নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰিত প্ৰকল্পৰ লগত সম্পৰ্কিত বিষয়সমূহ আলোচনা মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ নুমলীগড় শোধনাগাৰ লিমিটেডৰ সম্প্ৰসাৰ প্ৰকল্পৰ বাবে ৬০০ বিঘা ভূমি অধিগ্ৰহণ সম্পৰ্কীয় সকলো বিষয় সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি নুমলীগড়ৰ এন আৰ এল গেষ্ট হাউছত এচিএমছ, এটিটিএছএ, এনআলএল, গোলাঘাট জিলা প্ৰশাসন আৰু ৰাজাবাৰী চাহ বাগিচাৰ প্ৰতিনিধিসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷

সকলো পক্ষৰে কথা শুনাৰ পিছত এই সন্দৰ্ভত হোৱা বিস্তৃত আলোচনাত মুখ্যমন্ত্ৰীয়ে ভূমি অধিগ্ৰহণৰ বিষয়টোৰ আশু সমাধানৰ বাবে কেইবাটাও নিৰ্দেশনা প্ৰদান কৰে যাতে এই অধিগ্ৰহণৰ দ্বাৰা ৰাজাবাৰী চাহ বাগিচাৰ এজনো স্থায়ী অথবা অস্থায়ী কৰ্মী ক্ষতিগ্ৰস্ত হ’বলগীয়া নহয়৷

বৈঠকৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় –
  • অধিগ্ৰহণে ১৫৬গৰাকী স্থায়ী শ্ৰমিকক চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা ৪ লাখ টকা আৰু ৰাজ্য চৰকাৰে ১লাখ টকাকৈ মুঠ ৫লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰিব।
  • ২২২গৰাকী অস্থায়ী কৰ্মীক বাগিচা কৰ্তৃপক্ষই ২লাখ টকা আৰু ৰাজ্য চৰকাৰে ৫০,০০০ টকাকৈ মুঠ ২.৫০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব।
  • ৫০ গৰাকী স্থায়ী আৰু ৫০ গৰাকী অস্থায়ী হিচাপে মুঠ ১০০ গৰাকী শ্ৰমিকক এন আৰ এলত নিযুক্তি দিয়া হ’ব।
  • একত্ৰিত লেটেকুজান চাহ বাগিচাখনে ১০০গৰাকী শ্ৰমিকক কৰ্মী হিচাপে নিযুক্তি দিয়াৰ পোষকতা কৰিছে।
  • নুমলীগড়ত এখন অত্যাধুনিক দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন।
  • গোলাঘাট জিলাৰ মিছন পট্টিত অসম চাহ মজদুৰ সংঘৰ দ্বাৰা প্ৰস্তাৱিত হোষ্টেল নিৰ্মাণৰ বাবে অসম চৰকাৰৰ দ্বাৰা বিত্তীয় সাহায্য।

এএটিএছএ আৰু এচিএমএছৰ প্ৰতিনিধিসকলে জনোৱা অনুৰোধৰ প্ৰতি সহাঁৰি জনাই মুখ্যমন্ত্ৰীয়ে কয় যে স্থানীয় যুৱক-যুৱতী বিশেষকৈ চাহ বাগিচাৰ যুৱ-প্ৰজন্মৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নুমলীগড়ত এটা অত্যাধুনিক দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ বাবে পদক্ষেপ লোৱা হ’ব৷ তেওঁ এচিএমক আশ্বাস প্ৰদান কৰি গোলাঘাট জিলাৰ মিছন পেটিত প্ৰস্তাৱিত হোষ্টেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পৰা বিত্তীয় সমৰ্থন আগবঢ়োৱা হ’ব বুলিও কয়৷

বৈঠকত কৃষি মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক বিশ্বজিৎ ফুকন উপিস্থিত আছিল৷

You might also like