নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা সজাগতা

অসমত তিনিটা পর্যায়ত অনুষ্ঠিত হোৱা বিধানসভা নির্বাচনৰ ভোটগ্রহণৰ অন্ত পৰাৰ পিছতেই পুনৰ ক’ৰোনা সংক্রমিত অর্থাৎ ক’ভিড–১৯ত আক্রান্ত ৰোগী চিনাক্ত হোৱা বিষয়টোৱে ৰাজ্যবাসীক অতংকিত কৰি তোলা পৰিলক্ষিত হৈছে৷ নির্বাচনৰ সময়ছোৱাত ব্যাপকভাৱে হোৱা জনসমাগমৰ ক্ষেত্রত নথকা কোনো ক’ৰোনা সজাগতাৰ বাবেই পুনৰ ক’ৰোনা সংক্রমণে কালান্তক ৰূপ ল’ব নেকি বুলি স্বাভাৱিক প্রশ্ণৰ উদ্রেক ঘটিছে৷ তাতোকৈ ক’ৰোনা সংক্রমণ বৃদ্ধি পালে ৰাজ্যত লকডাউন ঘোষণা কৰা পৰিস্থিতিৰ উদ্ভৱ হোৱাক লৈও জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ ক’ৰোনা সংক্রমণৰ প্রথম সময়ছোৱাত দেশজুৰি ঘোষিত হোৱা লকডাউনে দেশৰ অর্থনীতিৰ ব্যাপক ক্ষতিসাধন কৰাই নহয়, দৰিদ্র আৰু মধ্যবিত্ত শ্রেণীক সংস্থাপনহীন কৰি তোলাতো উত্তৰ ক’ৰোনাকালৰ বৃহৎ সমস্যা হৈ পৰিছে৷ তেনে পৰিস্থিতিত পুনৰ লকডাউন ঘোষিত হ’লে লাহে লাহে স্বাভাৱিক অৱস্থালৈ অহা জীৱনযাত্রা পুনৰ ভয়াৱহ অনিশ্চয়তাৰ মাজত সোমাই পৰাটো নিশ্চিত৷ ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি হ’লেও লকডাউন ঘোষণা নহয় বুলি ৰাজ্যবাসীক আশ্বস্ত কৰিছে৷ আনহাতে অসমৰ এই ক’ৰোনা সংক্রমণ ৰাজ্যত অনুষ্ঠিত হৈ যোৱা নির্বাচনৰ সময়ত চৰকাৰে ৰাজনৈতিক স্বার্থত ক’ৰোনা ভাইৰাছৰ বিভীষিকা অৱজ্ঞা কৰাৰ ফলত হোৱা বুলি চর্চিত হৈছে যদিও সেয়া সত্য নহয় বুলি ইতিমধ্যে স্পষ্ট হৈছে৷ কিয়নো দেশত ক’ৰোনাৰ এই দ্বিতীয় সংক্রমণ আৰম্ভ হৈছে মহাৰাষ্ট্র, মধ্যপ্রদেশ, ছত্তিশগড়, দিল্লী আদিৰ দৰে নির্বাচন অনুষ্ঠিত নোহোৱা ৰাজ্যতহে৷ সেইবাবেই এই সংক্রমণ ক’ৰোনাৰ দ্বিতীয় জোৱাৰ বুলিহে চিহ্ণিত হৈছে৷ ইতিমধ্যে এই ৰাজ্যসমূহত ক’ৰোনাৰ সংক্রমণ উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিব ধৰিছে৷
ক’ৰোনাৰ এই দ্বিতীয় সংক্রমণক লৈ সমগ্র দেশবাসীয়ে লকডাউনৰ আশংকাত ভোগাৰ সময়তে প্রকৃততে সজাগতাইহে যে ক’ৰোনা প্রতিৰোধ কৰিব পাৰে, সেয়া সকলোৱে উপলব্ধি কৰা প্রয়োজন৷ ক’ৰোনাৰ প্রথমটো জোৱাৰৰ সময়ত সমগ্র দেশ যেতিয়া লকডাউনত আছিল, সেই সময়তো কিন্তু এই কালান্তক ভাইৰাছৰ সংক্রমণ তীব্র গতিত অব্যাহত আছিল৷ শেষত ট্রেছ ট্রেক আৰু টেষ্ট কৌশল গ্রহণ কৰাৰ পিছতহে এই সংক্রমণ ক্রমাৎ নিয়ন্ত্রণলৈ অহাটো আমি মনত ৰখা প্রয়োজন৷ সেইবাবেই ক’ৰোনাৰ এই দ্বিতীয় জোৱাৰৰ সময়ছোৱাত এই মহামাৰীৰ সংক্রমণৰ ক্ষেত্রত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাটো সবাতোকৈ প্রয়োজন হৈ পৰিছে৷ জনসাধাৰণ নিজে সজাগ হৈ ক’ৰোনা সংক্রমণ ৰোধৰ বাবে ঘোষিত নীতি–নিয়মসমূহ যদি সঠিক ৰূপত পালন নকৰে, তেন্তে ক’ৰোনাৰ দ্বিতীয় জোৱাৰেও পুনৰ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ আশংকা প্রকাশ পাইছে৷ ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত সবাতোকৈ প্রয়োজনীয় সামাজিক দূৰত্ব মানি চলা, মাস্ক পৰিধান কৰা আৰু সঘনাই হাত ধোৱা তথা ছেনিটাইজ কৰা নিয়ম প্রতিজন সচেতন নাগৰিকে পালন কৰাটো অতিকে প্রয়োজন৷ তদুপৰি সাধাৰণ জ্বৰ, কাহ আদি ক’ভিড–১৯ৰ লক্ষণসমূহ দেখা দিলেই ক’ৰোনা পৰীক্ষা কৰাটো প্রাথমিক কর্তব্য হিচাপে বিবেচিত হোৱা উচিত৷ সমগ্র বিশ্বজুৰি যিহেতুকে ক’ৰোনা মহামাৰী ৰূপত চিহ্ণিত হৈছে, সেইবাবেই চৰকাৰ অথবা চিকিৎসকৰ উপৰি এনে মহামাৰী প্রতিৰোধৰ ক্ষেত্রত গণ সচেতনতাৰ ভূমিকা সর্বাধিক৷ যিকোনো এটা ৰোগেই যেতিয়া গণ সংক্রমণৰ ৰূপ পৰিগ্রহ কৰে, তেতিয়াই তেনে গণ সংক্রমণ ৰোধৰ বাবে জনগণৰ ভূমিকা হৈ পৰে সবাতোকৈ গুৰুত্বপূর্ণ৷ বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহত, য’ত স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি পর্যাপ্ত পৰিমাণে উন্নত নহয়, তাত একমাত্র চিকিৎসক অথবা চিকিৎসালয়েই মহামাৰী প্রতিৰোধ কৰাটো অসম্ভৱ৷ ক’ৰোনা সংক্রমণৰ প্রথম অৱস্থাত আমি আমেৰিকা যুক্তৰাষ্ট্র, জার্মানী, ফ্রান্স, ব্রিটেইন আদিৰ দৰে বিশ্বৰ আগশাৰীৰ দেশসমূহেও যি সময়ত ক’ভিড–১৯ প্রতিৰোধৰ ক্ষেত্রত অসহায় অৱস্থাৰ সন্মুখীন হোৱাৰ অতি দুখজনক প্রতিচ্ছবি প্রত্যক্ষ কৰিছিলোঁ, এনে দেশত মহামাৰীত মৃত্যু হোৱা শ শ মৃতদেহৰ দ’ম টিভিৰ পর্দাত দেখিছিলোঁ, তেতিয়া এনে মহামাৰীৰ ক্ষেত্রত আধুনিক প্রযুক্তিৰ সমগ্র ব্যৱস্থাটোৱে অচল হৈ পৰা যেন অনুভৱ হৈছিল৷ তাৰ বিপৰীতে কিন্তু একমাত্র সজাগতা আৰু সাৱধানতাৰ বাবেই ভিয়েটনাম, লাওছ আদিৰ দৰে অতি দুখীয়া দেশে সফলভাৱে ক’ৰোনা প্রতিৰোধ কৰাও আমি প্রত্যক্ষ কৰিছিলোঁ৷ সেইবাবেই ক’ৰোনা সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সময়ত আমি আতংকিত হোৱাৰ পৰিৱর্তে সাৱধানতা আৰু সজাগতাৰ জৰিয়তে এই মহামাৰীৰ সন্মুখীন হোৱাৰ বাবে নিজকে প্রস্তুত কৰাৰ সময় আহি পৰিছে৷

You might also like