নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপৰাধৰ ভুক্তভোগীক আর্থিক সাহায্য প্রদান

নিয়মীয়া ১০ এপ্ৰিলঃ বিভিন্ন অপৰাধজনিত ঘটনাৰ ভুক্তভোগীক আজি আর্থিক সাহায্য প্রদান কৰে কামৰূপ মহানগৰ জিলা আইন সেৱা প্রাধিকৰণে৷ কামৰূপ মহানগৰ জিলাৰ জিলা আৰু সত্র ন্যায়াধীশৰ আদালত চৌহদত আয়োজন কৰা এটা অনুষ্ঠানত ১৭গৰাকী হিতাধিকাৰীক মুঠ ৩৫ লাখ টকাৰ সাহায্য প্রদান কৰা হয়৷ বিভিন্ন অপৰাধজনিত ঘটনাত পৰিয়ালৰ উপার্জনকাৰীক হেৰুৱাই পেলোৱাৰ লগতে যৌন নির্যাতনৰ বলি হোৱা মহিলাক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে৷ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে এই সন্দর্ভত সমাজত সচেতনাৰ সৃষ্টি কৰিবলৈও লক্ষ্য বান্ধি লৈছে আইন সেৱা প্রাধিকৰণে৷ এই অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক আইন সেৱা প্রাধিকৰণৰ কার্যকৰী অধ্যক্ষ ন্যায়াধীশ এন কে সিং, ন্যায়াধীশ এম আৰ পাঠক আৰু ন্যায়াধীশ সুমন শ্যাম৷ তেওঁলোকে অনুষ্ঠানত ভাষণ দি ন্যায়িক বিষয়াসকলক এই সন্দর্ভত সমাজত সচেতনা সৃষ্টি কৰিবলৈ আহ্বান জনায়, যাতে দৰিদ্র আৰু আর্তজনে এই সুবিধাসমূহ লাভ কৰি উপকৃত হয়৷ এই বিশেষ আঁচনিৰ পৰা ভুক্তভোগী অথবা ভুক্তভোগীৰ পৰিয়াল যাতে কোনো কাৰণতে বঞ্চিত নহয়, তাৰ বাবে লক্ষ্য ৰাখিবলৈও ন্যায়াধীশকেইগৰাকীয় আহ্বান জনায়৷ একে সময়তে চৰকাৰৰ এই আঁচনিসমূহ সন্দর্ভত ৰাইজক সচেতন কৰাৰ ক্ষেত্রত সংবাদ মাধ্যমৰ গুৰুত্ব আৰু আৰক্ষীৰ ভূমিকা সম্পর্কেও তেওঁলোকে উল্লেখ কৰে৷ আৰক্ষী থানাসমূহত গোচৰ ৰুজু কৰাৰ সময়তে ভুক্তভোগী পৰিয়ালসমূহক এই আঁচনিৰ বিষয়ে সদৰী কৰিবলৈ তেওঁলোকে আৰক্ষী প্রশাসনক আহ্বান জনায়৷ জিলা আৰু সত্র ন্যায়াধীশ মিতালী ঠাকুৰীয়াই আদৰণী ভাষণ প্রদান কৰি সকলোকে এই আঁচনিৰ উপকাৰিতা সন্দর্ভত ৰাইজক অৱগত কৰিবলৈ আহ্বান জনায়৷ কামৰূপ মহানগৰ জিলাৰ আইন সেৱা প্রাধিকৰণৰ সচিব চাতুর্য তালুকদাৰে ভাষণ প্রদান কৰি এই আঁচনিৰ বিশদ ভাষ্য আগবঢ়ায়৷ কিদৰে তদন্ত প্রক্রিয়া সম্পন্ন কৰাৰ পিছত ভুক্তভোগী পৰিয়ালসমূহক আর্থিক সাহায্য প্রদান কৰা হৈছে, সেই সন্দর্ভতো তেওঁ ব্যাখ্যা আগবঢ়ায়৷

You might also like