👉সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ
👉অখিল গগৈক জনমানসত নিজকে সৰু নকৰিবলৈ আহ্বান
বিশেষ বাৰ্তা, ২২ জুনঃ আজি মন্ত্ৰী পীয়ূষ হাজৰীকাই দিছপুৰত এখন সংবাদ মেল সম্বোধন কৰে। ভিন্ন বিষয়ক লৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত আলোকপাত কৰে। বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰী পীযুষ হাজৰীকাই অখিল গগৈক উদ্দেশ্যি কয় যে অখিল গগৈ ডাঙৰীয়াই কেইটামান প্ৰশ্ন উত্থাপন কৰা দেখিছো যোৱা কেইদিনমানৰ পৰা। তেওঁ প্ৰথমে ক’লে যে মায়ং নামৰ এটা সমষ্টি সৃষ্টি কৰা হৈছে আৰু তাত বঙালী সম্প্ৰদায়ৰ ব্যক্তিসকলক সন্তুষ্ট কৰিবলৈ এই কামটো কৰা হৈছে। কিন্তু আমি খচৰাখন যেতিয়া ওলাল, তেতিয়া আমি দেখিলো যে মায়ং নামৰ কোনো সমষ্টি ইলেকচন কমিচনে কোনো প্ৰস্তাৱ দিয়া নাই। তেখেতে কিহৰ ভিত্তিত ক’লে এই কথাটো মই অখিল গগৈ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছো। তাৰ পিছত কালি তেখেতে ক’লে যে মৰিগাঁও সমষ্টিটো অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত হ’ব লাগে। মই তেখেতৰ এই কথাটোত সমৰ্থন কৰিছো। ময়ো নিজে বিচাৰো বা ময়ো মৰিগাঁও জিলাৰ এজন বাসিন্দা। আৰু মৰিগাঁও জিলাখনত যথেষ্ট তিৱা সম্প্ৰদায়ৰ ব্যক্তি আছে। অকল মৰিগাঁও জিলাই নহয়, তাৰ দাঁতিকাষৰীয়া ৰহা, নগাঁও বৰ্তমানৰ বটদ্ৰৱা এই অঞ্চলসমূহত যথেষ্টসংখ্যক তিৱা সম্প্ৰদায়ৰ ব্যক্তি আছে। গতিকে ময়ো মনেপ্ৰাণে বিচাৰো বা বিজেপি দলেও মনেপ্ৰাণে বিচাৰে যে মৰিগাঁও সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হ’ব লাগে। কিন্তু মই অখিল গগৈ ডাঙৰীয়াক এটা অনুৰোধ কৰিব বিচাৰিছো তেওঁলোকৰ ১২টা দলৰ যি সংগঠন আছে, সেই মিত্ৰ দলটোৱে যদি সিদ্ধান্ত লয় যে মৰিগাঁওটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰিব লাগে, তেতিয়াহ’লে আমিও অসম কেবিনেটত সিন্ধান্ত ল’ব মৰিগাঁওটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হ’ব লাগে। আমি ইতিমধ্যে, আপোনাকলোক সকলোৱে জানে অসমৰ ৰাইজে জানে বিজেপি দলে যোৱা দুটা বছৰৰ ইলেকচনত এগৰাকী অনুসূচিত জনজাতিৰ ব্যক্তিক সংৰক্ষণ নোহোৱা সত্ত্বেও বিজেপি দলৰ পৰা টিকট দিয়া হৈছে। আৰু দুইবাৰেই তেওঁ জয়লাভ কৰিছে। জানেই ৰমাকান্ত দেউৰী মৰিগাঁৱৰ বিধায়ক। অসংৰক্ষিত হোৱা সত্ত্বেও বিজেপিয়ে এগৰাকী তিৱা সম্প্ৰদায়ৰ ব্যক্তিক মৰিগাঁও সমষ্টিত টিকট দি আহিছে। আৰু তেখেতে জয়লাভো কৰিছো। আৰু মই আশা ৰাখো, সংৰক্ষণ হ’লেতো মই ভাল পাওঁ। সংৰক্ষণ হওক নহওক বিজেপিয়ে হয়তো আকৌ তিৱা সম্প্ৰদায়ৰ ব্যক্তিক এই মৰিগাঁও সমষ্টিত সদায় প্ৰাধান্য দিব বুলি মই দৃঢ়ভাৱে বিশ্বাসী। গতিকে অখিল গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছো তেওঁ কিহৰ ভিত্তিত ক’লে যে মায়ং সমষ্টি সৃষ্টি কৰা হৈছে আৰু মায়ং সমষ্টি সৃষ্টি কৰি বঙালী সম্প্ৰদায়ৰ ব্যক্তিসকলক তুষ্টিকৰণ কৰিব বিচাৰিছে। এই কথাখিনিৰ উত্তৰ দিব লাগে। সন্মানীয় অখিল গগৈ ডাঙৰীয়াক আৰু দুটামান কথা ক’ব বিচাৰো- অখিল গগৈ ডাঙৰীয়া আপুনি এটা জনগোষ্ঠীৰ নেতা নহয় বা নেতৃত্ব লোৱা নাই, আপুনি অসমৰ নেতৃত্ব লৈছে। গতিকে আপুনি এই সুৰু সুৰা কথা-বতৰা বিলাক কৈ আপুনি জনমানসত নিজকে সৰু নকৰিব। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা এই খচৰাক মন্ত্ৰী পীযুষ হাজৰীকাই অন্তঃকৰণেৰে আদৰণি জনোৱা বুলি উল্লেখ কৰে কয় যে এই খচৰাখনক খিলঞ্জীয়াৰ স্বাৰ্থত আদৰণি জনাইছো আৰু আমিও অন্তঃকৰণেৰে আদৰণি জনাইছো। আমি অসমৰ ৰাইজে বা ভাৰতীয়সকলে বা অসমৰ অসমীয়াসকলে বা আমাৰ জনজাতিসকলে যি এটা আশংকাত বসবাস কৰি আছিলো এই আশংকা আমাৰ পৰা কিছু পৰিমাণে নাইকিয়া হ’ব বুলি এই ডিলিমিটেচনৰ ড্ৰাফটখনত আমি দেখিবলৈ পাইছো বা তাৰ আভাস পাইছো। গতিকে এনেধৰণৰ সুৰা-সুৰা কথা কৈ অসমীয়াক মূল কষ্ট নিদিবলৈ অখিল গগৈ ডাঙৰীয়াক আৰু অন্য যিসকল ব্যক্তি আছে সকলোকে মই আহ্বান জনাইছো। ইপিনে, মন্ত্ৰী পীযুষ হাজৰীকাই ১০২টা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হোৱা বুলি আজি বিভিন্ন বাতৰি কাকতত যি বাতৰি প্ৰকাশ পাইছে তাক আদৰণি জনাইছে।