নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোচনাপন্থী আলফা নেতা প্রদীপ গগৈসহ তিনিজনক

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক হত্যাৰ ষড়যন্ত্র

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ  ৰাজ্যৰ প্রভাৱশালী মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ প্রাণনাশৰ ভয়ংকৰ ‘ব্লু–প্রিণ্ট’ ৰচনা কৰিছে এক দুষ্টচক্রই৷ এই ষড়যন্ত্রত হাতউজান দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আলোচনাপন্থী আলফা নেতা প্রদীপ গগৈৰ বিৰুদ্ধে৷ এই গভীৰ ষড়যন্ত্রৰ তথ্য লাভ কৰাৰ পিছতে কার্বি আংলঙৰ দুই যুৱকসহ প্রদীপ গগৈক মহানগৰ আৰক্ষীৰ ক্রাইম ব্রাঞ্চে গ্রেপ্তাৰ কৰে৷ যোৱানিশা দিছপুৰ থানাই হাতীগাঁৱৰ পৰা আলফা নেতাজনক আটক কৰি অনাৰ পিছতে ক্রাইম ব্রাঞ্চে আজি নিজৰ জিম্মাত লৈ গ্রেপ্তাৰ কৰে৷ আনহাতে ঘটনা সংক্রান্তত ক্রাইম ব্রাঞ্চে গ্রেপ্তাৰ কৰা কার্বি আংলঙৰ যুৱক দুজন হ’ল– মানৱ পাঠক আৰু কেটু মুডি৷ তিনিওজনৰ বিৰুদ্ধে ক্রাইম ব্রাঞ্চে ভাৰতীয় দণ্ডবিধিৰ ১২১/১২১ (এ)/১২২ আৰু আৰ ডব্লিউ ১৮ ইউ এ (পি) ধাৰাত ৬/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ লগতে তিনিওজন অভিযুক্তক আজি কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই তিনি দিনৰ জিম্মাত লয়৷ ক্রাইম ব্রাঞ্চৰ এক সূত্রই জনোৱা মতে, জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক হত্যাৰ পৰিকল্পনা কৰি কার্বি আংলঙৰ যুৱক মানৱ পাঠকে প্রদীপ গগৈৰে ম’বাইল ফোনত কথা পাতিছিল৷

এই কথোপকথন ইণ্টাৰচেপ্টাৰৰ জৰিয়তে ধৰা পেলোৱাৰ পিছতে ক্রাইম ব্রাঞ্চে কার্বি আংলং আৰক্ষীৰ সহযোগত মানৱ পাঠকৰ লগতে এই ঘটনাত জড়িত তথা বন্ধু কেটু মুডিক গ্রেপ্তাৰ কৰে৷ উক্ত কথোপকথনত মানৱ পাঠকে প্রদীপ গগৈক কয়– ‘ড০ হিমন্ত বিশ্ব শর্মাক বোমা বিস্ফোৰণ কৰি মাৰক নহ’লে, যেনেকৈ পাৰি তেনেকৈ মাৰক৷ তেতিয়া সকলো ঠিক হৈ যাব৷’ এই ফোনকলত মন্ত্রী ড০ শর্মাক প্রাণেমৰাৰ ভয়ংকৰ তথ্য লাভ কৰাৰ পিছতে যোৱানিশা মানৱ পাঠক আৰু কেটু মুডিক গ্রেপ্তাৰ কৰাৰ উপৰি প্রদীপ গগৈকো হাতীগাঁৱৰ বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰা হয়৷ মঙলবাৰে ক্রাইম ব্রাঞ্চে নিজৰ জিম্মাত লোৱাৰ পূর্বে দিছপুৰ আৰক্ষীয়েও আলফা নেতাজনক থানাত জেৰা কৰে৷ ক্রাইম ব্রাঞ্চৰ সূত্রটোৱে জনোৱা মতে, মন্ত্রী ড০ শর্মাক হত্যাৰ বাবে কৰা ষড়যন্ত্রত প্রদীপ গগৈ জড়িত আছে৷ ঘটনা সংক্রান্তত তদন্ত অব্যাহত আছে৷ এই ষড়যন্ত্রত আৰু কোনো লোক জড়িত থাকিব পাৰে৷ তিনিওজনকে আজি নিশা মুখামুখিকৈ জেৰা কৰাৰ অন্তত এই বিষয়ে অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে সমাগত অসম বিধানসভা নির্বাচনত বিজেপিৰ হৈ আৰু একাংশ প্রার্থীৰ হৈ ৰাজ্যৰ বিভিন্ন সমষ্টিত নিজৰ বিশাল সমর্থকক লগত লৈ পদযাত্রা, চাইকেল ৰেলী আদিৰে জোৰদাৰ প্রচাৰ অভিযান চলাই আছে মন্ত্রী ড০ শর্মাই৷ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ প্রচাৰ অভিযান বিৰোধী দলৰ প্রার্থীসকলৰ বাবে গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে৷ বিশেষকৈ বিজেপিৰ প্রভাৱশালী নেতাজনে যি যি সমষ্টিত প্রচাৰ অভিযান চলাইছে, সেই সমষ্টিতে বিজেপিৰ পক্ষে নির্বাচনী ঢ়ৌ বলাৰ আশংকাত বিৰোধী দল আৰু প্রার্থীসকলক ভিতৰি ভিতৰি শংকিত কৰি তুলিছে৷ এনে কাৰণতে বিজেপি দল সমাগত নির্বাচনত যাতে জিকিব নোৱাৰে, তাৰ বাবে ‘কিংমেকাৰ’স্বৰূপ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক প্রাণেমৰাৰ ষড়যন্ত্র কৰা আৰু ইয়াৰ আঁৰত কোনো বিৰোধী ৰাজনৈতিক শক্তি থাকিব পাৰে বুলি আশংকা কৰা হৈছে৷ এনে পৰিস্থিতিত এই ঘটনাটো অতি গুৰুত্বসহকাৰে লৈ ক্রাইম ব্রাঞ্চে তদন্ত অব্যাহত ৰাখিছে৷ ইফালে, এই ভয়ংকৰ ষড়যন্ত্রৰ তথ্য লাভ কৰাৰ পিছতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অধিক সাৱধান হৈ থাকিবলৈ ফোন কৰি জনাইছে৷ লগতে মন্ত্রী ড০ শর্মাৰ নিৰাপত্তাৰক্ষী বৃদ্ধি কৰি নিৰাপত্তা অধিক কটকটীয়া কৰি তোলাৰ ব্যৱস্থা কৰে৷ ইপিনে, এই ঘটনাৰ বিষয়ে বিশেষ একো নাজানে বুলি মন্ত্রী ড০ শর্মাই আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ লগতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানে তেওঁক ফোন কৰি সাৱধান হৈ থাকিব দিয়া বুলি জনায়৷

You might also like