বিশেষ বাৰ্তা, ১৮ এপ্রিলঃ বনাঞ্চল হ্রাস, ঔদ্যোগিক ক্ষেত্রৰ সম্প্রসাৰণ, জৈৱিক ইন্ধনৰ ব্যৱহাৰকে ধৰি বিভিন্ন কাৰণত ক্রমাৎ বৃদ্ধি পোৱা গোলকীয় উষ্ণতাই জলবায়ু তথা পাৰিপার্শ্বিকতাৰ ওপৰত ব্যাপক প্রভাৱ পেলাইছে৷ যাৰ ফল পৃথিৱীৰ চুকে–কোণে পৰিলক্ষিত হৈছে৷ আনকি শেহতীয়াকৈ কেইবাটাও আগশাৰীৰ গৱেষণা প্রতিষ্ঠানে গোলকীয় উষ্ণতাৰ প্রভাৱত কেতিয়াবা যদি খৰাং, আন কেতিয়াবা বিধ্বংসী বানে ক্ষতিগ্রস্ত কৰাৰ আগজাননীও প্রকাশ কৰিছে৷ এনে বিপদাশংকাৰ তালিকাত অসমেও স্থান লাভ কৰিছে আৰু ইয়াৰ প্রত্যক্ষ প্রভাৱ ইতিমধ্যে স্পষ্ট হৈছে৷ গ্রীষ্মকালৰ আৰম্ভণিতে ৰাজ্যক দহিছে প্রচণ্ড গৰমে৷ জলবায়ু পৰিৱর্তনৰ ভয়াৱহ বিপদাশংকাৰ ইংগিত প্রদান কৰি ব’হাগতে জুন–জুলাইৰ গৰম অনুভূত হৈছে৷ বসন্তৰ মধুময় পৰিৱেশত ৰঙালী বিহু উদযাপনৰ মাজতে ৰাজ্যত ঊর্ধ্বমুখী হৈছে পাৰাস্তম্ভ৷ একপ্রকাৰ ক’বলৈ গ’লে অস্বাভাৱিক গৰমে অসমৰ জীৱন যাত্রাক ব্যাহত কৰি তুলিছে৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসমত স্বাভাৱিকতকৈ ৬ ডিগ্রীপর্যন্ত তাপমাত্রা বৃদ্ধি পাইছে৷ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি কালিৰ দিনটোত গুৱাহাটীৰ সর্বোচ্চ তাপমাত্রা হৈছে ৩৭.২ ডিগ্রী চেলছিয়াছ৷ কিন্তু কালি স্বাভাৱিক তাপমাত্রাতকৈ ৬ ডিগ্রী উষ্ণতা বেছি অনুভূত হৈছে৷ সেইদৰে মহানগৰীখনত সর্বনিম্ন তাপমাত্রা আছিল ২২ ডিগ্রী চেলছিয়াছ৷ এইক্ষেত্রতো তাৰতম্যৰ পৰিমাণ হৈছে ১.৫ ডিগ্রী চেলছিয়াছ৷ আনহাতে, ডিব্রুগড়ৰ আজিৰ দিনটোত সর্বোচ্চ তাপমাত্রা হৈছে ২৯.৮ ডিগ্রী চেলছিয়াছ৷ এয়াও স্বাভাৱিকতকৈ ১.৯ ডিগ্রী অধিক৷ ডিব্রুগড়ৰ নিম্নতম তাপমাত্রা স্বাভাৱিকতকৈ ২.২ ডিগ্রী অধিক বুলি বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰিছে৷ সেইদৰে তেজপুৰতো আজিৰ দিনটোত স্বাভাৱিক পৰিমাণতকৈ ৪.৮ ডিগ্রী চেলছিয়াছ অধিক উষ্ণতা ৰেকর্ড হৈছে৷ তেজপুৰত সর্বোচ্চ তাপমাত্রা হৈছে ৩৫.৩ ডিগ্রী চেলছিয়াছ৷ সর্বনিম্ন তাপমাত্রাৰ ক্ষেত্রতো তেজপুৰৰ তাপমাত্রা আছিল ৪.৪ ডিগ্রী চেলছিয়াছ অধিক৷ ইয়াৰ সর্বনিম্ন তাপমাত্রা আছিল ২৪.৬ ডিগ্রী চেলছিয়াছ৷ শিলচৰত স্বাভাৱিকতকৈ ৪.০ ডিগ্রী চেলছিয়াছ অধিক তাপমাত্রা আজি ৰেকর্ড হয়৷ শিলচৰৰ সর্বোচ্চ তাপমাত্রা আছিল ৩৫.৩ ডিগ্রী চেলছিয়াছ৷ আনহাতে, শিলচৰৰ সর্বনিম্ন তাপমাত্রা ২৪.৬ ডিগ্রী চেলছিয়াছ, যিটো স্বাভাৱিকতকৈ ৩.৫ ডিগ্রী চেলছিয়াছ অধিক৷ ধুবুৰীত আজি সর্বোচ্চ তাপমাত্রা হৈছে ৩৭.৫ ডিগ্রী চেলছিয়াছ৷ এয়াও স্বাভাৱিক তাপমাত্রাতকৈ ৫.৩ ডিগ্রী চেলছিয়াছ অধিক৷ সর্বনিম্ন তাপমাত্রাৰ ক্ষেত্রত ধুবুৰীত স্বাভাৱিকতকৈ ৪.১ ডিগ্রী চেলছিয়াছ অধিক তাপমাত্রা ৰেকর্ড হৈছে৷ ধুবুৰীৰ সর্বনিম্ন তাপমাত্রা হৈছে ২৪.৫ ডিগ্রী চেলছিয়াছ৷ উত্তৰ লখিমপুৰত আজি ৰেকর্ড হোৱা সর্বোচ্চ তাপমাত্রাৰ পৰিমাণ হৈছে ৩১.৪ ডিগ্রী চেলছিয়াছ৷ এয়া স্বাভাৱিক পৰিমাণতকৈ ৩.৪ ডিগ্রী চেলছিয়াছ অধিক৷ অৱশ্যে সর্বনিম্ন তাপমাত্রাৰ ক্ষেত্রত উত্তৰ লখিমপুৰত ১ ডিগ্রী চেলছিয়াছৰ তাপমাত্রাৰ তাৰতম্য দেখা গৈছে৷ বিশেষকৈ ৰাজ্যৰ ভিতৰতে গুৱাহাটীত তাপমাত্রা অধিক হোৱাৰ বাবে গৰমৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে৷ কালিও গুৱাহাটীত স্বাভাৱিক তাপমাত্রাতকৈ ৫.৭ ডিগ্রী অধিক তাপমাত্রা অনুভূত হৈছিল৷ লক্ষণীয়ভাৱে আগন্তুক দিনসমূহতো গুৱাহাটীবাসীয়ে গৰমৰ পৰা সকাহ লাভ নকৰাৰেই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্রই৷ বৰঝাৰস্থিত কেন্দ্রটোৱে প্রকাশ কৰা আগজাননী অনুসৰি আংশিকভাৱে চলিত সপ্তাহটোত মহানগৰীৰ আকাশ ডাৱৰীয়া হৈ থাকিলেও তাপমাত্রা হ্রাস পোৱাৰ সম্ভাৱনা কম৷ সেই অনুসৰি আজি ৩৭, বুধবাৰে ৩৭, বৃহস্পতিবাৰে ৩৬, শুকুৰবাৰে ৩৬, শনিবাৰে ৩৪ আৰু দেওবাৰে ৩৪ ডিগ্রী চেলছিয়াছ সর্বোচ্চ তাপমাত্রা হ’ব বুলি কেন্দ্রটোৱে আগজাননী প্রকাশ কৰিছে৷ উল্লেখ্য যে কেৱল অসমতেই নহয়, দেশজুৰি অস্বাভাৱিকভাৱে তাপমাত্রা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আনকি কেইবাখনো ৰাজ্যত গ্রীষ্ম প্রবাহে গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে৷ দেশৰ আঠখনকৈ ৰাজ্যত গ্রীষ্ম প্রবাহৰ সতর্কবাণীও জাৰি কৰা হৈছে৷ পশ্চিমবংগ, বিহাৰ, অন্ধ্রপ্রদেশ, পঞ্জাব, মহাৰাষ্ট্র, ওড়িশা, দিল্লী–এনচিআৰ আৰু হাৰিয়ানাত আগন্তুক দুটা দিনত গ্রীষ্ম প্রবাহে ভয়াৱহ ৰূপ ল’ব বুলি আগজাননী প্রকাশ কৰা হৈছে৷ বতৰ বিজ্ঞান বিভাগে ভৈয়ামত কোনো এটা ষ্টেচনত ন্যূনতম ৪০ ডিগ্রী চেলছিয়াছ, উপকূলীয় অঞ্চলত ৩৭ ডিগ্রী চেলছিয়াছ আৰু পাহাৰীয়া অঞ্চলত ৩০ ডিগ্রী চেলছিয়াছ তাপমাত্রা ৰেকর্ড হ’লে গ্রীষ্ম প্রবাহ হোৱা বুলি ঘোষণা কৰে৷ এই সময়ছোৱাত মহাৰাষ্ট্রত পাৰাস্তম্ভ দ্রুতগতিত ঊর্ধ্বমুখী হোৱা দেখা গৈছে৷ বিগত কিছুদিনৰ ভিতৰত মহাৰাষ্ট্রৰ ১০খন জিলাত দিনৰ ভাগত সর্বোচ্চ তাপমাত্রাই ৪০ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷ ইয়াৰ ফলত কেৱল স্বাভাৱিক জীৱনযাত্রা ব্যাহত হোৱাই নহয়, ৰাজ্যখনত কেইবাজনো লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ নবী মুম্বাইত দেওবাৰে আয়োজন কৰা ‘মহাৰাষ্ট্র ভূষণ’ বঁটা প্রদান অনুষ্ঠানত ‘হিট ষ্ট্র’ক’ত আক্রান্ত হৈ ১৩জন লোকৰ মৃত্যু হয়৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী একনাথ সিন্দেৰ উপস্থিতিত আয়োজন কৰা এই বঁটা প্রদান অনুষ্ঠানত লক্ষাধিক লোকৰ সমাগম ঘটিছিল৷ মুকলি খেলপথাৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ সময়ত প্রচণ্ড গৰমৰ বাবে ১২৫জন লোক শ্বাস–প্রশ্বাসজনিত সমস্যাত আক্রান্ত হয়৷ তেওঁলোকক সমীপৱর্তী হাস্পতাললৈ লৈ যোৱা হয় যদিও ১১জন লোকে মৃত্যুক সাবটি লয়৷ সেইদৰে ওড়িশাৰ ২০টা স্থানত বিগত কেইবাদিনৰ ভিতৰত তাপমাত্রাই ৪০ ডিগ্রী অতিক্রম কৰিছে৷ যাৰ বাবে অংগনৱাড়ী কেন্দ্রসমূহত পাঠদানৰ সময় পুৱা ৭ বজালৈ আগুৱাই দিয়া হৈছে৷ বিহাৰত বৃদ্ধি পোৱা তাপমাত্রাৰ বাবে সকলো লোকক গৰমৰ পৰা বাছি চলিবলৈ আহ্বান জনোৱাৰ লগতে ডি হাইড্রেচনৰ পৰা বাচিবলৈ শৰীৰ শীতল কৰি ৰাখিবলৈ পৰামর্শ প্রদান কৰা হৈছে৷ পশ্চিমবংগত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা তাপমাত্রাৰ ফলত ৰাজ্যখনত শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে৷ এসপ্তাহৰ বাবে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰে বন্ধ ঘোষণা কৰিছে৷ ৰাজ্যখনৰ পশ্চিম বর্ধমানৰ পানাগড়ত সর্বাধিক ৪২.৬ ডিগ্রী চেলছিয়াছলৈ তাপমাত্রা বৃদ্ধি পাইছে৷ সেইদৰে কলকাতাত সর্বনিম্ন তাপমাত্রাই ৩৯.৮ ডিগ্রী চেলছিয়াছ স্পর্শ কৰিছে৷ আনহাতে, চুবুৰীয়া ৰাজ্য ত্রিপুৰাতো তাপমাত্রা বৃদ্ধিৰ পৰিপ্রেক্ষিতত সংশ্লিষ্ট চৰকাৰে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে৷ ত্রিপুৰা চৰকাৰে আগন্তুক ছয় দিন ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ আজি কৰা ঘোষণা অনুসৰি ১৮ এপ্রিলৰ পৰা ২৩ এপ্রিললৈ ত্রিপুৰাৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব৷ শিশুৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰি ৰাজ্য চৰকাৰখনে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ একে সময়তে চৰকাৰে ৰাজ্যখনৰ ব্যক্তিগত শৈক্ষিক প্রতিষ্ঠানসমূহকো একে সময়ছোৱাৰ বাবে তেওঁলোকৰ প্রতিষ্ঠানসমূহ বন্ধ কৰিবলৈ আহ্বান জনাইছে৷ ৰাজ্যখনত সর্বোচ্চ তাপমাত্রাই ৪০ ডিগ্রী চেলছিয়াছৰ ঘৰ স্পর্শ কৰিছে৷ সমান্তৰালভাৱে আগন্তুক পাঁচ দিনলৈ ত্রিপুৰাত তাপমাত্রাই ৩৫ৰ পৰা ৩৯ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিব বুলি বতৰ বিজ্ঞান কেন্দ্রই আগজাননী প্রকাশ কৰিছে৷ যাৰ বাবে পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ ঘৰৰ বাহিৰলৈ ওলোৱা লোকসকলক সতর্কতা অৱলম্বন কৰিবলৈ পৰামর্শ প্রদান কৰা হৈছে৷ স্বাভাৱিকতে দেশৰ ভিন্ন প্রান্তৰ সমান্তৰালকৈ অসমতো আগন্তুক দিনসমূহত গৰমে ভয়াৱহ ৰূপ ধাৰণ কৰাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ বিগত কেইবাদিনো ধৰি ভিন্ন প্রান্তত পাতলীয়া বৰষুণ হ’লেও তাপমাত্রা হ্রাস পোৱা নাই৷ আগন্তুক দিনতো এনেদৰে পাৰাস্তম্ভ ঊর্ধ্বমুখী হৈ থাকিলে ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্রা যে ব্যাহত হৈ পৰিব সেয়া নিশ্চিত৷ ইপিনে, গৰম বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যবাসীক সাৱধান হ’বলৈ আহ্বান জনাইছে চিকিৎসকসকলে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিৎ শর্মাই ডি হাইড্রেচনৰ পৰা বাচিবলৈ ৰাজ্যবাসীক অধিক পৰিমাণে পানী, ফলৰ ৰস, নেমুটেঙাৰ চৰবত, কর্দৈৰ চৰবত আদি সেৱন কৰিবলৈ পৰামর্শ প্রদান কৰিছে৷ অধিক পৰিমাণে ভিটামিন ‘চি’যুক্ত খাদ্য গ্রহণ কৰিলে চর্দি, জ্বৰ আদিৰ দৰে ৰোগৰ পৰা বাচি থাকিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে৷ ডায়েৰীয়া আদিৰ দৰে সমস্যাত ভুগিলে অধিক পৰিমাণে জুলীয়া পদার্থ সেৱন কৰাৰো পৰামর্শ আগবঢ়াইছে চিকিৎসকগৰাকীয়ে৷