বিশেষ বার্তা, ৮ মে’ : কালি মাতৃৰ বিয়োগ, যুদ্ধলৈ যাবলৈ সাজু জোৱান কুলেন গগৈ।নাহৰকটীয়াৰ এজন প্ৰাক্তন সেনা জোৱান। যিজনে NSG টো পেৰাছুট ৰেজিমেণ্টত কাম কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ শান্তি সেনাটো নিয়োজিত আছিল। এইজন ব্যক্তিলৈ যোৱা ৬ মে তাৰিখে তেওঁ পুনৰ যুদ্ধলৈ যাবলৈ সাজু নি বুলি ফোন আহিছিল। কিন্তু দুখৰ কথা যে কালি তেওঁৰ জন্মদাত্ৰী মাতৃৰ বিয়োগ ঘটিল।
কিন্তু ইয়াৰ পিছতো তেওঁ সম্পূৰ্ণ সাজু হৈ উঠিছে তেওঁক যেতিয়াই সেনাবাহিনীৰ তৰফৰ পৰা যেতিয়াই যিকোনো স্থানলৈ যাবলৈ নিৰ্দেশ দিয়ে উক্ত স্থানলৈ যাবলৈ। আনকি তেওঁৰ পত্নীয়েও কলে দেশৰ পত্নী আৰু সন্তান সকলৰ সুৰক্ষাৰ ভাবে তেওঁলোকৰ পৰিয়ালৰ এই শোকৰ সময়তো স্বামীক হাঁহি মুখে উলিয়াই দিব যুদ্ধক্ষেত্ৰলৈ।
হয় দেশৰ চৌদিশে এতিয়া বাজিছে যুদ্ধৰ ধ্বনি। যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পেহালগামত আক্ৰমণ চলাই পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে ২৮ জনকৈ নিৰীহ পৰ্য্যটকক হত্যা কৰাৰ পিছতেই উথলি উঠিছে প্ৰতিজন ভাৰতীয়ৰ তেজ। ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে কালি পুৱতি নিশা ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানৰ বিভিন্ন অঞ্চলত থকা ৮৯ টাকৈ উগ্ৰপন্থীৰ ঘাটিত দূৰ নিয়ন্ত্ৰিত বোমাবৰ্ষণ কৰি শতাধিক সন্ত্ৰাসবাদীক হত্যা কৰে যদিও এতিয়াও প্ৰতিজন ভাৰতীয়ই বিচাৰে পাকিস্তানত থকা অন্তিমটো সন্ত্ৰাসবাদী সংগঠন ধূলিসাত হৈ যাওঁক।
ইয়াৰ মাজতে নাহৰকটীয়াৰ এজন প্ৰাক্তন সেনা কৰ্মচাৰীৰ মন্তব্যই ৰাজ্যখনতে ব্যাপক চৰ্চা লাভ কৰাৰ লগতে সেনা বাহিনীৰ প্ৰাক্তন লোক সকলৰ যে এতিয়াও দেশখনৰ প্ৰতি কিমান ভালপোৱা আৰু শ্ৰদ্ধা আছে তাকে প্ৰতীয়মান কৰিছে বুলি সৰ্বত্ৰ আলোচনা চলিছে। এই গৰাকী সেনা জোৱান হল নাহৰকটীয়াৰ জয়পুৰ থানাৰ অন্তৰ্গত আলিছিগা গাঁৱৰ নিবাসী কুলেন গগৈ। উল্লেখযোগ্য যে ১৯৮৭ চনত ৪ ই এম ই ত যোগদান কৰি নিজৰ পাৰদৰ্শিতাৰ ফলত এন এছ জিৰ পেৰা ত্ৰুপাৰ আৰু ৰাষ্ট্ৰসংঘৰ শান্তি সেনা ৰূপে বিদেশটো কৰ্মনিৰ্বাহ কৰিবলৈ সক্ষম হোৱা ব্যক্তিজনে সন্ত্ৰাসবাদীৰ সৈতে যুজঁ কৰিছিল অক্ষৰধাম মন্দিৰ আক্ৰমণৰ সময়তো। আনকি তেওঁ বাৰ্তালাপ কৰিবলৈ সক্ষম হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰ মিছাইল মেন ৰূপে পৰিচিত প্ৰয়াত এ পি জে আব্দুল কালামৰ সৈতেও।
মনকৰিবলগীয়া যে ২০০৭ চনত ভাৰতীয় সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰা কুলেন গগৈলৈ পৰশি অৰ্থাৎ ৬ মেৰ সন্ধিয়া সেনাবাহিনীৰ তৰফৰ পৰা এটা ফোন আহিছিল যে “তেওঁ পাকিস্তানৰ বিৰুদ্ধে সংঘটিত হবলগীয়া সম্ভাব্য যুদ্ধলৈ যাবলৈ প্ৰস্তুত আছে নেকি” । উক্ত ফোনৰ প্ৰত্যুত্তৰত তেওঁ যিকোনো মুহূৰ্ততে যাবলৈ প্ৰস্তুত বুলি সেনা বাহিনীক জানিবলৈ দিয়ে। কিন্তু দুৰ্ভাগ্যৰ কথা যে কালি দুপৰীয়াৰ ভাগত হঠাতে বিয়োগ ঘটে তেওঁৰ জন্মদাত্ৰী মাতৃৰ। কিন্তু আশ্বৰ্যকৰ কথা যে মাতৃ বিয়োগৰ দৰে এক অতি দুখৰ সময়তো তেওঁ নিজৰ কৰ্তব্য নাপাহৰি সম্পূৰ্ণ ৰূপে সাজু হৈ আছে যুদ্ধলৈ যাবলৈ। আজি তেওঁৰ বাসগৃহত নিয়মীয়া বাৰ্তাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে যদিও তেওঁৰ মাতৃৰ বিয়োগ ঘটাত তেওঁ কষ্ট পাইছে কিন্তু তেওঁ তাতোকৈও বেছি কষ্ট পাইছে দেশ মাতৃৰ অসুখৰ বাবে।
তেওঁ কয় যে যেতিয়া দেশ মাতৃৰ অসুখ হয়, তেতিয়া কোনো সন্তানেই ঘৰত হাত সাৱটি বহি থাকিব নোৱাৰে গতিকে তেওঁয়ো ভাৰতীয় সেনাই যেতিয়াই দেশৰ যিকোনো প্ৰান্তলৈ মাতি পঠাই যুদ্ধ কৰিবলৈ আদেশ দিয়ে তালৈকে যাবলৈ শাৰীৰিক আৰু মানসিক ভাৱে সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে। নিজৰ বক্তব্যত কুলেন গগৈয়ে ১৯৮৭ চনৰ পৰা এতিয়ালৈকে ভাৰতীয় চৰকাৰৰ দৰমহা তথা পেঞ্চন লাভ কৰি আহিছে গতিকে এতিয়া ইয়াৰ প্ৰতিদান দিয়াৰ সোণালী সুযোগ আহিছে বুলি প্ৰকাশ কৰি ভাৰতে পাকিস্তানক পৃথিৱীৰ মানচিত্ৰৰ পৰা সম্পূৰ্ণ ৰূপে মুচি পেলাবলৈ মাত্ৰ এসপ্তাহ সময়ৰ প্ৰয়োজন হব বুলি জানিবলৈ দিয়ে। আনহাতে পৰিয়ালটোৰ ইমান দুখৰ মুহূৰ্ততো নিজৰ স্বামীক হাঁহি মুখেৰে যুদ্ধলৈ উলিয়াই পঠাবলৈ সাজু আছে বুলি অৱগত কৰিছে কুলেন গগৈৰ পত্নী সোণালী তন্তবাই গগৈয়ে।
পত্নী গৰাকীয়ে প্ৰকাশ কৰা মতে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে যিদৰে ২৮ গৰাকী ভাৰতীয় নাৰীৰ সেন্দুৰ মুচিলে, তাৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে ভৱিষ্যত দিনত ভাৰতীয় নাৰী আৰু সন্তানৰ সুৰক্ষা দিয়াৰ বাবেই তেওঁ হাঁহি মুখে নিজ স্বামীক যুদ্ধক্ষেত্ৰলৈ উলিয়াই পঠাবলৈ প্ৰস্তুত আছে। প্ৰণিধানযোগ্য যে মাতৃ বিয়োগৰ দৰে পৃথিৱীৰ আটাইতকৈ দুখৰ মুহূৰ্ততো প্ৰাক্তন সেনা কুলেন গগৈ আৰু তেওঁৰ পত্নীৰ এনে মানসিকতাই যে যোগে যোগে প্ৰতিজন ভাৰতবাসীকে উদ্ধৃত কৰি ৰাখিব আৰু ভাৰতৰ বিৰুদ্ধে পদক্ষেপ লোৱা প্ৰতিখন ৰাষ্ট্ৰ তথা সন্ত্ৰসবাদী সংগঠনকে সমূলঞ্চে ধ্বংস কৰিবলৈ সক্ষম হব বুলি জনসাধাৰণৰ মাজত আলোচনা চলিছে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা