নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদ নগৰী ঢেকীয়াজুলিত এবিভিপিৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ আৰম্ভ

🔴উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ জুনঃ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ শ্বহীদ নগৰী হিচাপে পৰিচিত ঢেকীয়াজুলিত আজিৰ পৰা ২৫ তাৰিখলৈ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ’ব। ক্ৰমাগতভাৱে বাঢ়ি অহা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাংগঠনিক কামকাজৰ প্ৰতি লক্ষ্য ৰাখি দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণ শিবিৰৰ প্ৰথম শিবিৰ আজিৰে পৰা ঢেকীয়াজুলিত উজনি আৰু মধ্য অসমৰ জিলাসমূহক লৈ অনুষ্ঠিত হয়, আৰু পৰৱৰ্তী সময়ত ১ জুলাইৰ পৰা ৪ জুলাইলৈ বঙাইগাঁৱত নামনি আৰু বৰাক উপত্যকাৰ জিলাসমূহক লৈ অনুষ্ঠিত হ’ব। ৰাজ্যিক প্ৰশিক্ষণ শিবিৰত বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলক বিদ্যাৰ্থী পৰিষদৰ কাম কাজ আৰু আদৰ্শৰ বিষয়ে কাৰ্যকৰ্তাসকলক প্ৰশিক্ষিত কৰা হ’ব। এক আদৰ্শগত ছাত্ৰ সংগঠন হিচাপে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলৰ বাবে প্ৰশিক্ষণ অতিকৈ গুৰুত্বপূৰ্ণ, সেয়েহে প্ৰতি বছৰে বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকলৰ বাবে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। এই প্ৰশিক্ষণ শিবিৰৰ চাৰিটা দিনত কাৰ্যকৰ্তা সকলক এবিভিপিৰ কাৰ্যপ্ৰদ্ধতি, সংগঠনৰ ইতিহাস তথা সংগঠনটোক ভৱিষ্যত সময়ত কেনেদৰে আগবঢ়াই নিব লাগিব সেই সম্পৰ্কে প্ৰশিক্ষিত কৰিব। আজিৰ প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী সত্ৰত উত্তৰ পূব ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়ন, পূৰ্ব কাৰ্যকৰ্তা তথা মন্ত্ৰী অশোক সিংহল, অসম প্ৰদেশৰ পূৰ্ব সভাপতি ৰবিন কাকতি, অসম প্ৰদেশৰ সম্পাদক হেৰল্ড মহন, সাংগঠনিক সম্পাদক অনুপ কুমাৰ বিশেষভাৱে উপস্থিত থাকে।

You might also like