গুৱাহাটী বিশ্ববিদ্যালয়ৰ অবাঞ্ছিত সংঘাতক দুৰ্ভাগ্যজনক আখ্যা এবিভিপিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মাৰ্চঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসমৰ দ্বাৰা আয়োজিত ছাত্ৰ নেতাসকলৰ সন্মিলনত আছু আৰু এন.এছ.ইউ.আইৰ প্ৰতিবাদে তেওঁলোকৰ হতাশা প্ৰদৰ্শন কৰিছে। সংবাদ মাধ্যমক সম্বোধন কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহন আৰু ৰাজ্যিক যুটীয়া সাংগঠনিক সম্পাদক সীমান্ত কুমাৰ বৈশ্যই এইদৰে কয়। তেওঁলোকে আৰু কয় যে আজি বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত ছাত্ৰ পৰিষদৰ ছাত্ৰ নেতা সন্মিলন পূৰ্বনিৰ্ধাৰিত কৰা হৈছিল আৰু ১ মাৰ্চত বিশ্ববিদ্যালয় প্ৰশাসনৰ পৰা মেইলযোগে ইয়াৰ আনুষ্ঠানিক অনুমতিও লাভ কৰা হৈছিলে। বিদ্যাৰ্থী পৰিষদে প্ৰেক্ষাগৃহ বুকিঙৰ বাবে পৰিমাণো পৰিশোধ কৰিছিল। এক হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। প্ৰথম অৱস্থাত প্ৰেক্ষাগৃহত আমাক সোমাবলৈ বাধা প্ৰদান কৰাৰ পিছতো আজিৰ এই অনুষ্ঠান সুন্দৰভাৱে চলি আছিল। কিন্তু অনুষ্ঠানৰ মাজতে আছু আৰু এন.এছ.ইউ.আইৰ কৰ্মীসকলে কাৰ্যসূচীত বাধা প্ৰদান কৰে। পিছলৈ তেওঁলোকে বি. কে. বি. প্ৰেক্ষাগৃহৰ সন্মুখলৈ আহি আমাৰ কাৰ্যকৰ্তাসকলোলৈ চেণ্ডেল দলিয়াই অভদ্ৰ শব্দৰে গালি-গালাজ কৰে। ইয়াৰ উপৰি বিদ্যাৰ্থী পৰিষদৰ বেনাৰ-পোষ্টাৰ ফালি পুৰি পেলাই অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা কৰে। ইয়াৰ পিছত আছু আৰু এন.এছ.ইউ.আইৰ কৰ্মীসকলে প্ৰেক্ষাগৃহলৈ সোমাবলৈ প্ৰয়াস কৰি সন্মিলনত উপস্থিত থকা এবিভিপিৰ কাৰ্যকৰ্তাসকলক শাৰীৰিকভাৱে আক্ৰমণ কৰে। অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি আছু আৰু এন.এছ.ইউ.আইৰ লোকসকলে আতংকিত হয় আৰু অনুষ্ঠানটোৰ এদিন আগতেও পৰিকল্পিতভাৱে বিৰোধ কাৰ্যসূচী অনুষ্ঠানস্থলীৰ সন্মুখত ৰাখে আৰু এই ষড়যন্ত্ৰত উপাচাৰ্য আৰু পঞ্জীয়কো জড়িত আছে। কাৰ্যসূচীৰ সময়ত বিশ্ববিদ্যালয়ৰ আছু আৰু এন.এছ.ইউ.আইৰ কাৰ্যকৰ্তাসকলে কাৰ্যসূচীটোত সমগ্ৰ অসম প্ৰদেশৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা আক্ৰমণ, ছাত্ৰীসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰাটোৱে স্পষ্টভাৱে তেওঁলোকৰ অগণতান্ত্ৰিক মনোভাৱ প্ৰদৰ্শন কৰে। বিশ্ববিদ্যালয় প্ৰশাসনক বাৰে বাৰে খবৰ দিয়া স্বত্বেও আৰক্ষীক ফোন নকৰাটোৱেও দেখুৱায় যে প্ৰশাসনো এই ষড়যন্ত্ৰত জড়িত হৈ আছে। অন্যহাতে বিশ্ববিদ্যালয় চৌহদত আছুৰ কাৰ্যালয় থকা কথাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় আৰু এইয়া সমূলি বেআইনী। যদিহে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আছুক কাৰ্যালয় নিৰ্মাণৰ অনুমতি প্ৰদান কৰিব পাৰে তেতিয়া হ’লে অসমৰ সকলো জাতি-জনগোষ্ঠীয় ছাত্ৰ সংগঠনকো বিশ্ববিদ্যালয় চৌহদত কাৰ্যালয় নিৰ্মাণৰ অনুমতি প্ৰদান কৰক।