১৫ মে’ৰ ভিতৰত শাম কাটিব ক’ভিড পৰিৱেশ
নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ ৰাজ্যত ভয়াৱহ ৰূপত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পাই থকাৰ সময়তে অহা ১৫ মে’ৰ ভিতৰত পৰিৱেশ উন্নত হ’ব বুলি মন্তব্য কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বৃহস্পতিবাৰে বিহালীৰ বৰগাং চাহ বাগিচাৰ বৰবিলৰ ঐতিহ্যমণ্ডিত কালী মন্দিৰত পূজা দিবলৈ উপস্থিত হোৱা মন্ত্রীগৰাকীয়ে কয় যে যোৱা তিনি দিনত ক’ৰোনাৰ সংক্রমণ হ্রাস হোৱা নাই যদিও বৃদ্ধিও হোৱা নাই৷ ই স্থবিৰ হৈ আছে৷ পূর্বৰ অভিজ্ঞতাৰ পৰা আমি দেখিছোঁ যে প্রতিদিনে ক’ৰোনাৰ সংক্রমণ বাঢ়ি গৈ থাকে৷ কিন্তু এইবাৰ সংক্রমণ যোৱা তিনি দিনত সেইধৰণে বৃদ্ধি হোৱা নাই৷ তেওঁ কয়– যোৱা ১০টা দিনত স্বাস্থ্য বিভাগে যিধৰণে কাম কৰিছে, তাৰ পৰা মই ভাবোঁ যে অহা ১৫ মে’ৰ ভিতৰত ক’ভিড পৰিৱেশ শাম কাটিব৷ কিন্তু এইবাৰৰ সংক্রমণৰ ধাৰাটো কিছু পৃথক তথা নতুন৷ গতিকে যথেষ্ট সাৱধান হ’ব লাগিব৷
উল্লেখ্য যে ক’ৰোনাৰ সংক্রমণ তথা ৰাজ্যত দেখা দিয়া অপায়–মংগলৰ পৰা ৰক্ষা পাবলৈ আজি বৰগাং কালী মন্দিৰত শলিতা জ্বলাই আশীর্বাদ লয় স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ ১৮৯৮ চনতে মেকলয়ড মালিকানাধীন বিশ্বনাথৰ বৰগাঙৰ বৰবিল চাহ বাগিচাত থকা জাগ্রত কালী মন্দিৰত উপস্থিত হোৱা মন্ত্রী ড০ শর্মাক সংগ দিয়ে মন্ত্রী ৰঞ্জিত দত্ত, সাংসদ পল্লৱলোচন দাস, বিধায়কদ্বয় প্রমোদ বৰঠাকুৰ আৰু উৎপল বৰাই৷
উল্লেখ্য যে ১৯ শতিকাৰ শেষার্ধত কলেৰা মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে এই অতিমাৰীৰ পৰা পৰিত্রাণ বিচাৰি কালী মাৰ শৰণাপন্ন হৈছিল সাধাৰণ ৰাইজ৷ সেই সময়ৰ পৰাই জাগ্রত কালী মন্দিৰ ৰূপে পৰিচিত হৈ থকা মন্দিৰটোত বৃহস্পতিবাৰে পূজা আগবঢ়াই মন্ত্রী ড০ শর্মাই ইয়াকো উল্লেখ কৰে যে ৰাজ্যত সদ্যহতে লকডাউন নহয়৷ তেওঁ কয়– লকডাউন নিদিয়াকৈ কেনেকৈ ক’ৰোনা চম্ভালিব পাৰি, সেই দিশটোৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে৷
যেতিয়া চিকিৎসালয়ৰ বিছনা, আই চি ইউ আদি কমি যায়, তাৰ ব্যৱস্থা কৰিবলৈহে লকডাউনৰ আৱশ্যক হয়৷ যাতে সেইখিনি পুনৰ নির্মাণ কৰি ল’ব পাৰি৷ দিল্লী আৰু মহাৰাষ্ট্রত এতিয়া লকডাউন দিছে, কাৰণ তাত চিকিৎসালয়ৰ বিছনা–আই চি ইউ কমি গৈছে৷ অসমত তেনে সম্ভাৱনা দেখা দিয়া নাই৷ লকডাউন দি পুনৰ চিকিৎসালয় স্থাপন কৰিব লগা অসমত হোৱা নাই৷ কিয়নো প্রথম ক’ভিডৰ পাছতে স্বাস্থ্য বিভাগে যথেষ্ট ব্যৱস্থা গ্রহণ কৰিছে৷ অৱশ্যে কাইলৈ যদি ২৫ হাজাৰ লোক ক’ৰোনাত আক্রান্ত হয়, তেন্তে পৰিৱেশ কিছু বেলেগ হ’ব৷ কিন্তু বর্তমান তেনে পৰিৱেশ সৃষ্টি হোৱা নাই৷ ইফালে কালি সৃষ্টি হোৱা ভূমিকম্প সন্দর্ভত মন্ত্রীগৰাকীয়ে কয়– ভূঁইকঁপৰ ফলত যি ধৰণৰ ক্ষতি হ’ব লাগিছিল, ঈশ্বৰৰ কৃপাত সকলোৱে ৰক্ষা পৰিল৷ কোনো এজন লোকৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা নাই৷ ভগৱানৰ আশীর্বাদত সকলোৰে মংগল হ’ব৷