নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগিয়া শংকৰদেৱ শিশু নিকেতনৰ উচ্চতৰ মাধ্যমিক শাখাৰ শুভ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৩ মে’ : আগিয়া শংকৰদেৱ শিশু  নিকেতনৰ আজি উচ্চতৰ মাধ্যমিক শাখাৰ শুভ উদ্বোধন কৰা হয়। উল্লেখ্য যে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুযায়ী  অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ৰাজ্যখনৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰ্য্যায় অটুট ৰাখিবলৈ হ’লে নতুন শিক্ষা নীতিয়ে  উচ্চতৰ শ্ৰেণী সংযোজন কৰাটো বাধ্যতামূলক হিচাপে এক নিৰ্দেশনা জাৰি কৰে । সেই মতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অন্তৰ্গত অসম শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত গোৱালপাৰা জিলাৰ আগিয়া শংকৰদেৱ শিশু  নিকেতনে আজি দিনৰ ১০ বজাত আনুষ্ঠানিকভাৱে উচ্চতৰ শ্ৰেণীৰ শুভ উদ্বোধন কৰে। বালিজানা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰিয়ংকা চাহুৱে প্ৰথমে নাৰিকল ভাঙি তাৰ পিছত ৰঙা ফিতা কাটি উচ্চতৰ শ্ৰেণীৰ শুভ উদ্ধোধন কৰে। উন্মোচন কৰি দিয়া ভাষণত খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনোৱাৰ লগতে সময়ৰ সদ্ব্যৱহাৰ কৰি নিজকে সু-নাগৰিক হিচাপে গঢ়ি তুলি জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ পৰামৰ্শ আগবঢ়ায়। এই ক্ষেত্ৰত নিকেতনৰ আচাৰ্য-আচাৰ্যাসকলকো নিজৰ দায়িত্ব পালনত অৱহেলা নকৰিবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে জ্যেষ্ঠ নাগৰিক পদুম্য দাসে বন্তি প্ৰজ্জ্বলন কৰি অনুষ্ঠানৰ পাতনি মেলে। নিকেতনৰ প্ৰধান আচাৰ্য তীৰ্থলোচন নাথে জানিবলৈ দিয়া মতে, বিজ্ঞান আৰু বাণিজ্য শাখাৰ সেৱাৰ অনুমতি লাভ কৰিলেও প্ৰথম বছৰৰ বাবে অকল কলা শাখাৰ একাদশ শ্ৰেণীহে মুকলি কৰা হয় । পৰিচালনা সমিতিৰ সভাপতি জিতেন শৰ্মাই জানিবলৈ দিয়ে যে প্ৰথম বছৰত নিকেতনখনে অসমীয়া, ইংৰাজী, গণিত, ৰাজনীতি, অৰ্থনীতি, ঐচ্ছিক অসমীয়া, শিক্ষা আদি বিষয়কেইটাক লৈ পাঠদান আৰাম্ভ কৰা হ’ব। উন্মোচনী সভাত উপস্থিত থাকে  উপ-সভাপতি বিপুল নাথ, প্ৰাক্তন সভাপতিদ্বয় জয় চন্দ্ৰ নাথ আৰু হেমেন ৰায়, সমিতিৰ সদস্যা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হিৰণপ্ৰভা দেৱী,  বিশিষ্ট কবি ৰাধেশ্যাম নাথ, সদস্য নন্দ কুমাৰ দাসকে ধৰি নিকেতনৰ আচাৰ্য-আচাৰ্যা, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল।

প্ৰেৰক লক্ষ্মণ কুমাৰ নাথ

You might also like