নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতৰ আঙুলিৰ ছাপ মাৰি নেতাজীৰ চিত্ৰ অংকনঃ বিজনীৰ জয়দেৱলৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু অসম বুক অৱ ৰেকৰ্ডছ-২০২২ সন্মান

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ .চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী এক নম্বৰ ছাতিয়ানগুৰি গাঁৱৰ এগৰাকী কলেজীয়া ছাত্ৰই নিজে অংকন কৰা ছবিৰ  প্ৰতিভাৰ জৰিয়তে প্ৰায় একে সময়তে  অসম বুক অৱ ৰেকৰ্ডছ ২০২২ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ ২০২২ খিতাপ অৰ্জন কৰি বিজনীৰ লগতে চিৰাং জিলা খনলৈ সন্মান কঢ়িয়াই আনিছে  ৷ এক নম্বৰ ছাতিয়ানগুৰি নিবাসী তথা দুই নম্বৰ দৈলংঝাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অসিত দত্ত আৰু গৌৰী দত্তৰ পুত্ৰ জয়দেৱ দত্তই এই সন্মানৰে সন্মানিত হৈছে ৷ ছাত্ৰজন সম্প্ৰতি কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয় (Kokrajhar Music & Fine Arts College)ত ষষ্ঠ ষান্মাষিকৰ ছাত্ৰ ৷ জয়দেৱ দত্তই নেতাজী সুভাষ চন্দ্ৰ বসুৰ এখনি চিত্ৰ হাতৰ আঙুলিৰ ছাপ মাৰি অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছ লৈ প্ৰেৰণ কৰাৰ পাছত অসম বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই ছাত্ৰ জনৰ ছবিখন অসম বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই  বিগত ১০ মে’ ত ছাত্ৰ জনলৈ গামোছা, প্ৰমাণপত্ৰ প্ৰেৰণ কৰে ৷ একেই পদ্ধতিৰে ভাৰতবৰ্ষৰ কেবাগৰাকী মনীষীৰ ছবি হাতৰ আঙুলিৰে ছাপ মাৰি (finger Print) কৰা অংকন কৰা ছবিয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ প্ৰাধ্যন্য লাভ কৰে ৷ বিগত ২৪ জুনত জয়দেৱ দত্তৰ ঘৰলৈ ইণ্ডিয়া.বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই ছাত্ৰ জনৰ ছবিৰ স্বীকৃতি হিচাপে ৰেকৰ্ড সন্নিৱিষ্ট কৰা বুলি ছাত্ৰজনলৈ প্ৰেৰণ কৰে প্ৰমাণ পত্ৰ আৰু অন্যান্য সামগ্ৰী  ৷ অসম আৰু ভাৰত বৰ্ষৰ দুটাকৈ জনে সন্মান লাভ কৰি অত্যন্ত সুখী বুলি অভিহিত কৰি জয়দেৱ দত্তই জানিবলৈ দিয়ামতে, তেওঁ মহামানৱ মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ছত্ৰপতি শিৱাজী, চৰ্দাৰ বল্লভভাই পেটেল, সৰ্বপল্ল  ৰাধাকৃষ্ণন, ভগত সিং,  ড০ ভূপেন হাজৰিকা, চাৰ্লি চেপলিন, লতা মংগেশকাৰ আৰু বৰ্তমানৰ ভাৰত বৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী  ৷ ছাত্ৰজনে সৰুৰে পৰা চিত্ৰ শিল্পৰ সতে আকৰ্ষিত হোৱাৰ পাছত বিজনীত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰ সম্প্ৰতি কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে ৷ আগলৈ জয়দেৱ দত্তই  চিত্ৰ শিল্পৰ জৰিয়তে ভৱিষ্যতে কাম কৰি যাব বুলি প্ৰকাশ কৰে ৷

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like