✅হ্ৰাস পালে দিখৌৰ বাঢ়নী পানী
✅বাঢ়নী পানীৰ পলসে সৃষ্টি কৰিছে অৱৰ্ণনীয় পৰিৱেশৰ
✅মথাউৰি-ৰাজ আলিত তম্বুৰ তলত চৰকাৰী সাহায্যৰে বন্যাৰ্তৰ উজাগৰী নিশা
✅এফালে হেৰুওৱাৰ বেদনা- আনফালে জীয়াই থকাৰ হেঁপাহেৰে অন্তহীন যাত্ৰা
নিয়মীয়া বাৰ্তা, ১৮ জুলাই : দিখৰ প্ৰলয়ংকৰী বানত সৰ্বস্ৰান্ত হোৱা পৰিয়ালৰ মাজত আৰম্ভ হৈছে দুৰ্দশাৰ এক নতুন যাত্ৰা ৷ মাত্ৰ ৪৮ ঘন্টাৰ ভিতৰতেই ৰূদ্ৰ ৰূপ ধাৰণ কৰা দিখৌৰ বলীয়া বানৰ সংহাৰী ৰূপ আজি পুৱতি নিশাৰ পৰা স্তিমিত হল যদিও বন্যাৰ্তৰ মাজত আৰম্ভ হল এক হাহাকাৰময় পৰিৱেশৰ ৷ পুৱতি নিশাৰ পৰা দ্ৰুত গতিত দিখৌ নদীৰ পানী বিপদ সীমাৰ তললৈ নামি অহাৰ পিছতেই সপোনৰ লঠঙা আপোন ঘৰখনে এতিয়া কন্দুৱাইছে সহস্ৰাধিক পৰিয়ালক ৷ বিগত এটা দশকৰ ভিতৰত দিশৌ নদীৰ সৰ্ববৃহত জলপ্ৰলয় হিচাবে পৰিচিত এইবাৰ বলীয়া বানে বন্যাৰ্তৰ মাজত আতংকৰ সৃষ্টি কৰা মূল কাৰণটোৱেই হৈছে পলস ৷ গাঢ় ঘোলা দিখৌৰ বলীয়া বানে কঢ়িয়াই অনা পলসে সৰ্বাধিক ক্ষতিগ্ৰস্থ কৰিছে বন্যাতৰ বাসগৃহসমুহ ৷ উল্লেখ্য যে, দেওঁবাৰৰ পুৱতি নিশাৰ পৰা আৰম্ভ হোৱা দিখৌ নদীৰ বলীয়া বানত প্ৰায় পঞ্চলিশ খনৰ পঞ্চাশ হাজাৰ লোক ক্ষতিগ্ৰস্থ হৈছে ৷ শিৱসাগৰ জিলা প্ৰশাসনে শিৱসাগৰ ৰাজহ চক্ৰৰ অধীনত বন্যাৰ্তৰ সুবিধাৰ বাবে ৬টাকৈ আশ্ৰয় শিবিৰ মুকলি কৰি বন্যাতক পৰ্য্যাশ অত্যাৱশ্যকীয় সেৱা সমুহ উপলদ্ধ কৰোৱাইছে ৷একে সময়তে সেৰেঙা বসতি পুৰ্ণ বহু স্থানৰ ৰাইজে আশ্ৰয় শিবিৰৰ পৰিৱৰ্তে নিকটৱৰ্তী ওখ স্থান অথবা মঠাউৰিৰ ওপৰত টিৰ্পাল তৰি নৈশ যাপন কৰিছে ৷জিলা প্ৰশাসনৰ তৰফৰ পৰা কালি নিশাৰ ভাগলৈ স্থানীয় গাও প্ৰধানৰ যোগেদি মঠাউৰিৰ ওপৰত আশ্ৰয় লোৱা পৰিয়াল সমুহক টিৰ্পাল যোগান ধৰিছে ৷ইয়াৰোপৰি গাও প্ৰধান, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীৰ উপস্থিতিত আজি পুৱাৰে পৰা প্ৰতিটো অঞ্চলৰ প্ৰতিটো আক্ৰান্ত পৰিয়ালক চাউল, দাইল আৰু নিমখৰ যোগান ধৰিছে ৷আনহাতে পানী বিপদ সীমাৰ তললৈ হ্ৰাস পোৱাৰ পিছতেই আক্ৰান্ত পৰিয়ালৰ বাস গৃহ সমুহত অৱৰ্ণনীয় অৱস্থাৰ সৃষ্টি হৈছে ৷প্ৰতিটো ঘৰতেই এফুট পৰ্য্যন্ত পলসৰ চামনিয়ে আৱৰি ধৰাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷অসম আৰ্হিৰ পকী ঘৰ, মজিয়া সমুহ তললৈ বহি যোৱাৰ বিপৰীতে বাঁহৰ ঘৰ সমুহৰ বেৰ সমুহ ক্ষতি গ্ৰস্থ হোৱাৰ লগতে মজিয়া সমুহ সম্পুৰ্ণৰূপে পলসে ঢ়াকি পেলাইছে ৷আনহাতে কৃৰ্ষি পথাৰ, মাছ পোহা পুখুৰীৰ লগতে বিশুদ্ধ পানী সংগ্ৰহ কৰা উৎস সমুহ বাঢ়নী পানীয়ে অপৰিস্কাৰ কৰাৰ ফলত অন্য এক সমষ্যাই দেখা দিছে ৷গৰু, ছাগলীৰ বাবে ঘাঁহৰ যথেষ্ট সমষ্যা হোৱাৰ লগতে নিত্য নৈমত্তিক কাৰ্য্যত ব্যৱহৃত বিশুদ্ধ খোৱা পানীৰ সৰ্বাধিক সমষ্যা পৰিলক্ষিত হৈছে ৷আনহাতে আজি পুঁৱাৰে পৰা আৰম্ভ হোৱা প্ৰখৰ ৰ’দৰ ফলত ধংস হোৱা বাস গৃহ সমুহৰ বোকা, পলস, জাবৰ জোঠৰ মিহলি পৰিৱেশৰ পৰা আন অৱৰ্ণনীয় অৱস্থাৰ সৃষ্টি হৈছে ৷দুৰ্ভগীয়া পৰিয়াল সমুহে হাতে কামে লাগি বাস গৃহ ব্যৱহাৰৰ উপযোগী কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে ৷ কিন্তু দিখৌৰ বলীয়া বানে কৰা ক্ষতি পুৰণৰ বাবে যথেষ্ট সময় আৰু অৰ্থৰ প্ৰয়োজন হোৱাতো স্পষ্ট হৈ পৰিছে ৷কিন্তু এই মুহুত্বত পৰৱৰ্তী পৰিৱেশৰ পৰা সৃষ্টি হব পৰা ৰোগ প্ৰতিৰোধৰ বাবে ফেনাইল, ব্লিছিং পাউদাৰ জাতীয় সামগ্ৰী অত্যন্ত প্ৰয়োজন বুলি বন্যাতই সংবাদিকক জানিবলৈ দিয়াৰ লগতে চৰকাৰ প্ৰশাসনৰ প্ৰতি এনে সামগ্ৰী যোগান ধৰিবলৈ আহব্বান জনাইছে ৷ইয়াৰ মাজতেই জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদবৰ লগতে ৰাজহ চক্ৰ বিষয়া সমজ্জুল বৰাৰ ওপৰিও শীৰ্ষ প্ৰশাসনিক বিষয়াই বন্যাতৰ মাজত উপস্থিত হৈ সমষ্যাৰ বুজ লোৱাৰ লগতে চিকিৎসা বিভাগৰ দলে বন্যাতৰ স্বাস্থ্যৰ বুজ লৈছে ৷অৱশ্যে দিখৌৰ পানী বিপদ সীমাৰ তললৈ নামিলেও নতুন বিপদক লৈ এতিয়া সন্দিহান বন্যাত্ব ৷কাৰণ এফালে হেৰুৱাৰ বেদনা আন ফালে জীয়াই থকাৰ আহব্বানত অন্তহীন এক নতুন যাত্ৰা ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান