নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত লোকসভাৰ ৰণশিঙা অসম গণ পৰিষদৰ

নিয়মীয়া বাৰ্তা,  ৭ জানুৱাৰীঃ সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এটা সময়ত আঞ্চলিকতাবাদৰ অভেদ্য দুৰ্গ হিচাপে খ্যাত পাটাছাৰকুছি সমষ্টিৰ পৰা দলটোৰ হৃত গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ সংকল্পৰে আজি পাঠশালাত অনুষ্ঠিত হয় দলটোৰ এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। বিগত লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ আৰৰ কাৰকসমুহ আলোচনা কৰি আগন্তুক লোকসভা নিৰ্বাচনত যাতে দলটোৱে বৰপেটা লোকসভা সমষ্টিটো যিকোনো প্ৰকাৰে কুক্ষিগত কৰিব পাৰে তাৰ ৰণকৌশল আগতীয়াকৈ প্ৰস্তুত কৰাৰ বাবে লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা সমষ্টিৰ বিধান পৰিষদৰ নেতা কৰ্মীক লৈ এই গুৰুত্বপূৰ্ণ সভাখন অনুষ্ঠিত কৰে। পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিৰ প্ৰাংগণত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকে দলটোৰ সভাপতি তথা জেষ্ঠ মন্ত্ৰী অতুল বৰা, জেষ্ঠ নেতা ফনীভুষন চৌধুৰী, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, ভূপেন ৰয়, গুনীণ দাস, ড৹ ৰণজিৎ ডেকা আদিকে ধৰি প্ৰায়বোৰ নেতা কৰ্মী। দলটোৰ উপ সভাপতি ড৹ ৰণজিৎ ডেকাৰ তৎপৰতাত অনুষ্ঠিত এই সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৰাজ্যত বিজেপি অগপৰ মিত্ৰতা আছে যদিও বৰপেটা লোকসভা সমষ্টিৰ ভোটৰ বিন্নাসলৈ লক্ষ্য ৰাখি এইবাৰ সমষ্টিটো বিজেপি দলে অসম গন পৰিষদ দলক এৰি দিব বুলি দলটো যথেষ্ট আশাবাদী। যাৰ বাবে দীৰ্ঘদিনৰ পৰা দলটোৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা বিগত বিধান সভা নিৰ্বাচনত ভবানীপূৰ সমষ্টিৰ পৰা প্ৰতিদন্দ্বিতা কৰি ৫৩ হাজাৰ ভোট লাভ কৰিও মাত্ৰ কেইটামান ভোটৰ ব্যৱধানত পৰাজিত হোৱা ড৹ ৰণজিৎ ডেকাই সমষ্টিৰ চুকে কোনে সোমাই দলটোৰ হৃত গৌৰব উদ্বাৰ কৰাৰ লগতে দলটোৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰিবলৈ দিন ৰাতি একাকাৰ কৰা পৰিলক্ষিত হৈছে।সমষ্টিটোৰ সকলো বিধান সভা সমষ্টিৰ নেতা কৰ্মীৰ উৎসাহ দেখিলে এটা কথা অনুমান হয় যে নিশ্চিত ভাবে দলটোক এইবাৰ বিজেপি দলে এৰি দিব।অগপই বৰপেটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ সুবিধা লাভ কৰিলে দলটোৱে যদি নিকা ভাৱমুৰ্তিৰ প্ৰাৰ্থিক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেন্তে জয়ী হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। অৱশ্যে অগপ দলে এই আসনখনত প্ৰতিদ্বন্দিতাৰ সুবিধা লাভ কৰে নে নাই সেয়া সময়তহে দেখা যাব।

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like