢ়ি নিছিল। ইয়াৰ মাজতে একাংশ লোকে অকষ্মাতে এছডিই মঞ্জুৰুল হ’ক আৰু তেওঁৰ ল’গত যোৱা দিন হাজিৰাৰ সেই দুই শ্ৰমিকক নিৰ্মমভাৱে মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিল। বিষয়টো অৱগত হৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত গুৰুতৰ আহত অৱস্থাত এপিডিচিএলৰ সেই তিনিজনীয়া দলটোৰ কথমপি প্ৰাণৰক্ষা পৰিছিল। বিষয়টো অৱগত হৈ সেই মাৰপিটৰ ঘটনাৰ সৈতে জড়িত থকাসকলক কৰায়ত্ত কৰিবলৈ ধুবুৰী আৰক্ষীক কঠোৰ নিৰ্দেশ দিছিল অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে। সেই মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগত এতিয়ালৈ আৰক্ষীয়ে আব্দুল গণি, আশ্ৰাফ আলী, হাফিজুৰ ৰহমান, ছামছুল হক, মইনুল হক, ৰসিদুল ইছলাম আৰু মোস্তাকিম ৰহমান নামৰ ৭জন লোকক হব গ্ৰেপ্তাৰ কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like