নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত সন্তোষজনক ফলাফলঃ প্ৰগতি একাডেমীৰ এশ শতাংশ উত্তীৰ্ণ

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ  আজি ঘোষণা কৰা  উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ পৰীক্ষা কেন্দ্ৰত সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হয় । আজি ঘোষণা কৰা ফলাফল অনুসৰি চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ৯১.১৮ শতাংশ শিক্ষাৰ্থী  উত্তীৰ্ণ হয় ।বিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা  মুঠ ৩৬ গৰাকী শিক্ষাৰ্থীৰ এগৰাকী ষ্টাৰ নম্বৰ সহ প্ৰথম বিভাগত সাত গৰাকী,  দ্বিতীয় বিভাগত ২৩ গৰাকী আৰু তৃতীয় বিভাগত দুগৰাকী সৰ্বমুঠ ৩১ গৰাকী উত্তীৰ্ণ হয় ।আনহাতে কলা শাখাত ৯০.২৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয় ।বিদ্যালয়খনৰ পৰা কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ ১৭০ গৰাকী শিক্ষাৰ্থীৰ চাৰি গৰাকী ষ্টাৰ নম্বৰ সহ প্ৰথম বিভাগত ১৮ গৰাকী, দ্বিতীয় বিভাগত ৭২ গৰাকী আৰু তৃতীয় বিভাগত ৫৮ গৰাকী সৰ্বমুঠ ১৪৮ গৰাকীয়ে  উত্তীৰ্ণ হয় । ইপিনে বালাপাৰাস্তিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰগতি একাডেমিৰ পৰা ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিলে ।প্ৰগতি একাডেমিৰ পৰা কলা শাখাত  অৱতীৰ্ণ হোৱা মুঠ ৩১ গৰাকী শিক্ষাৰ্থীৰ সাত গৰাকী প্ৰথম বিভাগত,  ১৩ গৰাকী দ্বিতীয় বিভাগত আৰু ১১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।বিদ্যালয়খনৰ পৰা ভাল ফলাফল লাভ কৰা পিছতে বালাপাৰা ৰাজহুৱা খেলপথাৰত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সম্বৰ্ধনা সভাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা  শিক্ষাৰ্থী সকলোক বিদ্যালয় কতৃপক্ষই ফুলাম গামোচা আৰু মালাৰে সম্বৰ্ধনা জনাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ।বিদ্যালয়খনৰ পৰা মহিমা চুলতানা (অসমীয়া, তৰ্ক বিজ্ঞান আৰু দৰ্শন ) ,উম্মে ছালমা (তৰ্ক বিজ্ঞান আৰু দৰ্শন) ,হাফিজুল ইছলাম ( এৰাবিক),  নুৰ ফাতিমা ,মাছুমা খাতুন, আৰ্শিদ নছিউৰ ৰহমান আৰু ছফিউৰ ৰহমানে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like