নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুপ্তঘাতকে উদং কৰা ঘৰখনলৈ তিনি দশকৰ পাছত আহিব মনোজ

দৃষ্টি ৰাজখোৱাৰ আত্মসমর্পণত উৎফুল্লিত জন্মভূমি ৰংজুলি

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ নিষিদ্ধঘোষিত আলফা (স্বাধীন)ৰ উপ–মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই মেঘালয়ত আত্মসমর্পণ কৰা বুলি খবৰ লাভ কৰাৰ পাছতে তেওঁৰ জন্মগাঁও বেলপাৰাৰ লগতে ৰংজুলি অঞ্চলত তীব্র কৌতূহল আৰু উৎসুকতাৰ সৃষ্টি কৰিছে৷ ঘৰৰ ল’ৰা ঘৰলৈ উভতি অহা সিদ্ধান্তই যেন সুখী কৰিছে জ্যেষ্ঠ লোকসকলকো৷ প্রায় তিনিটা দশক পাছত ঘৰলৈ উভতি আহিব বিচৰা একালৰ মেধাসম্পন্ন ছাত্র তথা খেল–ধেমালি আৰু সংগীত, অভিনয়ৰ প্রতি ৰাপ থকা ল’ৰাজনৰ ওভতনি যাত্রাক আদৰণি জনাইছে গাঁওবাসী তথা অঞ্চলবাসী ৰাইজে ৷ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাৰ খুৰাক গোধীৰ বাণ্ঠোৱে জানিবলৈ দিয়া মতে ১৯৮৯ চনত ৰংজুলিৰ বেলপাৰা গাঁৱৰ পৰা গৈ নিষিদ্ধঘোষিত ‘আলফা’ত যোগদান কৰিছিল মনোজ ৰাভাই৷ সংগঠনত গৈ নাম লৈছিল দৃষ্টি ৰাজখোৱা৷ পৰৱর্তী সময়ত আলফাৰ গুৰুত্বপূর্ণ নেতা হিচাপে চর্চিত হোৱা দৃষ্টি ৰাজখোৱা কালি আত্মসমর্পণ কৰা সময়লৈ আছিল আলফা (স্বাধীন)ৰ উপ–মুখ্য সেনাধ্যক্ষ৷ উল্লেখ্য যে অগপ চৰকাৰৰ দ্বিতীয়টো কার্যকালত অসম কঁপাই দিয়া গুপ্তহত্যাৰ সময়ছোৱাত দৃষ্টি ৰাজখোৱাৰ পিতৃ–মাতৃ, আত্মীয়–স্বজনে এক আতংকৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল৷ তেওঁলোকক যেন এক প্রচণ্ড মৃত্যু ভয়ে খেদি ফুৰিছিল৷ অৱশেষত তেওঁলোকৰ আশংকাই সত্যত পৰিণত হৈছিল৷ ১৯৯৯ চনৰ ৯ মার্চৰ মাজনিশা প্রায় ২.৪৫ বজাত দৃষ্টি ৰাজখোৱাৰ পিতৃ–মাতৃ ক্রমে ধনেশ্বৰ ৰাভা আৰু সুশীলা ৰাভাক নিজৰ ঘৰতে চোকা অস্ত্রৰে কটাৰ লগতে গুলীয়াই নৃশংসভাৱে হত্যা কৰিছিল গুপ্তঘাতকে৷

দৃষ্টি ৰাজখোৱাৰ পিতৃ তথা বিশিষ্ট নাট্যকর্মী ধনেশ্বৰ ৰাভাৰ ভাতৃ গোধীৰ বাণ্ঠোৱে এই প্রতিবেদকক সেই ভয়াৱহ নিশাটোৰ বর্ণনা কৰিবলৈ গৈ উচুপি উঠে ৷ তেওঁ বিৱৰণ দিয়া অনুসৰি মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱাৰ পিতৃ ধনেশ্বৰ ৰাভাক ‘খুৰা খুৰা’ বুলি মাতি বিছনাৰ পৰা উঠি বাহিৰলৈ ওলাই আহিবলৈ আহ্বান জনাইছিল গুপ্তঘাতকৰ দলটোৱে৷ হাতত এটা জ্বলি থকা লেম্প লৈ ওলাই আহিছিল ধনেশ্বৰ ৰাভা৷ ধনেশ্বৰ ৰাভাই বাহিৰত ওলোৱাৰ লগে লগে নির্বিচাৰে গুলীচালনা কৰিছিল গুপ্তঘাতকে৷ স্বামীৰ নির্মম হত্যাকাণ্ড প্রত্যক্ষ কৰা সুশীলা ৰাভাই প্রাণটো বচাবলৈ দৌৰি যাব খুজিছিল মনোজ ৰাভাৰ খুৰাক গোধীৰৰ ঘৰলৈ৷ কিন্তু যাব নোৱাৰিলে ঘাতকৰ দলৰ পৰা হাত সাৰি ৷ সুশীলা ৰাভাকো খেদি গৈ গুলীচালনা কৰাই নহয়, চোকা অস্ত্রৰে বুকুৱে–পেটে কেইবাটাও ঘাপ মাৰি নৃশংসভাৱে হত্যা কৰিছিল৷ সুশীলা ৰাভাৰ হত্যা ইমানেই হূদয়বিদাৰক আছিল যে পেটৰ মাজত থকা নাৰী–ভূৰু বাহিৰলৈ ওলাই আহিছিল আৰু গাৰ মাংস দূৰত চিটিকি পৰিছিল ৷ মৃত্যুৰ সময়ত পানী খাব বিচাৰিছিল মনোজৰ পিতৃ–মাতৃয়ে ৷ সেই কথা শুনি ভয়তে পেপুৱা হৈ ঘৰৰ ভিতৰত থকা মনোজ ৰাভাৰ খুৰাক গোধীৰ বাণ্ঠো আৰু তেওঁৰ পত্নীয়ে শুনিছিল ৷ নিজৰ ককায়েক আৰু বৌয়েকে মৃত্যুৰ আগমুহূর্তত পানী খাব বিচৰাত মনে নামানিলে তেওঁলোকৰ৷ সেয়ে মৃত্যু ভয়কো পিছ পেলাই বাৰীৰ সীমাত বাস কৰা গোধীৰ বাণ্ঠো আৰু পত্নীয়ে পানী দিবলৈ ওলাই গৈছিল ৷ কিন্তু নিজৰ বাৰী সীমা অতিক্রমি ধনেশ্বৰ ৰাভাৰ ঘৰলৈ যাব নোৱাৰিলে তেওঁলোক৷ ঘাতকে তেওঁলোকৰ ফালে গুলীচালনা কৰাত পুনৰ ঘৰত সোমাবলগীয়া হয়৷ সেই ভয়াৱহ নিশাৰ যন্ত্রণাকাতৰ বর্ণনা দি কয়– মনোজৰ আত্মসমর্পণে এটা অধ্যায়ৰ যৱনিকা পেলালে৷ বেলপাৰা গাঁও মানেই এসময়ত যেন সেনা–আৰক্ষীৰ আতংকই বিৰাজ কৰিছিল ৷ এতিয়া সেই গাঁৱৰ বাসিন্দাই দৃষ্টি ৰাজখোৱা ঘৰলৈ উভতি অহা কার্যক আদৰণি জনাইছে ৷ মনোজ ৰাভাৰ সহপাঠীৰ পৰা শিক্ষাগুৰুলৈ সুখী হৈ পৰা পৰিলক্ষিত হৈছে ৷ কালি মনোজ ৰাভাই আত্মসমর্পণ কৰা খবৰে আনন্দিত কৰিছে ৰংজুলিবাসীকো ৷

You might also like