নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড° শশীকান্ত শইকীয়া, উপ-সভাপতি বিভাস দুৱৰা, সম্পাদক ৰাতুল গোহাঁই নিৰ্বাচিত

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী: ঐতিসাহিক অসম সাহিত্য সভা প্ৰথম খন শাখা সাহিত্য সভা, ১২৮ বছৰ গৰকা ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড° শশীকান্ত শইকীয়া,উপ-সভাপতি বিভাস দুৱৰা, সম্পাদক ৰাতুল গোহাঁই,সহকাৰী সম্পাদক যাদৱ গগৈ দুবছৰীয়া কাৰ্যকালৰ( ‘২৩-‘২৫ বৰ্ষৰ) বাবে নিৰ্বাচিত হয়।ডিব্ৰুগড় সাহিত্য সভাৰ পূৰ্ণাংগ দ্বি-বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি আজি অন্তিমখন কাৰ্যনিবাহক সভা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়।পূৰ্বৰ সমিতিৰ কাৰ্যকাল অন্ত পৰাত এক সাধাৰণ সভাৰ জৰিয়তে বিষয়বাচনি সভাৰ আয়োজন কৰা হয়।বহু বৰেণ্য,গুণী,জ্ঞানী ব্যক্তিৰে সমৃদ্ধিশালী ডিব্ৰুগড় সাহিত্য সভাৰ এই বিষয় বাচনি সভাত প্ৰাক্তন সম্পাদক চন্দন ফুকনে পৌৰহিত্য কৰে।ডিব্ৰুগড় জিলা সাহিত্য সভাই পৰ্যবেক্ষকৰূপে নিয়োগ কৰা বিনা কোঁৱৰ বৰুৱাৰ উপস্থিতিত বিষয়বাচনি সভা সুচাৰুৰূপে সমাপন হয়।আনহাতেদি ডিব্ৰুগড় সাহিত্য সভাৰ পূৰ্ণাংগ দ্বি-বাৰ্ষিক অধিবেশন অহা ৮ জানুৱাৰীত সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হব।উক্ত পূৰ্ণাংগ দ্বি-বাৰ্ষিক অধিবেশনৰ কাৰ্যসূচী অনুযায়ী পুৱা ৮:৩০ বজাত সভাপতি ড° শশীকান্ত শইকীয়াই পতাকা উত্তোলন কৰাৰ পাছত বন্তি প্ৰজ্বলন উপ-সভাপতি বিভাস দুৱৰা আৰু সম্পাদক ৰাতুল গোহাঁইয়ে স্মৃতি তৰ্পণ কৰিব। পুৱা ১১ বজাত বিশিষ্ট লেখিকা,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড° কৰবী ডেকা হাজৰিকাই কবি সন্মিলনৰ সঞ্চালনা কৰিব।দিনৰ ১ বজাত, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড° শশীকান্ত শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰিব স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল মুখ্য অতিথিৰূপে উপস্থিত থকাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক উপ-পঞ্জীয়ক ড° বিনোদ বড়া মুখ্য বক্তাৰূপে উপস্থিত থকাৰ কথা।আনহাতেদি অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ডিব্ৰুগড় সাহিত্য সভাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব।অনুষ্ঠানত অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ডাঃ শান্তনু লহকৰ,ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ গগৈ,জিলা সাহিত্য সভাৰ সম্পাদক পৰমেশ্বৰ নলবৰীয়া উপস্থিত থকাৰ কথা।অধিবেশনত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে সাহিত্যিক পেঞ্চনাৰ তথা বশিষ্ট লেখিকা ড° ভাৰতী দত্তক ডিব্ৰুগড় সাহিত্য সভাই বিশেষভাবে সম্বৰ্ধনা জনাব।সেয়ে সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগ কামনা কৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like