নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা কলা শাখাত পঞ্চম স্থানপ্ৰাপ্ত শুৱালকুছিৰ মধুস্মিতাৰ প্ৰশাসনিক বিষয়া হোৱাৰ মন

বিশেষ বাৰ্তা, ২৭ জুনঃ বহু প্ৰতীক্ষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আজি ঘোষণা কৰা কলা শাখাৰ ফলাফলত শুৱালকুছিৰ মধুস্মিতা বেজবৰুৱাই কলা শাখাত অসমৰ ভিতৰত পঞ্চম স্থান দখল কৰি বস্ত্ৰনগৰী শুৱালকুছিলৈ গৌৰৱ কঢ়িয়াই অনাত আনন্দৰ জোৱাৰ উঠিছ ৷ মেধাৰ পৰিচয় দিয়া ছাত্ৰীগৰাকীয়ে লাভ কৰিছে মুঠ ৪৮০ নম্বৰ ৷ বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ মধুস্মিতাই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ পাবলৈ সক্ষম হয় ৷ ইয়াৰে অৰ্থনীতি বিজ্ঞানত ৯৬ , ৰাজনীতি বিজ্ঞানত ৯৯ , ইংৰাজীত ৯৪ , দৰ্শনশাস্ত্ৰত ৯৯ , ঐচ্ছিক ইংৰাজী সাহিত্যত ৯২ আৰু সমাজতত্ব বিষয়ত ৯০ নম্বৰ লাভ কৰি এওঁৰ উত্তীৰ্ণ হাৰ ৯৬ শতাংশ ৷ সময় পালেই অধ্যয়নত ব্ৰতী মধুস্মিতাৰ পঢ়াৰ কোনো নিৰ্দিষ্ট ৰুটিন নাছিল ৷ মাথোঁ পাঠ্যক্ৰম শেষ কৰাই তেওঁৰ লক্ষ্য আছিল বুলি সংবাদ মাধ্যমক অৱগত কৰে ৷ নম্বৰ সৰ্বোচ্চ বুলি নাভাবি নৱ প্ৰজন্মক অধ্যয়ন কৰি যাবলৈ তেওঁ পৰামৰ্শ দিয়ে ৷ বাঞ্চিত ফলাফল লাভ কৰি আনন্দিত ছাত্ৰী গৰাকীয়ে পৰীক্ষা দিয়াৰ পিছতে এটা ভাল ফল লাভ কৰিব বুলি আশাবাদী আছিল বুলিও কয় ৷ সফলতাৰ আঁৰত পিতৃ মাতৃ আনন্দ ৰাম বৰুৱা একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে মামাকৰ পৰিয়ালৰ কথা স্বীকাৰ কৰে ৷ আগন্তুক দিনত স্নাতক শ্ৰেণীত নামভৰ্তি কৰি ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন আছে বুলি এক প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে ৷ মধুস্মিতাৰ সন্তোষজনক ফলাফলত আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক পংকজ কলিতা, সহকাৰী সম্পাদক দীপাংকৰ শৰ্মা আদিয়ে ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক জাপি গামোচা আৰু ফুলৰ থোপাৰে অভিনন্দন আৰু আশীৰ্বাদ জ্ঞাপন কৰে ৷ শুৱালকুছি সাংবাদিক সন্থায়ো ছাত্ৰীগৰাকীক শুভেচ্ছা জনায় ৷ হাজো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তেও জিলা প্ৰশাসনে মেধা ছাত্ৰীগৰাকীৰ ঘৰত খবৰ লৈ শুভেচ্ছা জনায়৷
উল্লেখ্য যে কৃতী ছাত্ৰীগৰাকীয়ে শুৱালকুছি এঞ্জেলছ ইংলিছ স্কুলৰ পৰা ২০২০ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ডিষ্টিংচন লাভ কৰিছিল ৷ পূৱ শুৱালকুছি মাটি পৰ্বত নিৱাসী শিক্ষক পিতৃ কৃষ্ণ বেজবৰুৱাৰ আৰু মাতৃ আশা ছুপাৰভাইজাৰ লীনা বেজবৰুৱাৰ কন্যা ৷ ফলাফল পোৱাৰ পিছতে চুবুৰিত বমা ফটকা ফুটাই আৱতৰীয়া দেৱালীৰে অঞ্চলবাসীয়ে আনন্দ উল্লাস কৰে৷

প্ৰেৰক দিলীপ মেধি

You might also like