পেৰিছ অলিম্পিকৰ পিছতহে আমি লাভলীনাৰ বিয়াৰ কথা ভাবিম
নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক লাভ কৰা অসম কন্যা লাভলীনা বৰগোহাঁইক বৃহস্পতিবাৰে অসম চৰকাৰ আৰু বিভিন্ন দল–সংগঠনে উষ্ম আদৰণি জনায়৷ অসমবাসীৰ মৰম আৰু সঁহাৰিৰ কথা কৈ আৱেগিক হৈ পৰে ভাৰত গৌৰৱ লাভলীনা বৰগোহাঁই৷ আনহাতে, টেলিভিছনৰ পর্দাত নিজ কন্যাক আৱেগিক হৈ পৰা দেখি মাক মামণি বৰগোহহায়ে চকুপানী ঢ়াকি ৰাখিব নোৱাৰি হুকহুকাই কান্দি উঠে৷ মাতৃ মামণি বৰগোহাঁয়ে কয় যে তেওঁ শাৰীৰিকভাৱে অসুস্থ নহ’লে আজিৰ এই বিৰল মুহূর্তত কন্যাৰ সৈতে থাকিলহেঁতেন৷ আজি এবছৰ নিজৰ নুমলীয়া কন্যাক এবাৰ স্পর্শ কৰিবলৈ নাই পোৱা বুলি কৈ আৱেগিক হৈ পৰে মাতৃ মামণি বৰগোহাঁয়ে৷ লাভলীনাৰ মাতৃয়ে কয়– ‘তাইৰ অলিম্পিক মেইন লক্ষ্য৷ অলিম্পিকৰ পাছতহে বিয়াৰ কথা৷ তাই গুৱাহাটীলৈ আহিলে তাইৰ লগত এই বিষয়ে কথা পাতিব লাগিব৷ লাভলীনাই মেৰীকমৰ দৰেই বিয়াৰ পাছতো খেলি যোৱাটো আমি বিচাৰোঁ৷’ লাভলীনাক কেৱল টিভি আৰু ম’বাইলৰ স্ক্রীনতহে দেখা পাইছে বুলি উল্লেখ কৰি মাতৃ মামণিয়ে কয় যে লাভলীনা এতিয়া কেৱল তেওঁৰে ছোৱালী নহয়, সমগ্র দেশৰে কন্যা৷
উল্লেখ্য যে মামণি বৰগোহাঁই বৃক্ক ৰোগত আক্রান্ত হৈ যোৱা ১৬ ফেব্রুৱাৰীত কলকাতাত বৃক্কৰ অস্ত্রোপচাৰ কৰাবলগীয়া হয়৷ উল্লেখ্য যে সেই সময়তে লাভলীনা বৰগোহঁায়ে মাকক দেখা কৰিবৰ বাবে এদিনৰ বাবে কলকাতাত উপস্থিত হয় যদিও মাতৃ আই চি ইউত ভর্তি হৈ থকা বাবে বাহিৰে বাহিৰে দেখা কৰি উভতিবলগীয়া হয় লাভলীনা৷ এষাৰ মাত দিবও নোৱৰিলে নিজ ৰুগীয়া মাতৃক৷ ইফালে লাভলীনা অসমত উপস্থিত হোৱাৰ লগতে অহা ১৭ আগষ্টত বাৰমুখীয়াস্থিত নিজা বাসগৃহত উপস্থিত হ’ব৷ বৰপথাৰৰ সৰুজীয়ৰী লাভলীনালৈ উৎসুকতা বাঢ়িছে এতিয়া বাৰমুখীয়া গাঁওবাসীৰ মাজত৷ সমগ্র গাঁওখনতেই এতিয়া উথপথপ পৰিৱেশে বিৰাজ কৰিছে৷ বিহু গাই আনন্দত মতলীয়া হৈছে গাঁওবাসী৷ সীমাহীন আনন্দৰ মাজত নিজ গৃহলৈ আদৰাৰ প্রস্তুতি চলাইছে গাঁওবাসীয়ে৷ পোৰা গাহৰি মাংস খাই ভাল পোৱা লাভলীনাক খুৱাবৰ বাবে সাজু কৰি ৰাখিছে লাভলীনাৰ দুই জ্যেষ্ঠ যমজ ভগ্ণী লীছা আৰু লীমাই৷ লীছা আৰু লীমাই তেওঁলোকৰ কনিষ্ঠ ভগ্ণী লাভলীনাক লগ পাবৰ বাবে উদগ্রীৱ হৈ আছে বুলিও কয়৷