গোৱালপাৰাত এবিভিপিৰ ৰাজ্যিক কাৰ্য্যসমিতি বৈঠক
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মে’ : গোৱালপাৰাত সামৰণি পৰিল এবিভিপি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্য্যসমিতিৰ বৈঠক। বৈঠকত এবিভিপি অসম প্ৰদেশৰ আগন্তুক দিনৰ কাৰ্যক্ৰমসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। এবিভিপিৰ অত্যন্ত গুৰুত্বপূৰ্ণ এই সমিতিৰ বৈঠকত আগন্তুক অসম প্ৰদেশৰ সদস্যতা লক্ষ্য ২ লাখ কেনেদৰে সম্পূৰ্ণ কৰি এই অভিযান সফল কৰি তুলিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়। এই বৈঠকতেই লখিমপুৰত এবিভিপিৰ আগন্তুক ৩০সংখ্যক ৰাজ্যিক অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯ আৰু ২০ মে’ত অনুষ্ঠিত এই বৈঠকত আগন্তুক সময়ত অসম প্ৰদেশৰ সাংগঠনিক কাৰ্যক্ৰমসমূহ যেনে নতুন শাখা গঠন, দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণ শিবিৰ, বিভিন্ন শৈক্ষিক আৰু সামাজিক বিষয় আদিৰ ওপৰতো এই কাৰ্য্যসমিতিৰ বৈঠকত বিশদভাবে আলোচনা কৰি সেই সিদ্ধান্তসমূহ কেনেদৰে ৰূপায়ণ কৰিব পাৰি তাৰ ৰূপৰেখা প্ৰস্তুত কৰা হয়। এই বৈঠকত বিশেষভাৱে উপস্থিত থাকে ৰাজ্যিক সভাপতি ৰীতামণি বৈশ্য, ৰাজ্যিক উপ-সভাপতি মৈহুৰ্চা বড়ো, ৰাজ্যিক সম্পাদক হেৰল্ড মহন, ৰাজ্যিক সাংগঠনিক সম্পাদক অনুপ কুমাৰ, ৰাজ্যিক সহঃ সাংগঠনিক সম্পাদক বিপুল ৰাভা।