নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এচিএছ সুকন্যা বৰাক গ্রেপ্তাৰ চিএম ভিজিলেঞ্চৰ

🔹 সাংসদ পুঁজি কেলেংকাৰিত নিলম্বিত

🔹 মৰিগাঁও–আমিনগাঁও-গুৱাহাটীকে ধৰি ৮ স্থানত ভূমি : একাউণ্টত জমা আছে বুজন পৰিমাণৰ ধন

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জানুৱাৰী : অৱশেষত গ্রেপ্তাৰ হ’ল দুর্নীতিগ্রস্ত এচিএছ বিষয়া তথা কামৰূপ জিলাৰ নিলম্বিত অতিৰিক্ত আয়ুক্ত (এডিচি) সুকন্যা বৰা৷ দীর্ঘদিনীয়া তদন্তৰ অন্তত কালি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে বৰাক গ্রেপ্তাৰ কৰে৷ কালি পুৱাৰ ভাগত তদন্তকাৰী সংস্থাটোৱে তেওঁক জেৰাৰ বাবে উপস্থিত হ’বলৈ নির্দেশ দিছিল৷ সেই অনুসৰি দিনৰ প্রায় ১২ বজাত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষত বৰা হাজিৰ হয়৷ ইয়াৰ পিছতে তদন্তকাৰী সংস্থাটোৱে তেওঁক গ্রেপ্তাৰ কৰে৷ পৰৱর্তী সময়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত নিলম্বিত এডিচিগৰাকীক ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে তেওঁক ৩ দিনৰ বাবে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ জিম্মালৈ প্রেৰণ কৰে৷ উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধন তদানীন্তন এডিচি বৰাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল৷ অস্তিত্ববিহীন পথৰ নামত সাংসদ পুঁজিৰ ধন মোকলাই দিয়া বুলি অভিযোগ লাভ কৰাৰ পিছতে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে এই সন্দর্ভত এটা গোচৰ ৰুজু কৰে৷ গোচৰৰ তদন্তৰ সময়ত পোহৰলৈ আহে যে বৰপেটাৰ এটা পথৰ ৭৫ শতাংশ নির্মাণকার্য সম্পূর্ণ হোৱাৰ পূর্বেই ঠিকাদাৰক সম্পূর্ণ পুঁজি মোকলাই দিয়া হৈছিল৷ ইয়াৰ পিছতে বৰাসহ চাৰিজন বিষয়াক চৰকাৰে নিলম্বন কৰে৷ কিন্তু গোচৰটোৰ তদন্তৰ সময়তে বৰাৰ ধন–সম্পত্তি দেখি চকু কপালত উঠে তদন্তকাৰী সংস্থাটোৰ৷ চাকৰি কালৰ ৮ বছৰতে এইগৰাকী দুর্নীতিগ্রস্ত বিষয়াই কোটি কোটি টকাৰ সা–সম্পত্তি গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷ তদন্তকাৰী সংস্থাটোৰ প্রাথমিক তদন্তত পোহৰলৈ আহিছিল যে গুৱাহাটীৰ চাৰি স্থানকে ধৰি আমিনগাঁও, মৰিগাঁওসহ ৮ স্থানত ভূমি ক্রয় কৰিছিল বৰাই৷ তদুপৰি গুৱাহাটীৰ ছয়মাইলত দুটাকৈ বিলাসী পেণ্ট হাউছ নিলম্বিত বিষয়াগৰাকীয়ে ক্রয় কৰিছিল৷ বিদেশৰ পৰা আমদানিকৃত আচবাবেৰে এই দুয়োটা পেণ্ট হাউছ সজোৱা হৈছিল৷ অর্থাৎ দুয়োটা বিলাসী ঘৰৰ ইণ্টেৰিঅ’ৰ ডিজাইনৰ নামত বৃহৎ পৰিমাণৰ ধন তেওঁ ব্যয় কৰিছিল৷ স্বাভাৱিকতে প্রশ্ণ উত্থাপন হৈছিল যে ইমান চমু চাকৰি কালত কেনেদৰে বৰাই সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছিল৷ এয়া স্পষ্ট যে এগৰাকী বিষয়াৰ বাবে ইমান চমু সময়ৰ ভিতৰত কোটি কোটি টকাৰ সম্পত্তি গঢ়াটো দৰমহাৰ ধনেৰে কেতিয়াও সম্ভৱ নহয়৷ কেৱল স্থাৱৰ অথবা অস্থাৱৰ সম্পত্তিয়েই নহয়, বৰাৰ ব্যক্তিগত বেংক একাউণ্টতো কেইবা কোটি টকা জমা থকাৰ তথ্য মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে লাভ কৰিছে৷ ধৃত বৰা ৫ দিনৰ জিম্মাত থকাৰ সময়ছোৱাত এই সম্পত্তিৰ উৎস পোহৰলৈ আহিব বুলি আশা কৰা হৈছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে বৰাক কেইবাবাৰো মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে জেৰা কৰিছিল৷ জেৰাৰ সময়ত তেওঁ তদন্তকাৰী সংস্থাটোক সহযোগ নকৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ বাবে তদন্তকাৰী সংস্থাটোৱে সুকন্যা বৰাক লিখিতভাৱে বিভিন্ন প্রশ্ণৰ উত্তৰ দাখিল কৰিবলৈ নির্দেশ দিছে৷ নিলম্বিত বৰাৰ সমান্তৰালভাৱে তেওঁৰ মাতৃ আৰু কেইবাগৰাকীও আত্মীয়ক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে জেৰা চলাইছিল৷

You might also like