নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাবুৱা-লাহোৱাল সমষ্টিৰ অগপ কাৰ্যালয় উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

🎯পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ অগপত যোগদান 

🎯 ভূপেন বৰাই সপোন দেখিয়েই থাকিব : অতুল বৰা

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : ৰাজ্যৰ প্ৰধান ৰাজনৈতিক দল অসম গণ পৰিষদৰ চাবুৱাত এটি কাৰ্যালয় মুকলি কৰা হয়। চাবুৱা-লাহোৱাল সমষ্টিকেন্দ্ৰিক দলটোৰ কাৰ্যালয়টি আজি কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰাই শুভ উদ্বোধন কৰে। উদ্বোধন কৰাৰ পূৰ্বে বৰাই অসম জাতীয় শ্বহীদৰ স্মাৰকত ধুপ-ধূনা চাকি আগবঢ়াই ৰঙা ফিতা কাটে। ইয়াৰোপৰি তিনিচুকীয়াৰ দিনৰ পৰা মন্ত্ৰী তথা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এক মটৰচাইকেল ৰেলী কৰি চাবুৱালৈ আহে। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা অসম গণ পৰিষদৰ কৰ্মকৰ্তাৰ উপস্থিতিত কাৰ্যালয়টো উদ্বোধন কৰি সভাপতি অতুল বৰা অভিভূত হয় বুলি ভাষ্যত প্ৰকাশ কৰে। চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ বাবে অসম গণ পৰিষদৰ বহুদিনীয়া এক অভাৱ দূৰ হোৱাৰ ক্ষেত্ৰত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ পদক্ষেপ সভাপতিগৰাকীয়ে আদৰণি জনাই প্ৰশংসা কৰি কয়- দলৰ কৰ্মকৰ্তা সকলৰ স্থায়ী ঠিকানা হ’ল কাৰ্যালয়টো। আঞ্চলিককতাবাদৰ প্ৰতি বিশ্বাসী ৰাইজ আৰু অসম গণ পৰিষদৰ শুভাকাংক্ষীৰ প্ৰচেষ্টাত গঢ়ি উঠা কাৰ্যালয়টোৰ বাবে বিধায়ক বৰুৱা আৰু চাবুৱাৰ স্থানীয় কৰ্মকৰ্তা সকলক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী বৰাই। চলিত নিৰ্বাচন, সন্মুখত ব’হাগ, মানুহৰ মন প্ৰাণ কুলি কেতেকীৰ মাতত প্ৰফুল্লিত হৈ থকাৰ সময়তে কাৰ্যালয়টো পৰিবেশ দেখি আনন্দিত হোৱাৰ কথাও ব্যক্ত কৰা পৰিলক্ষিত হয় সভাপতি বৰাৰ মুখত। নিৰ্বাচনৰ বাবে এই কাৰ্যালয়টোৰ পৰাই মিত্ৰ জোঁটৰ প্ৰাৰ্থী গৰাকীৰ কৰিবলগীয়া কামসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলিও কয় সভাপতিগৰাকীয়ে। ১৯৮৫ চনৰ আন্দোলনত বহুতো উত্তৰণ আৰু বিপৰ্যয়ৰ পিছত দলটোক আজিৰ দিনত নতুনকৈ সজাবলৈ প্ৰয়াস কৰাৰ লগতে দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট আৰু বিশ্বাস ৰাখি বহু শিক্ষিত যুৱক যুৱতী অগপত যোগদান কৰিছে। তাৰ বাবে আমি আশাবাদী বুলি প্ৰকাশ কৰি কংগ্ৰেছক বাক্যবানেৰে আক্ৰমণ কৰা পৰিলক্ষিত হয় সভাপতিগৰাকীৰ ভাষ্যত। ভূপেন বৰাই বহু সপোন দেখে আৰু সপোন দেখিয়েই থাকিব। নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰততো সভাপতি গৰাকীয়ে দলীয় মত প্ৰকাশ কৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত। “আমি জনসাধাৰণৰ মত লৈছোঁ আৰু জনসাধাৰণৰ মতামতৰ ভিত্তিত পৰিচালিত হৈছোঁ। কা সম্পৰ্কত মহামান্য উচ্চতম ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ আছে আৰু উচ্চতম ন্যায়ালৰ ৰায়ক সকলোৱে মানি ল’ব”- বুলি সভাপতিগৰাকীয়ে আওপকীয়াকৈ প্ৰকাশ কৰা দেখা যায়। উক্ত উদ্বোধনী অনুষ্ঠানতে আনুষ্ঠানিকভাৱে আলফা (স্বা) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ তথা মটক স্বায়ত্বশাসিত পৰিষদৰ সদস্য বিমল বৰুৱাই অসম গণ পৰিষদত যোগদান কৰে। পোনাকণ বৰুৱাৰ আহ্বানত বিমল বৰুৱাই নিজৰ আদৰ্শৰাজী আৰু আঞ্চলিককতাবাদৰ প্ৰতি বিশ্বাসী হোৱাৰ বাবে দলটোত যোগদান কৰা বুলি প্ৰকাশ কৰে। মটক স্বায়ত্বশাসিত পৰিষদৰ প্ৰায় সকলো সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলেও পূৰ্বৰ পৰাই আঞ্চলিকতা বাদত বিশ্বাস ৰাখি আহিছিল বৰুৱাই আৰু আজি তাক নিজৰ ইচ্ছামতে অগপত যোগদান কৰি আত্মপ্ৰকাশ কৰা বুলি কয়। অগপৰ ঐক্য শান্তি প্ৰগতিৰ মূলমন্ত্ৰৰে আগন্তুক দিনত একত্ৰিতভাৱে ৰাজ্যৰ শান্তিৰ বাবে কাম কৰি যাবলৈ আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰা বিমল বৰুৱাই আগন্তুক দিনত আলফা সমস্যাটো সমাধানৰ বাবে দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতেও আলোচনা কৰিব বুলি কয়।

প্ৰেৰক দিব্যজ্যোতি লাহন

You might also like