নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঙাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ, নিধন ৩৫টা গাহৰি

নিয়মীয়া বাৰ্তা, ২৩ মে’: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ চেঙা গাঁৱৰ বামপাৰাৰ হলধৰ কুমাৰ দেৱৰ পুত্ৰ দেৱ কুমাৰ দেৱৰ গাহৰিৰ ফাৰ্মত ধৰা পৰিছিল আফ্ৰিকান ছোৱাইন ফিভাৰ। গাহৰি ফাৰ্মখনৰ পৰা আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে আজি বৰপেটা জিলাৰ পশু চিকিৎসা বিভাগে ফাৰ্মখনৰ গাহৰিসমূহ নিধন কৰি গাঁত খান্দি পুতি থয়।

চেঙাৰ গাহৰি পালক দেৱ কুমাৰ দেৱ বিগত সাত বছৰ ধৰি গাহৰি ফাৰ্মৰ স’তে জড়িত হৈ স্বাৱলম্বীতাৰ বাটত খোজ পেলাইছিল। গাহৰি ফাৰ্মখনৰ পৰা হোৱা উপাৰ্জনেৰে পৰিয়াল চলিছিল দেৱ কুমাৰ দেৱৰ। ফাৰ্মখনৰ গাহৰিবোৰ আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱাত পোৱালীসহ ৩৫ টা গাহৰি নিধন কৰে পশু চিকিৎসা বিভাগে৷ ফাৰ্মখনত আফ্ৰিকান ছোৱাই ফিভাৰৰ প্ৰাদুৰ্ভাৱ নিশ্চিত হোৱাৰ পিচত বৰপেটাৰ জিলা দণ্ডাধীশে অসম মহামাৰী ৰোগ আইন ২০২৩ অনুসৰি কালি কেতবোৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল।

অধিক সংক্ৰমণ ৰোধ কৰিবলৈ এক জাননী যোগে জিলা প্ৰশাসনে বৰপেটা জিলাৰ সকলো বজাৰ আৰু ৰাজহুৱা স্থানত গাহৰি, গাহৰিৰ পোৱালী, গাহৰিৰ মাংস আৰু আনুষংগিক সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰিছে। পশু চিকিৎসা বিভাগে জানিবলৈ দিয়া মতে চেঙা অঞ্চলৰ আন কোনো গাহৰি ফাৰ্মত ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৰ্তমানলৈকে দেখা দিয়া নাই। ইয়াৰ উপৰিও আফ্ৰিকান ছোৱাইন ফিভাৰৰ  সংক্ৰমণ ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগে ৷ ফাৰ্মখনৰ মৃত গাহৰিবোৰৰ পৰা আৰু যাতে সংক্ৰমণ হ’ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে পশু চিকিৎসক ডাঃ প্ৰবীন কুমাৰ দাসে৷

আনহাতে চৰকাৰৰ তৰফৰ পৰা গাহৰি পালকসকলৰ ক্ষতিপুৰণৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে পশু চিকিৎসক ডাঃ প্ৰবীন কুমাৰ দাসে৷ উল্লেখ্য যে যোৱা ১৭ মে’ত  জিলাখনৰ গহিয়াত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱা গাহৰিসমূহ নিধন কৰি গাঁতত পুতি থোৱা হৈছিল। তাৰ পাছত পশু চিকিৎসা বিভাগৰ চাৰ্ভিলেঞ্চত নিজ চেঙাৰ দেৱ কুমাৰ দেৱৰ গাহৰিৰ ফাৰ্মৰ এটা গাহৰিৰ দেহত জ্বৰ ধৰা পৰে।

জ্বৰত আক্ৰান্ত হোৱা গাহৰিৰ পৰা পশু চিকিৎসা বিভাগে নমুনা সংগ্ৰহ কৰি খানাপাৰাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ডিজিছ ডায়গনষ্টিক লেবৰেটৰীলৈ প্ৰেৰণ কৰে। পৰীক্ষাগাৰত নমুনাত পজিটিভ ওলোৱাত পশু চিকিৎসা বিভাগে আফ্ৰিকান ছোৱাইন ফিভাৰ বুলি নিশ্চিত হোৱাত প্ৰশাসনৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

প্ৰেৰক তফিকুৰ ৰহমান 

You might also like