নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ জুনঃ ৰাষ্ট্ৰ প্ৰেম আৰু ৰাষ্ট্ৰীয়তাবাদৰ চিন্তাৰে ১৯৪৯ চনৰ ৯ জুলাইত জন্মগ্ৰহণ কৰা ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস আগন্তুক ৯ জুলাইত এবিভিপি গুৱাহাটী মহানগৰীৰ উদ্যোগত এক বিস্তৃত কাৰ্যসূচীৰে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উপলক্ষে ১ জুনত গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজত প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায়। য’ত এবিভিপি গুৱাহাটী মহানগৰৰ বহুসংখ্যক কাৰ্যকৰ্তা উপস্থিত থকাৰ লগতে বহুসংখ্যক প্ৰাক্তন কাৰ্যকৰ্তা উপস্থিত থাকে। উক্ত সভাত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী মহানগৰে গুৱাহাটী মহানগৰৰ অন্তৰ্গত প্ৰায় ৩৭২খন বিদ্যালয়ৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰায় ১২০০ ছাত্ৰ ছাত্ৰীক “পদ্মশ্ৰী বিৰুবালা ৰাভা” বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু এই বঁটা প্ৰতিবছৰেই কৃতী ছাত্ৰ ছাত্ৰীসকলক দিয়া হ’ব বুলি এবিভিপি গুৱাহাটী মহানগৰৰ তৰফৰ পৰা জানিব দিয়ে।