নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ নৱ শৰণীয়াৰ এছটিৰ চার্টিফিকেট ভুৱা

🔹 ৰাজ্যিক পর্যায়ৰ স্ক্রুটিনী কমিটীৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জানুৱাৰী : চৰম অনিশ্চয়তাৰ দিশে গতি কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যৎ৷ সাধাৰণ নির্বাচনলৈ মাজত মথোঁ কেইটামান দিন বাকী থকাৰ সময়তে তেওঁ পুনৰ কোকৰাঝাৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব পাৰিব নে নোৱাৰে, তাক লৈ আশংকা সৃষ্টি হৈছে৷ কিয়নো শৰণীয়াৰ জনজাতিৰ প্রমাণ–পত্র ভুৱা বুলি স্পষ্ট হৈ পৰিছে ৰাজ্যিক পর্যায়ৰ স্ক্ৰুটিনী কমিটীৰ স্পিকিং অর্ডাৰত৷ যোৱা ১২ জানুৱাৰীত সাংসদ শৰণীয়া বড়ো অথবা বড়ো–কছাৰী সম্প্রদায়ৰ লোক নহয় বুলি কমিটীয়ে ঘোষণা কৰিছে৷ শৈক্ষিক প্রমাণ–পত্র, ভূমিৰ প্রমাণ–পত্র, উত্তৰাধিকাৰ প্রমাণ–পত্রকে ধৰি বিভিন্ন নথি পৰীক্ষণৰ অন্তত কমিটীয়ে শৰণীয়া বড়ো অথবা বড়ো–কছাৰী সম্প্রদায়ৰ লোক নহয় বুলি উল্লেখ কৰিছে ৷ ইয়াৰ লগে লগে তেওঁ যে ভুৱা প্রমাণ–পত্রৰে জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ সমষ্টিত ২০১৪ আৰু ২০১৯ চনত প্রতিদ্বন্দ্বিতা কৰিছিল সেয়াও উন্মোচিত হৈছে৷ সমান্তৰালভাৱে তেওঁ বড়ো অথবা বড়ো–কছাৰী সম্প্রদায়ৰ লোক নহয় বুলি ঘোষণা কৰাৰ লগে লগে আগন্তুক নির্বাচনত জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাক লৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে শৰণীয়াৰ জনজাতিৰ প্রমাণ–পত্র ভুৱা বুলি জনকলাল বসুমতাৰী নামৰ এজন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ এই গোচৰটোত উচ্চ ন্যায়ালয়ে শৰণীয়াৰ জাতিগত প্রমাণ–পত্র দুমাহৰ ভিতৰত পৰীক্ষা কৰিবলৈ ৰাজ্যিক পর্যায়ত স্ক্রুটিনী কমিটীক নির্দেশ দিয়ে৷ ইয়াৰ পিছতে গোচৰটোৰ আবেদনকাৰী জনকলাল বসুমতাৰীয়ে ৰাজ্যিক পর্যায়ৰ স্ক্রুটিনী কমিটীৰ ওচৰত আবেদন দাখিল কৰে৷ ইয়াৰ ভিত্তিত কমিটীখনে শৰণীয়াৰ জাতিগত প্রমাণ–পত্র পৰীক্ষণৰ প্রক্রিয়া আৰম্ভ কৰে৷ কমিটীয়ে ৰাজ্যৰ জনজাতি পৰিক্রমা (ভৈয়াম) বিভাগৰ সঞ্চালকক সমগ্র বিষয়টো তদন্ত কৰি প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়ে৷ পৰৱর্তী সময়ত চিআইডিৰ আৰক্ষী অধীক্ষকৰ জৰিয়তে কুমাৰ শৰণীয়াৰ বিভিন্ন নথি–পত্র সংগ্রহ কৰে৷ সমান্তৰালভাৱে বাক্সা জিলাৰ উপায়ুক্তয়ো লিগেচী ডাটাকে ধৰি শৰণীয়াৰ বিভিন্ন তথ্য সংশ্লিষ্ট পক্ষক জমা দিয়ে৷ এইসমূহ তথ্য পৰীক্ষণৰ অন্তত পোহৰলৈ আহে যে কুমাৰ শৰণীয়াৰ পিতৃ প্রয়াত লক্ষীকান্ত শৰণীয়া প্রকৃতার্থত বড়ো–কছাৰী নাছিল৷ বাক্সা জিলাৰ তামুলপুৰৰ দীঘলীপাৰাৰ বাসিন্দা লক্ষীকান্ত শৰণীয়া প্রকৃতার্থত কোচ সম্প্রদায়ৰহে লোক আছিল৷ পূর্বৰ তথ্য অনুসৰি, শৰণীয়া হোৱাৰ পূর্বে সাংসদ শৰণীয়াৰ পিতৃয়ে সৰু কোচ উপাধি ব্যৱহাৰ কৰিছিল৷ অর্থাৎ শৰণীয়াৰ পিতৃৰ প্রকৃত নাম আছিল লক্ষী সৰু কোচ৷ সাংসদগৰাকীৰ ককাকৰ নাম চেলা সৰু কোচ৷ তদুপৰি শৰণীয়াৰ মাতৃয়ো বড়ো অথবা বড়ো–কছাৰী সম্প্রদায়ৰ লোক নাছিল৷ সাংসদগৰাকীৰ মাতৃ আছিল দীপিকা ডেকা৷ ধর্মীয় শৰণ লোৱাৰ পিছতহে তেওঁলোকৰ পৰিয়ালে শৰণীয়া উপাধি গ্রহণ কৰিছিল৷ ইয়াৰ ভিত্তিতে সদৌ অসম ট্রাইবেল সংঘৰ তামুলপুৰ জিলাৰ তদানীন্তন উপ–সভাপতিয়ে ২০১১ বর্ষৰ ১২ অক্টোবৰত শৰণীয়াক বড়ো–কছাৰী হিচাপে প্রমাণ–পত্র প্রদান কৰিছিল৷ কিন্তু প্রকৃতার্থত জন্মসূত্রে তেওঁ বড়ো সম্প্রদায়ৰ নোহোৱা সত্ত্বেও জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ সমষ্টিত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাক লৈ বিতর্কৰ সৃষ্টি হৈ আহিছিল৷ ইয়াৰ মাজতে জনকলাল বসুমতাৰী নামৰ ব্যক্তিজনে দাখিল কৰা অভিযোগৰ ভিত্তিত কমিটীয়ে শেহতীয়াকৈ প্রদান কৰা স্পিকিং অর্ডাৰত সাংসদ শৰণীয়া বড়ো অথবা বড়ো–কছাৰী সম্প্রদায়ৰ লোক নহয় বুলি কৰা ঘোষণাই এই বিতর্কৰ অৱসান ঘটালে৷ অৱশ্যে এয়া এক ৰাজনৈতিক ষড়যন্ত্র বুলি অভিহিত কৰিব বিচাৰিছে সাংসদ শৰণীয়াই৷ ৰাজ্যিক পর্যায়ৰ স্ক্রুটিনী কমিটীৰ স্পিকিং অর্ডাৰ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ সংবাদ মাধ্যমৰ সমুখত কয় যে যোৱা ৫ বছৰ ধৰি এই বিষয়টো কমিটীৰ ওচৰত নিষ্পত্তিবিহীনভাৱে পৰি আছিল৷ নির্বাচনৰ আগে আগে বিষয়টো নিষ্পত্তি কৰাৰ অর্থ হৈছে ইয়াৰ আঁৰত ৰাজনৈতিক কাৰণ জড়িত হৈ আছে৷ শৰণীয়া কছাৰীসকলৰ প্রমাণ–পত্রক লৈ যিসমূহ সমস্যা চলি আছে, সেয়া সমাধান কৰিবলৈ কেইবাবাৰো দাবী উত্থাপন কৰা হৈছিল৷ আনকি তেওঁৰ জাতিগত প্রমাণ–পত্রক লৈ চলি অহা বিতর্ক নিষ্পত্তি কৰিবলৈও কমিটীক পূর্বে আহ্বান জনাইছিল বুলি শৰণীয়াই উল্লেখ কৰি কয়– ‘কমিটীয়ে মই বড়ো নহয় বুলি প্রকাশ কৰিছে৷ এয়া এক ৰাজনৈতিক ষড়যন্ত্র৷ মোৰ লগত সমুখৰ পৰা যুঁজিব নোৱাৰে, সেয়েহে পিছফালৰ পৰা ছুৰী মাৰিবলৈ চেষ্টা কৰিছে৷ মোৰ সাংসদৰ কার্যকাল উকলিবলৈ আৰু বেছি দিন নাই৷ মূল কথাটো হ’ল আগন্তুক নির্বাচনত পুনৰ জয়ী হৈ মই যাতে সাংসদ হ’ব নোৱাৰোঁ৷ যাৰ বাবে মই অনুসূচিত জনজাতি নহয় বুলি প্রমাণ কৰিবলৈ চেষ্টা কৰি আছিল আৰু সেয়া প্রমাণ কৰিলে৷ মই নির্বাচনত অৱতীর্ণ হ’ব নোৱৰাৰ পর্যায় এটা সৃষ্টি হ’ব পাৰে৷ কিন্তু পিকচাৰ অভি বাকী হ্যায়৷ নির্বাচনলৈ এতিয়াও ডেৰ–দুমাহ সময় আছে৷ বিটিচিৰ ৰাইজৰ বাবে মই যুঁজ দি যাম৷ এতিয়া কেৱল বিটিচিতে নহয়, দেশজুৰি গণ সুৰক্ষা পার্টীৰ ভেটি শক্তিশালী হৈছে৷ এনে এটা দিন আহিব বুলি মই পূর্বেই অনুমান কৰিছিলোঁ৷ আমাৰ কৰণীয় কৰি যাম৷’

You might also like